1. News

বান আৰু বৰষুণত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ ৩,৫০১ কোটি টকা মুকলি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
EKNATH SHINDE, Chief Minister of Maharashtra
EKNATH SHINDE, Chief Minister of Maharashtra

শনিবাৰে মহাৰাষ্ট্ৰৰ এগৰাকী বিষয়াই জনোৱা মতে, বিগত তিনিমাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণ আৰু বানপানীত লোকচানৰ সন্মুখীন হোৱা কৃষকসকলৰ ক্ষতিপূৰণ হিচাপে মহাৰাষ্ট্ৰ চৰকাৰে ৩,৫০১ কোটি টকা অনুমোদন জনাইছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি অজলসিঞ্চিত শস্যৰ ক্ষতিৰ বাবে প্ৰতি হেক্টৰত ১৩,৬০০ টকা, জলসিঞ্চিত শস্যৰ বাবে প্ৰতি হেক্টৰত ২৭ হাজাৰ টকা আৰু বহুবৰ্ষজীৱী শস্যৰ বাবে প্ৰতি হেক্টৰত ৩৬ হাজাৰ টকাৰ ক্ষতিপূৰণ পাব কৃষকসকলে।

চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টৰ ভিতৰত ৰাজ্যখনৰ কিছু অংশত দেখা পোৱা বান আৰু প্ৰচণ্ড বৰষুণৰ ফলত কৃষকসকলে শস্যৰ ক্ষতিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰা হৈছে। মুখ্যমন্ত্রী একনাথ সিন্দে পূর্বে তেওঁৰ চৰকাৰে বানপীড়িত লোকৰ ক্ষতিপূৰণ বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছিল আৰু কেবিনেটেও এই প্রস্তাৱত অনুমোদন জনাইছিল৷

সেই অনুসৰি বৰষুণত আক্ৰান্ত কৃষকসকলে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ) আৰু ৰাজ্য চৰকাৰৰ বৰঙণিকে ধৰি ৩,৫০১ কোটি টকা লাভ কৰিব।

লগতে পঢ়ক- পাকিস্তানত বিদেশৰ পৰা আমদানিকৃত বিলাহীক লৈ স্থানীয় কৃষকৰ প্ৰতিবাদ

English Summary: Maharashtra Govt Sanctions Rs 3,501 Cr Relief For Rain-affected Farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.