Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 September, 2022 4:00 PM IST
ষ্টাৰবাকছৰ নতুন CEO ভাৰতৰ লক্ষ্মণ নৰসিংহন, মাহিলী দৰমহা ১১ কোটি

বিশ্বৰ সৰ্ববৃহৎ কফি চেইন ষ্টাৰবাকছে (Starbucks) ভাৰতীয় মূলৰ লক্ষ্মণ নৰসিংহন (Laxman Narasimhan)ক নতুন মুখ্য কাৰ্যবাহী বিষয়া (CEO)হিচাপে নিযুক্তি প্ৰদান কৰিছে। বৃহস্পতিবাৰে ষ্টাৰবাকছ কৰ্প’ৰেশ্যনে লক্ষ্মণ নৰসিংহনক পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। এতিয়ালৈকে নৰসিংহন ৰেকিটৰ CEO আছিল। ইয়াৰ পূৰ্বে নৰসিংহনে পেপচিকোত কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। পেপচিকোৰ গ্ল’বেল মুখ্য বাণিজ্যিক বিষয়াৰ দায়িত্বত আছিল তেওঁ। তেওঁ কনছালটিং ফাৰ্ম মেককিনজি এণ্ড কোম্পানীত ছিনিয়ৰ পাৰ্টনাৰ হিচাপেও কাম কৰি আহিছে।

সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে ষ্টাৰবাকছৰ CEO হিচাপে কাম কৰাৰ বাবে লক্ষ্মণক কিমান দৰমহা দিয়া হৈছে। গাৰ্ডিয়ানে এতিয়া নিজৰ এটা বাতৰিত কৈছে যে যদি তেওঁ নিজৰ লক্ষ্য পূৰণ কৰে, তেন্তে ষ্টাৰবাকছে লক্ষ্মণ নৰসিংহনক ১৩২ কোটি টকাৰ বাৰ্ষিক দৰমহা দিব। বৰ্তমানৰ দৰমহাতকৈ আঢ়ৈ গুণ বেছি। ৰেকিটত তেওঁ চিইঅ’ হিচাপে বাৰ্ষিক দৰমহা লাভ কৰিছিল ৫৫ কোটি টকা। কেৱল এয়াই নহয়, দুয়োটা কোম্পানীৰ মূল্যৰ পাৰ্থক্যৰ বাবে ষ্টাৰবাকছত লক্ষ্মণৰ ইনচেনটিভো বেছি হ’ব।

৩০ বছৰৰ অভিজ্ঞতা:
লক্ষ্মণ নৰসিংহনে পুনে বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছিল। ৫৫ বছৰীয়া লক্ষ্মণৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক ব্ৰেণ্ড পৰিচালনা আৰু পৰামৰ্শ দিয়াৰ ৩০ বছৰতকৈ অধিক অভিজ্ঞতা আছে। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত নৰসিংহনে ৰেকিট কোম্পানীত যোগদান কৰিছিল। তেওঁৰ নেতৃত্বত কোম্পানীটোৱে নতুন উচ্চতা স্পৰ্শ কৰিছিল। কোম্পানীটোৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে। তেওঁৰ অৱদান এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে বৃহস্পতিবাৰে লক্ষ্মণে ৰেকিট এৰি যোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ৰেকিটৰ শ্বেয়াৰ ৪ শতাংশ হ্ৰাস পাইছে।

বহু প্ৰত্যাহ্বানে অপেক্ষা কৰি আছে লক্ষ্মণৰ বাবে 
ষ্টাৰবাকছ বৰ্তমান কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰিছে। আমেৰিকাত ইয়াৰ প্ৰায় ২০০টা ষ্ট’ৰৰ কৰ্মচাৰীয়ে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি উন্নত সুবিধা আৰু মজুৰিৰ দাবীত ইউনিয়ন গঠন কৰি আছে। কৰ’নাৰ নিষেধাজ্ঞাৰ বাবে চীনত কোম্পানীটোৰ ব্যৱসায় প্ৰায় স্তব্ধ হৈ পৰিছে। কোম্পানীটোক পুনৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে নৰসিংহনক কোম্পানীটোৰ কমাণ্ড দিয়া হৈছে।

অক্টোবৰ মাহত যোগদান কৰিব ষ্টাৰবাকছত
২০২২ চনৰ অক্টোবৰ মাহত ষ্টাৰবাকছৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব ল’ব লক্ষ্মণ নৰসিংহনে। নৰসিংহনে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে ষ্টাৰবাকছৰ নেতৃত্বত থাকিব অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হাৱাৰ্ড শ্বাল্টজে।

লগতে পঢ়কঃ বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিৰ ভাৰতৰ ফোঁপোলাস্বৰূপ

English Summary: Laxman Narasimhan
Published on: 10 September 2022, 04:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now