Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 September, 2022 12:08 PM IST
Krishi Udan Yojana 2022

২০২০-২১ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতা ৰমনে কৃষি উৰণ যোজনা ২০২২ অৰ্থাৎ Krishi Udan Yojana 2022  আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ কম খৰচত তথা কম সময়ত বিক্ৰিৰ বাবে ইঠাইৰ পৰা সিঠাইলৈ নিব পাৰে। গাখীৰ, মাছ, মাংসৰ দৰে পচনশীল পদাৰ্থবোৰ সঠিক সময়ত কৃষকসকলে বজাৰলৈ নিব নোৱাৰে তেতিয়া কৃষকসকলৰ লোকচানৰ সন্মুখীন হয়। কৃষকসকলৰ এই লোকচানৰ প্ৰতিয়েই লক্ষ্য ৰাখি কৃষি উড়ণ যোজনা ২০২২ আৰম্ভ কৰিছে চৰকাৰে। আঁচনিখনৰ জৰিয়তে কৃষকসকলৰ সামগ্ৰীবোৰ অতি কম সময়ৰ ভিতৰত আৰু অধা ভাৰাত  পোনপটীয়াকৈ বজাৰলৈ নিব পাৰিব । ই কৃষকসকলক তেওঁলোকৰ শস্যৰ বাবে উচিত মূল্য লাভ কৰিবলৈ সক্ষম কৰিব আৰু শস্য নষ্ট হোৱাৰ ৰক্ষা কৰিব ।

কৃষি উদান আঁচনিত পঞ্জীয়ন প্ৰক্ৰিয়া 

এই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে প্ৰথমে তেওঁলোকৰ নাম অফিচিয়েল ৱেবচাইট (http://agriculture.gov.in/ ) ত পঞ্জীয়ন কৰিব লাগিব । পঞ্জীয়ন কৰিবলৈ ইউজাৰনেম আৰু পাছৱৰ্ড তৈয়াৰ কৰিব লাগিব। যাৰ সহায়ত কৃষকজনে অফিচিয়েল ৱেবচাইটত সহজে আবেদন কৰিব পাৰিব। বিভাগীয় কৰ্তৃপক্ষই আবেদন গ্ৰহণ কৰাৰ পাছতে পাছতে সামগ্ৰীসমূহ পৰিবহণ কৰাব পাৰিব কৃষকগৰাকীয়ে। এই কামৰ বাবে কৃষকগৰাকীয়ে নিজে নকৰি প্ৰথমে কোনো কম্পিউটাৰ জ্ঞান থকা ব্যক্তিৰ সহায় লোৱাটোৱেই ভাল হ’ব। পৰৱৰ্তী সময়ত কৃষকগৰাকীয়ে প্ৰয়োজন হ’লে নিজে শিকি ল’ব।

প্ৰয়োজনীয় নথি-পথসমূহ

  • আধাৰ কাৰ্ড (Aadhar Card)
  • উপাৰ্জন প্ৰমাণপত্ৰ (Income Certificate)
  • কৃষি সম্পৰ্কীয় নথিপত্ৰ (Farming Related Document)
  • ঠিকনা প্ৰমাণ (Address Proof)
  • মোবাইল নম্বৰ (Mobile Number)
  • ৰেচন কাৰ্ড (Ration Card)
  • আঁচনিখনৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰী এজন কৃষক হ'ব লাগিব।

সাধাৰণতে পচনশীল সামগ্ৰী অৰ্থাৎ যিবোৰ কৃষক উৎপাদিত সামগ্ৰী সোনকালে বেয়া হৈ যায় সেই সামগ্ৰীসমূহক অগ্ৰাধিকাৰ দিয়া হয়। যেনে- মাছ, মাংস, গাখীৰ ইত্যাদি।

লগতে পঢ়ক- জৈৱিক কৃষি কৰা কৃষকলৈ বছৰি ১০,৮০০ টকাৰ ৰাজসাহাৰ্য! জানক সম্পূৰ্ণ বিবৰণ

English Summary: Krishi Udan Yojana 2022
Published on: 15 September 2022, 11:58 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now