1. News

কলকাতা আৰু উৰিষ্যাৰ বজাৰলৈ বোকাখাতৰপৰা ১২০ মেট্ৰিক টন ৰঙালাও

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষিমন্ত্ৰী অতুল বৰাৰ
কৃষিমন্ত্ৰী অতুল বৰাৰ

এইবাৰ কলিকতা আৰু উৰিষ্যালৈ ৰঙালাও ৰপ্তানি অসমৰ । বোকাখাতৰ কুৰুৱাবাহীৰ "বৃহংগম কৃষক উৎপাদক কোম্পানী"ৰ কৃষকসকলে উৎপাদন কৰা "অৰ্জুন" আৰু "ই ডব্লিউ-১৩৭" প্ৰজাতিৰ ১২০ মেট্ৰিক টন ৰঙালাও কলকাতা আৰু উৰিষ্যাৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে। এই উপলক্ষে আয়োজিত ফ্লেগ্ অফ্ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ ফ্লেগ অফ কৰি উতসাহিত কৰে কৃষকসকলক।

অনুষ্ঠানত উপস্থিত থাকি কৃষিমন্ত্ৰীগৰাকীয়ে কয়- ‘অসমৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ যাত্ৰাৰ অন্যতম সেনানীস্বৰূপ বৃহংগম কৃষক উৎপাদক কোম্পানীটোৰ সৈতে জড়িত কৃষকসকলক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ এই নীৰৱ প্ৰচেষ্টাৰ অন্তঃকৰণেৰে শলাগ লৈছোঁ। তেওঁলোকৰ এই সফলতাৰ যাত্ৰা অনাগত দিনবোৰতো পূৰ্ণগতিত অব্যাহত থাকক, তাকেই কামনা কৰিলোঁ।‘

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

তেওঁ লগতে কয়- ‘আমাৰ কৃষকসকলৰদ্বাৰা উৎপাদিত ফচলৰ উপযুক্ত বজাৰ সংযোগীকৰণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আমাৰ কৃষি বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এয়া ক্ষিপ্ৰতাৰে অব্যাহত থাকিব।‘

ফ্লেগ্ অফ্ কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত পাপু গগৈ, গোলাঘাটৰ জিলা কৃষি বিষয়া, খণ্ড উন্নয়ন বিষয়া, বোকাখাতৰ মহকুমা কৃষি বিষয়া প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়াসকল, পৌৰসভা, পঞ্চায়তৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক- 

Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা

English Summary: 120 metric tones Pumpkin from Bokakhat to Kolkata and Orissa markets

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.