1. News

পাকিস্তানত বিদেশৰ পৰা আমদানিকৃত বিলাহীক লৈ স্থানীয় কৃষকৰ প্ৰতিবাদ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
PAKISTAN FARMER PROTEST AGAINST IMPORTED TAMATO
PAKISTAN FARMER PROTEST AGAINST IMPORTED TAMATO

পাকিস্থানত বিদেশৰ পৰা আমদানিকৃত বিলাহীক লৈ থলুৱা কৃষকৰ প্ৰতিবাদ। ইৰাণ আৰু আফগানিস্তানৰ পৰা বিলাহীৰ আৰু অন্যান্য শাক-পাচলি আমদানি কৰাৰ বাবে স্থানীয় কৃষকসকল যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হৈছে বুলি অভিযোগ আনিছে কৃষকসকলে।

কিন্তু ইয়াৰ মাজতো প্ৰশাসনে কৃষকসকলৰ প্ৰতি গুৰুত্ব নিদি অব্যাহত ৰাখিছে বিলাহীৰ আমদানি। যাৰ পৰিপ্ৰেক্ষিতত মাংগোচাৰ চহৰত কেইবাজনো পামৰ মালিক আৰু খেতিয়কে গোট খাই কুৱেটা-কাৰাচী ৰাষ্ট্ৰীয় ঘাইপথত শিলগুটি আৰু বেৰিকেড লগাই বন্ধ কৰি দিয়ে যাতায়ত ।

প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীয়ে ইৰাণৰ পৰা আমদানি কৰা বিলাহীভৰ্তি এখন বাহন লুটপাত বা ৰাস্তাত টমেটোৰ বাকচ পেলাই তচনচ কৰা অভিযোগ আনিছে এজন চৰকাৰী বিষয়াই। প্ৰতিবাদকাৰীয়ে এই কাৰ্যক অস্বীকাৰ কৰিছে। লগতে যদি এনে ঘটনা প্ৰতিবাদকাৰী কৃষকৰ দ্বাৰা সংঘটিত হৈছে!

এনে কাৰ্য সংঘটিত কৰা প্ৰতিবাদী কৃষকসকলক গৰিহণা দিছে। এই সন্দৰ্ভত কৃষক সন্থাৰ প্ৰতিনিধি হাজী আব্দুল আজিজে কয় যে আমাৰ এই কাণ্ডৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই আৰু আমাৰ প্ৰতিবাদ শান্তিপূৰ্ণ আছিল।

লগতে পঢ়ক-  শস্যৰ অৱশিষ্ট জ্বলোৱা মেচিন ক্ৰয়ৰ বাবে পাঞ্জাৱৰ সহায়ৰ আহ্বানক প্ৰত্যাখান কেন্দ্ৰৰ

English Summary: PAKISTAN FARMERS TOMATO PROTEST

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.