1. News

তামিলনাডুৰ বিৰুধুনগৰত 'বেংক অন হুইলছ' মুকলি কৰিলে HDFC বেংকে

RAHUL ALI
RAHUL ALI
'বেংক অন হুইলছ' মুকলি কৰিলে HDFC বেংকে
'বেংক অন হুইলছ' মুকলি কৰিলে HDFC বেংকে

গ্ৰামাঞ্চলত বেঙ্কিং প্ৰণালী শক্তিশালী কৰাৰ উদ্দেশ্যে HDFC বেংকে আৰম্ভ কৰিছে 'বেংক অন হুইলছ' ভেন উদ্যোগ। ই নিকটতম শাখাৰ পৰা 10 ৰ পৰা 25 কিলোমিটাৰ দূৰৱৰ্তী গাওঁবোৰত 21 টা বেঙ্কিং সেৱা প্ৰদান কৰিব। এই 'বেংক অন হুইলছ' ভানখনে প্ৰাথমিকতে তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ আশে-পাশে থকা গাওঁসমূহত এই সেৱা প্ৰদান কৰিব। 24 জানুৱাৰী, 2023 তাৰিখে তামিলনাডুৰ বিৰুধুনগৰত জিলাখনত প্ৰথমবাৰৰ বাবে HDFC বেংকে আনুষ্ঠানিকভাৱে মুকলি কৰে এই 'বেংক অন হুইলছ' ভান সেৱা।

গ্ৰাম্য বেঙ্কিং ব্যৱসায়ৰ (RBB) এক উদ্যোগ 'বেংক অন হুইলছ' ভানে প্ৰতি সপ্তাহত বিৰুধুনগৰ জিলাৰ 10 ৰ পৰা 25 কিলোমিটাৰ দূৰৱৰ্তী এলেকা পৰিদৰ্শন কৰিব । এই ভানখনে সপ্তাহত দুবাৰকৈ প্ৰতিখন গাওঁ ভ্ৰমণ কৰিব আৰু লোকসকলক 21 টা বেঙ্কিং সামগ্ৰী আৰু সেৱা প্ৰদান কৰিব।

তামিলনাডু হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিম বংগ আৰু পঞ্জাৱৰ পিছত পঞ্চম খন ৰাজ্য য'ত বেংক অন হুইল সুবিধা উপলব্ধ কৰা হৈছে। HDFC বেংকৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনে বিৰুধুনগৰ ব্যপৰী সংগমত ভানখনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ কাৰ্যবাহী উপ-সভাপতি অনিল ভৱনানী আৰু শাখা বেংকিং মুৰব্বী সঞ্জীৱ কুমাৰো উপস্থিত আছিল।

HDFC বেংকৰ আৰবিবিৰ গ্ৰাম্য বেংকিং বিভাগৰ জ্যেষ্ঠ কাৰ্যবাহী উপ-সভাপতি আৰু মুৰব্বী অনিল ভৱনানীয়ে কয়, "এই পদক্ষেপৰ জৰিয়তে আমি বেংকিংক জনসাধাৰণৰ দুৱাৰমুখলৈ লৈ যাব বিচাৰো আৰু জিলাখনৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ বেংকিং সুবিধা আনিব বিচাৰো। 'বেংক অন হুইলছ' ভানখনত আমাৰ বেঙ্ক কৰ্মচাৰী থাকিব আৰু নগদ জমাসহ বিভিন্ন বেঙ্কিং সেৱা প্ৰদান কৰিব। ই এটিএম সেৱাৰ লগতে অন্যান্য নতুন বেংকিং সেৱা প্ৰদান কৰিব।

নিম্নলিখিত সামগ্ৰী আৰু সেৱাবোৰ 'বেংক অন হুইলচ' ভেনত উপলব্ধ হ'ব:

  • সঞ্চয় একাউণ্ট

  • নগদ ধন উলিওৱা

  • কৃষক একাউণ্ট

  • নগদ জমা

  • কাৰেণ্ট একাওন্ট

  • চেক জমা

  • বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰা

  • কিষাণ গোল্ড কাৰ্ড

  • একাউণ্ট নামাংকন

  • সোণ ঋণ

  • বেঙ্কিং প্ৰশ্ন

  • ট্ৰেক্টৰ ঋণ

  • মোবাইল বেঙ্কিং

  • ইউ.পি.আই.

  • কাৰ ঋণ

  • ডিজিটেল বেঙ্কিং

  • দুচকীয়া বাহনঋণ

  • বিত্তীয় সাক্ষৰতা

  • সামাজিক সুৰক্ষা আঁচনি

  • অভাৰড্ৰাফ্ট

লগতে পঢ়ক-মাত্ৰ এটা ফোন কলতে সমাধান হ’ব কৃষকৰ সকলো সমস্যা, মুকলি হ’ল দেশৰ প্ৰথমটো FPO কল চেণ্টাৰ

English Summary: Bank on Wheels Launched by HDFC in Tamilnadu

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.