1. News

অভিযন্ত্ৰাৰ কাৰ্যকলাপে বিপদত পেলাইছে কৃষকক

KJ Staff
KJ Staff
corruption in karbi anglong irrigation department
corruption in karbi anglong irrigation department

অভিযন্ত্ৰাৰ বাবে গাখীৰ দিয়া গাই লৈ পৰণিত  কাৰ্বি-আংলঙ স্বায়ত্ব পৰিষদৰ জলসিঞ্চন বিভাগৰ আঁচনিসমূহ। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙত বিভাগটোৰ অকর্মণ্য আৰু ধনলুভীয়া অভিযন্তাৰ বাবেই দুই কোটি টকীয়া নৱনিৰ্মিত পানী যোগান আঁচনি এখন প্রহসনলৈ পৰিণত হোৱাৰ উপক্ৰম হৈছে । উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটত ধার্য কৰা ২০২১ ২২ আৰু ২০২২-২৩ চনৰ এছ অ ’ পি ডি ধনৰ অধীনত হামৰেণ পৰিষদীয় সমষ্টিৰ ফাং হংথৰত নির্মিত বৃহৎ জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণৰ নামত কেলেংকাৰি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

পৰিষদৰ উক্ত সমষ্টিটোৰ জনপ্রতিনিধি তথা বিগত পৰিষদৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুঙে নিজৰ সমষ্টিত এই বৃহৎ আঁচনিখন অনুমোদন জনাইছিল । উক্ত অঞ্চলৰ পাহাৰৰ পৰা বৈ অহা কেইটামান সৰু সৰু জুৰিক কেন্দ্ৰ কৰি বিভাগটোৰ অভিযন্তাসকলে আঁচনিখন প্ৰস্তুত কৰিছিল । ইতিমধ্যে গাইড বান্ধ নির্মাণ সম্পূর্ণ হ’ল যদিও আঁচনিখনৰ জৰিয়তে নামমাত্র পানীও লাভ কৰা নাই স্থানীয় কৃষকে ।

পাহাৰত নিৰ্মাণ কৰা গাইড বান্ধটোৱে এতিয়া অঞ্চলটোৰ কৃষকৰ বাবে সমস্যা হৈ পৰিছে । কাৰণ , পূর্বে সেই জুৰিকেইটাৰ পানীৰে অঞ্চলটোৰ কৃষকসকলে খেতি - বাতি কৰি আহিছিল যদিও গাইড বান্ধটো নিৰ্মাণৰ পাছত পথাৰলৈ পানী অহাৰ কোনো পথ নথকাত কৃষকসকল এতিয়া বিমোৰত পৰিছে । জলসিঞ্চন আঁচনিখনৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা জনৈক তেৰাং , সহকাৰী অভিযন্তা বীৰেন্দ্ৰ ঠাকুৰ আৰু চালিম আহমেদৰ দুৰ্নীতি আৰু গাফিলতিৰ বাবেই আঁচনিখন এতিয়া প্ৰহসনত পৰিণত হোৱাৰ উপক্ৰম হৈছে ।

কেৱল ধন সৰকোৱাৰ বাবেই পাহাৰত আঁচনিখন গ্ৰহণ কৰি এতিয়া নলা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিমোৰত পৰিছে বিভাগটো । আঁচনিখনৰ গাইড বান্ধৰ পৰা নলা কোনফালে নিব , পানী ক’লৈ নিব তাক লৈ কোনো নিৰ্দিষ্ট পৰিকল্পনা নথকাত আঁচনিখন পৰিত্যক্ত হোৱাৰ দিশে গতি কৰাত স্থানীয় এম এ চি তথা পৰিষদৰ বৰ্তমানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে বিভাগটোৰ অভিযন্তাসকলক বদলিৰ নিৰ্দেশ জাৰি কৰিছে।

লগতে পঢ়ক- শস্যৰ অৱশিষ্ট জ্বলোৱা মেচিন ক্ৰয়ৰ বাবে পাঞ্জাৱৰ সহায়ৰ আহ্বানক প্ৰত্যাখান কেন্দ্ৰৰ

English Summary: corruption in karbi anglong irrigation department

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.