1. News

Bamboo Mission : নতুন দিল্লীত বাঁহ উদ্যোগকলৈ ৰাষ্ট্ৰীয় কৰ্মশালা আৰু প্ৰদৰ্শনী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ational Workshop of Bamboo Sector Development and Bamboo Exhibition in New delhi
ational Workshop of Bamboo Sector Development and Bamboo Exhibition in New delhi

বৃহস্পতিবাৰৰ পৰা  নতুন দিল্লীত বাঁহ খণ্ডৰ উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালা। কৰ্মশালাৰ লগতে বাঁহ পৰা নিৰ্মিত সামগ্ৰীৰো প্ৰদৰ্শনী কৰা হয় কৰ্মশালাখনিত। ১০ মাৰ্চত সমাপ্ত হবলগীয়া কৰ্মশালাখন নতুন দিল্লীত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ইনভেষ্ট ইণ্ডিয়া আৰু কেৰালা ৰাজ্যিক বাঁহ মিছনে আয়োজন কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ড০ অভিলক্ষ লিখিয়ে বৃহস্পতিবাৰে নতুন দিল্লীত বাঁহ খণ্ডৰ উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাত বাঁহ প্ৰদৰ্শনী উদ্বোধন কৰে। প্ৰদৰ্শনীত বাঁহৰ বিভিন্ন অভিনৱ, আধুনিক আৰু পৰম্পৰাগত উপযোগিতা প্ৰদৰ্শন কৰা হয়।

প্ৰদৰ্শনীখনত অসম, ত্ৰিপুৰা, তেলেংগানা, মধ্য প্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মেঘালয়, হিমাচল প্ৰদেশ আৰু ছিকিমকে ধৰি বিভিন্ন ৰাজ্যই অংশগ্ৰহণ কৰিছে। বাঁহ আৰু বেত উন্নয়ন প্ৰতিষ্ঠান, ফিনিক্স ফাউণ্ডেচন, উত্তৰ পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদ, MSME ক্লাষ্টাৰ ফাউণ্ডেচনৰ লগতে ষ্টাৰ্টআপ আৰু নতুন যুগৰ কোম্পানী যেনে এপিটম, বায়োক্ৰাফ্ট বায়োমিজ, বেম্বু ইণ্ডিয়া, ইএচইএছ বায়োৱেলথ প্ৰাইভেট লিমিটেড, কৰ্ণাৰ আৰ্ট ষ্ট'ৰ আৰু মহাৰাষ্ট্ৰ বাঁহ বোৰ্ডৰ দৰে বিভিন্ন সংগঠনে ইয়াত ভাগ লয়।

লগতে পঢ়ক- 

প্ৰকৃত কৃষক হৈয়ো যদি PMKSAN ৰ ধন পোৱা নাই তেনেহ’লে এইকেইটা কাম কৰক

আজি নতুন দিল্লীত বাঁহ খণ্ড উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰিব কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে। কৰ্মশালাখনত বাঁহৰ পাঁচটা কাৰিকৰী দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। য’ত বাঁহ উদ্যোগৰ বিশেষজ্ঞসকলে প্ৰশিক্ষাৰ্থীসকলৰ লগত মত-বিনিময়ৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, অংশগ্ৰহণকাৰীসকলক এই ক্ষেত্ৰখনৰ অন্যান্য পেছাদাৰীসকলৰ সৈতে নেটৱৰ্ক গঢ়ি তোলাৰ সুযোগ দিয়া হ’ব আৰু বাঁহ খেতি, প্ৰক্ৰিয়াকৰণ আৰু ব্যৱহাৰৰ শেহতীয়া ধাৰা আৰু প্ৰযুক্তিৰ বিষয়ে জানিব পৰা যাব।

উল্লেখ্য যে বাঁহ খণ্ড উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰু বাঁহ প্ৰদৰ্শনীখনৰ লক্ষ্য হৈছে নীতি নিৰ্ধাৰক, গৱেষক, উদ্যোগ বিশেষজ্ঞ, প্ৰতিষ্ঠান আৰু সংস্থাকে ধৰি বাঁহ উদ্যোগৰ মূল অংশীদাৰসকলক একত্ৰিত কৰি ভাৰতৰ বাঁহ খণ্ডৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা আৰু ইয়াৰ বৃদ্ধিৰ প্ৰসাৰ ঘটোৱাৰ উপায় চিনাক্ত কৰা আৰু উন্নয়ন সাধন কৰা।

লগতে পঢ়ক- 

বাঁহৰ প্ৰয়োজনীয়তা নাই বুলি ভবাৰ সময়তে বাঁহ খেতিয়ে কঢ়িয়াই আনিছে নতুন সম্ভাৱনা

English Summary: National Workshop of Bamboo Sector Development and Bamboo Exhibition in New delhi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.