1. অন্যান্য

বিশ্ব বজাৰত বাঢ়িছে অসমৰ কেতবোৰ কৃষিজাত সামগ্ৰীৰ চাহিদা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বিশ্ব বজাৰত বাঢ়িছে অসমৰ কেতবোৰ কৃষিজাত সামগ্ৰীৰ চাহিদা
বিশ্ব বজাৰত বাঢ়িছে অসমৰ কেতবোৰ কৃষিজাত সামগ্ৰীৰ চাহিদা

বিদেশৰ পৰা বা বহিঃৰাজ্যৰ পৰাও খাদ্য - সামগ্ৰীৰ আমদানি এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু বহিঃৰাজ্যৰ ওপৰত অসম যে এতিয়া সম্পূৰ্ণৰূপে নিৰ্ভৰশীল নহয়। তাকে প্রমাণ কৰিছে উঠিপৰি লাগিছে একাংশ নৱপ্ৰজন্মৰ খেতিয়কে । এইসকল কৃষকৰ বাবেই অসমেও এতিয়া বহিঃৰাজ্যলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ জৈৱিক শস্য উৎপাদনেৰে বিগত সময়ছোৱাত ৰাজ্যখনে লাভ কৰা বিশেষ সফলতাৰ অংশস্বৰূপে শেহতীয়াকৈ বিদেশলৈ ৰপ্তানি হৈছে বিভিন্ন ফচল ।এই তালিকাত আছে ভোট জলকীয়া , নেমু , জহা চাউল , ক'লা চাউল , মুগা চাউল , আদা , ৰঙালাও , কঁঠাল , লিচু , হালধি , পাণ , বাচমতি চাউল ইত্যাদি ।

অসমৰ এই উৎপাদিত সামগ্ৰীয়ে ইতিমধ্যে ভূটান , মধ্যপ্রাচ্য , লণ্ডন আৰু ইউৰোপৰ বজাৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে । এই ধাৰা অব্যাহত ৰাখি শেহতীয়াকৈ অসমৰ জৈৱিক শস্যই এতিয়া স্থান লাভ কৰিবলৈ লৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতত ৷ ৰাজ্যখনৰ জৈৱিক শস্যৰ চাহিদা ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে বহিঃৰাজ্যত । শেহতীয়াকৈ বহিঃৰাজ্যলৈ ৰপ্তানি হ'ল অসমৰ জহা চাউল , ৰঙা চাউল , আনাৰস আৰু নেমু টেঙা । চলিত বৰ্ষটোতে কামাখ্যাৰ ৰে'ল ষ্টেচনৰ পৰাই দিল্লীলৈ প্ৰেৰণ কৰা হ'ল অসমৰ ২৫ মেট্রিকটনতকৈ অধিক খাদ্যশস্য ।

এই জৈৱিক ফচলসমূহ কামাখ্যা ৰে'ল ষ্টেচনৰ পৰা নৰ্থ - ইষ্ট এক্সপ্রেছেৰে দিল্লীৰ বজাৰলৈ প্ৰেৰণ কৰা হৈছে । পৰৱৰ্তী সময়ত দিল্লীৰ পৰাই চুবুৰীয়া আন আন ৰাজ্যলৈ এই উৎপাদিত সামগ্ৰীসমূহ প্ৰেৰণ কৰা হ'ব ৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ বাক্সা জিলাৰ নীলাচল কৃষি উৎপাদক কোম্পানীৰ জৰিয়তে যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হৈছিল ৬০০ কিলোগ্রাম নেমু । তেনেদৰে লণ্ডনলৈও প্ৰেৰণ কৰা হৈছিল অসমৰ নেমু । কাৰ্বি আংলঙৰ আদা আৰু আনাৰস ইতিমধ্যে ডুবাই আৰু লণ্ডনলৈ ৰপ্তানি কৰা হৈছে ।

কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ কর্তৃপক্ষ ( এ পি ই ডি এ ) ই প্ৰকাশ কৰা মতে বিদেশৰ লগতে দিল্লী , জয়পুৰ , চণ্ডীগড় , লক্ষ্ণৌ , বাংগালুৰু , ইন্দোৰ আদি চহৰত শেহতীয়াকৈ অসমৰ জৈৱিক উৎপাদন নেমু , আনাৰস আৰু জহা চাউলৰ চাহিদা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৷ ৰাজ্যৰ একাংশ নৱপ্ৰজন্মৰ খেতিয়কে জৈৱিক উৎপাদনৰ ক্ষেত্ৰত বিশেষ আগ্রহ দেখুওৱাৰ বাবে বিগত সময়ছোৱাত এনেধৰণৰ খাদ্য - সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰতো সফলতা লাভ কৰিছে অসমে । বিশেষকৈ কাৰ্বি আংলং , বাক্সা , মাজুলী আৰু লখিমপুৰ জিলাৰ কেইবাটাও কৃষক গোটে জৈৱিক উৎপাদনৰ ক্ষেত্ৰত সফলতা লাভ কৰাই নহয় , বহিঃৰাজ্যলৈ খাদ্য - সামগ্ৰী ৰপ্তানিৰ দ্বাৰা আর্থিকভাৱে যথেষ্ট লাভালাভ হৈছে ।

লগতে পঢ়ক- মহিলাসকলে ঘৰতে বতা চৰাই পুহি কিদৰে আত্মনিৰ্ভৰশীল হ’ব!

English Summary: agricultural commodities in Assam in the world market

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.