Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 October, 2022 12:38 PM IST
উশাহ লওঁতে কষ্ট হয় নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ব্যস্ততাৰে ভৰা জীৱনত আমি স্বাস্থ্যৰ চিন্তা কৰিবলৈ প্ৰায়ে পাহৰি যাওঁ। শিশুৰপৰা বৃদ্ধলৈ কামৰ হেঁচাই জুৰুলা কৰি ৰখা পৰিৱেশত স্বাস্থ্যক মানুহে গৌণ জ্ঞান কৰিবলৈ লৈছে। সময়ত খোৱা, সময়ত শোৱা এইবোৰ যেন সম্ভৱেই নহয় কাৰো বাবে! কিন্তু মানুহৰ ব্যস্ততাৰ সুবিধা লৈ গুৰুতৰ ৰোগে কেতিয়া শৰীৰত বাহ লয় সেয়া গমেই পোৱা নাযায়। ক’ভিড বিয়পি পৰাৰ পাছত স্বাস্থ্যজনিত সমস্যাবোৰ আৰু গুৰুতৰ হ’ল। ৰোগে বিচাৰ নকৰে শিশু কি বৃদ্ধ। মাথোঁ নিৰ্বিচাৰে সন্তৰ্পণে থিতাপি লয় দেহত। মাজুলীৰ ১৪ বছৰীয়া কণমানি শিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুৱে জোঁকাৰি গ’ল সকলোকে।

উৎসৱৰ মাজতে সকলোৰে বুকু বিদাৰি গ’ল অবাঞ্চিত খবৰটোৱে। তেজস্বিতাই কিয় ইমান কম বয়সতে মৃত্যুক সাবটিবলগীয়া হ’ল সেয়া এতিয়াও আমাৰ জানিবলৈ বাকী। কিন্তু এই ঘটনাৰপৰা আমি এটা শিক্ষা ল’ব নোৱাৰোঁনে? সততে আওকান কৰা স্বাস্থ্যজনিত বিষয়বোৰ আমি গুৰুত্বসহকাৰে ল’ব নোৱাৰোনে?

উশাহ লওঁতে কষ্ট পোৱাটো গুৰুতৰ অসুখৰ লক্ষণ হ’ব পাৰে। আপোনাৰ ক্ষেত্ৰতো যদি কেতিয়াবা এনে হৈছে তেন্তে শীঘ্ৰে চিকিৎসকৰ কাষ চাপক। প্ৰতি বছৰে লক্ষাধিক ৰোগ হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হয়। কিন্তু ইয়াৰ অধিকসংখ্যকৰে ৰোগ ধৰা নপৰে।হাওঁফাওঁৰ ৰোগৰ লক্ষণসমূহ এনেধৰণৰ হ’ব পাৰেঃ

কাহঃ

কাহ হাওঁফাওঁৰ ৰোগৰ অন্যতম লক্ষণ। দীৰ্ঘদিন ধৰি কাহ হৈ থাকিলে চিকিৎসকৰ কাষ চাপক। কাহৰ লগত যদি তেজ যোৱা দেখিছে তেন্তে অলপো পলম নকৰি পৰামৰ্শ লওক চিকিৎসকৰ।

ডিছপেনিয়াঃ

কোনো ৰোগৰ বাবে উশাহ চুটি হোৱাটোক ডিছপেনিয়া বোলা হয়। হৃদৰোগ, হাওঁফাওঁৰ ৰোগ আদিৰ ক্ষেত্ৰত উশাহ চুটি হোৱা দেখা যায়। এনে লক্ষণ দেখিলে চিকিৎসকৰ কাষ চাপক।

উশাহ লওঁতে শব্দঃ

উশাহ লওঁতে শব্দ হোৱা কাৰ্যক হুইজিং বোলা হয়। উশাহ লওঁতে বা নিশাহ এৰোঁতে বেছিকৈ শব্দ হ’লে ই হুইজিঙৰ লক্ষণ হ’ব পাৰে। শ্বাস নলীত অস্বাভাৱিক কোষৰ সৃষ্টি হোৱা, প্ৰদাহ হোৱা, অত্যাধিক খেকাৰ ওলোৱা, আৰু উশাহত বাহিৰা বস্তু শ্বাস নলীত সোমাই ইয়াৰ পথ সৰু কৰি পেলোৱাৰ বাবে এনে হ’ব পাৰে। এনে হুইজিং মৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে।

বুকুৰ বিষ:  বুকুৰ বিষ কেতিয়াবা সাধাৰণ কাৰণত হয়, কেতিয়াবা ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। প্ৰায়ে যদি আপোনাৰ এনে হয়, তেন্তে অকণো পলম নকৰাকৈ চিকিৎসকৰ কাষ চাপক।

হেম’টাইটিছঃ কাহৰ লগত তেজ গ’লে ই হেম’টাইটিছ ৰোগৰ লক্ষণ হ’ব পাৰে। কেতিয়াও ইয়াংক অৱজ্ঞা নকৰিব।

উখহা ৰোগঃ

হাত-ভৰি উখহি উঠাটো হাওঁফাওঁৰ ৰোগৰ লক্ষণ হ’ব পাৰে। হৃদৰোগৰ ক্ষেত্ৰতো এই লক্ষণে দেখা দিয়ে।

উশাহ বন্ধ হোৱা

উশাহ বন্ধ হোৱা তীব্ৰ আৰু দীৰ্ঘস্থায়ী উশাহ বন্ধ হোৱাটো হাওঁফাওঁৰ ৰোগৰ অতি গুৰুতৰ লক্ষণ। অতিপাত সংক্ৰমণ, হাওঁফাওঁৰ প্ৰদাহ, হূদস্পন্দন বন্ধ হোৱা আৰু গুৰুতৰ হাওঁফাওঁৰ ৰোগৰ বাবে তীব্ৰভাৱে উশাহ বন্ধ হব পাৰে।

হাওঁফাওঁৰ ৰোগ যে কেৱল বয়ষ্ক লোক ক্ষেত্ৰতহে হয় তেনে নহয়, কম বয়সীয়া ল’ৰা-ছোৱালীও এনে ৰোগত আক্ৰান্ত হ’ব পাৰে।

লগতে পঢ়কঃ স্বাস্থ্যৰ বাবে আটাইতকৈ উপযোগী ফল- আপেল নে কল?

English Summary: Lung disease symptoms
Published on: 07 October 2022, 12:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now