1. News

সামৰণি পৰিল কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ সভা

RAHUL ALI
RAHUL ALI
কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ (KEWA) চতুৰ্থ বাৰ্ষিক সাধাৰণ সভা
কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ (KEWA) চতুৰ্থ বাৰ্ষিক সাধাৰণ সভা

ইংৰাজী ২৩ জানুৱাৰী, ২০২৩ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ ড৹ মাধব চন্দ্ৰ দাস সোঁৱৰনী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ (KEWA) চতুৰ্থ বাৰ্ষিক সাধাৰণ সভা। ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত বন্তি প্ৰজ্বলন আৰু ৰাজ্যিক সংগীতৰ সৈতে আৰম্ভ হয় উদ্বোধনী অনুষ্ঠান।

কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ সভানেত্ৰী ড. ইলাক্ষী ডেকাই আঁত ধৰা এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্হিত থাকে মাননীয় ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ গৰাকীয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা কৰা কামৰ প্ৰশংসা কৰাৰ লগতে কৰ্মচাৰীসকলক তেওঁলোকৰ কাম অতি আন্তৰিকতা আৰু নিষ্ঠাৰে কৰিবলৈ উৎসাহিত কৰে। তেখেতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে শীঘ্ৰেই উপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়াৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ লোকসকলে পাবলগীয়া সা-সুবিধাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষকো অনুৰোধ জনাই।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্হিত থাকে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ মাননীয় উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকা ডাঙৰীয়া। প্ৰেৰণাদায়ক ভাষণত তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰাৰ লগতে তেওঁৰ স্তৰত বিভিন্ন সমস্যাৰ সাম্ভাব্য সমাধানৰ আশ্বাস প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানত মাননীয় সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদ ও ড০ মনোৰঞ্জন নেওগ আৰু টেঙ্গাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰতাপ কচাৰী যে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিসকলে "এনাজৰী" নামৰ এখন স্মৰণিকাও মুকলি কৰে।

দ্বিতীয় পৰ্যায়ত দুপৰীয়া ১.০০ মান বজাত এখন সাধাৰণ সভা অনুষ্ঠিত হয় য'ত আঁত ধৰি সংস্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দীপক কুমাৰ গোস্বামীয়ে তেখেতৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে আৰু KEWA ৰ সাফল্য আৰু কল্যাণমূলক কাৰ্যকলাপ সমূহ উপস্থাপন কৰে। অনুষ্ঠানত কোষাধ্যক্ষ শ্ৰীযুত ভাস্কৰ জ্যোতি শইকীয়াই সংস্থাৰ বিত্তীয় প্ৰতিবেদন ৰাজহুৱা কৰে। সদস্যসকলে মত বিনিময়ৰ লগতে ভৱিষ্যতে সংস্থাৰ উন্নতিৰ হকে তেওঁলোকৰ চিন্তা আৰু পৰামৰ্শ আগবঢ়ায। সভাত উপস্থিত থাকে সংস্থাৰ সভানেত্ৰী ড৹ ইলাক্ষী ডেকা, কাৰ্যবাহী সমিতিৰ সদস্যবৃন্দ আৰু বিভিন্ন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা অহা সদস্যসকল।

অনুষ্ঠানটোত মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া উপস্থিত থাকিব নোৱাৰা পাচতো মোবাইল যোগে সংস্থালৈ তেখেতৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। সমান্তৰালভাৱে ভাৰতীয় কিষাণ সংঘৰ আয়োজক সচিব শ্ৰীযুত কৃষ্ণ কান্ত বৰাইও ভাৰ্ছুৱেল শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। কেইবাটাও ফলপ্ৰসূ সিদ্ধান্তৰ সৈতে সামগ্ৰিকভাৱে কাৰ্যসূচীৰ সফল সামৰণি ঘটে।

লগতে পঢ়ক-মাত্ৰ এটা ফোন কলতে সমাধান হ’ব কৃষকৰ সকলো সমস্যা, মুকলি হ’ল দেশৰ প্ৰথমটো FPO কল চেণ্টাৰ

English Summary: KEWA General Meeting News

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.