Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 November, 2022 5:38 PM IST
Justice DY Chandrachud takes oath as 50th CJI

আজি দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে  ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্রচূড়ে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ কাৰ্যকাল অন্ত পৰাৰ লগে লগে ন্যায়াধীশ চন্দ্রচূড়ে আজি দায়িত্ব গ্রহণ কৰে।

১৯৫৯ চনৰ ১১ নৱেম্বৰত জন্মগ্ৰহণ কৰা চন্দ্রচূড়ৰ পিতৃয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাম কৰি আহিছে। তেওঁৰ পিতৃ যশৱন্ত বিষ্ণু চন্দ্রচূড়ে আটাইতকৈ বেছি সময় এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। ১৯৭৮ চনৰ পৰা ১৯৮৫ চনলৈ অৰ্থাৎ ৭ বছৰ তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৬ চনত ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল। ইয়াৰ পূৰ্বে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ২০০০ চনত বোম্বে উচ্চ ন্যায়ালয়ত তেওঁক প্ৰথমবাৰৰ বাবে ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।

ইয়াৰ পূৰ্বে তেওঁ ১৯৯৮ চনৰ পৰা ২০০০ চনলৈ ভাৰত চৰকাৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল। ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ইংলেণ্ডৰ প্ৰতিষ্ঠিত হার্ভার্ড বিশ্ববিদ্যালয়তো তেওঁ অধ্যয়ন কৰিছিল। ন্যায়াধীশ চন্দ্রচূড়ৰ এটা বিশেষ কথা হ'ল তেওঁৰ মুখত সদায় এটা মসৃণ হাঁহি লৈ ফুৰে। তেওঁ কনিষ্ঠ অধিবক্তাসকলকো যিদৰে সন্মানেৰে ব্যৱহাৰ কৰে, সেইদৰে সুপৰিচিত অধিবক্তাৰ সৈতেও ব্যৱহাৰ কৰে। আনকি গোচৰ খাৰিজ কৰাৰ সময়তো তেওঁ ভদ্ৰ সুৰত অধিবক্তাজনক বিতংভাৱে কাৰণটো বুজাই দিয়ে। তেওঁৰ উদাৰবাদী ভাবমূৰ্তিৰ সিদ্ধান্তত তেওঁৰ ব্যক্তিত্ব সদায় ছাপ হৈ আহিছে। আই পি চিৰ ৪৯৭ ধাৰা বাতিল কৰাৰ সময়ত দিয়া সিদ্ধান্তত তেওঁ লিখিছে যে এগৰাকী বিবাহিত মহিলাৰো নিজৰ অধিকাৰ আছে। তাইক স্বামীৰ সম্পত্তি হিচাপে চাব নোৱাৰি। আন এজন পুৰুষৰ সৈতে তাইৰ সম্পৰ্ক থকাটো বিবাহ বিচ্ছেদৰ বৈধ ভিত্তি হ'ব পাৰে, কিন্তু আন এজন পুৰুষক জেলত ভৰোৱাটো অপৰাধ হিচাপে বিবেচনা কৰাটো ভুল হ'ব।

লগতে পঢ়ক-

ধান ভাল নোহোৱা আৰু বানপ্ৰৱণ পথাৰবোৰত কি কৰিব!

শেহতীয়াকৈ ন্যায়াধীশ চন্দ্রচূড়েও ২০ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত অবিবাহিত মহিলাক গৰ্ভপাত কৰাৰ অনুমতি দিছে। এই ঐতিহাসিক সিদ্ধান্তত তেওঁ লগতে কয় যে যদি স্বামীয়ে বলপূর্বকভাৱে যৌন সম্পর্ক স্থাপন কৰি পত্নীক গৰ্ভৱতী কৰিছে, তেন্তে তেওঁৰো ২৪ সপ্তাহলৈ গৰ্ভপাতৰ অধিকাৰ থাকিব। এইদৰে গৰ্ভপাতৰ গোচৰটোৱে নিজেই আইনত প্ৰথমবাৰৰ বাবে বৈবাহিক ধর্ষণক স্বীকৃতি দিলে। ন্যায়াধীশ চন্দ্ৰচূড় মত প্ৰকাশৰ স্বাধীনতাকে ধৰি সকলো মৌলিক অধিকাৰৰ বিষয়ে সচেতন হৈ আহিছে। ৰাজনৈতিক আৰু মতাদর্শগতভাৱে পৃথক উদ্দেশ্যত থিয় দিয়া লোকসকলৰ মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰতো তেওঁ একেধৰণৰ আদেশ দিছে। কেৱল নিজৰ মতামত প্ৰকাশ কৰাৰ বাবেই কাৰোবাক জেলত ভৰাই খোৱাটো উচিত নহয় বুলি কয়। দীর্ঘদিন ধৰি সেনাবাহিনীত স্থায়ী কমিছনৰ বাবে যুঁজ দি থকা মহিলা বিষয়াসকলকো ন্যায়াধীশ চন্দ্রচূড়ে সকাহ দি তেওঁলোকৰ পক্ষত ৰায় দিয়ে। অযোধ্যা গোচৰ ৰায় দিয়া ৫জনীয়া বিচাৰপীয়ৰো সদস্য আছিল ন্যায়াধীশ চন্দ্রচূড়। আধাৰ কাৰ্ডৰ গোচৰত ৰায় দি তেওঁ গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কোভিডৰ যুগত তেওঁ অক্সিজেন আৰু ঔষধৰ উপলব্ধতা সম্পৰ্কে বহুতো অৰ্ডাৰ দিছিল। তদুপৰি তেওঁ নিজেই কৰোনৰ বলি হৈও ঘৰৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত যোগদান কৰিছিল। শেহতীয়াকৈ তেওঁ নিশা ৯.১০ বজালৈকে আদালতৰ কাৰ্য্যবিধি চলাইছিল আৰু সেইদিনা তেওঁৰ সন্মুখত থকা সকলো বিষয় নিষ্পত্তি কৰিছিল।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ ২০২৪ চনৰ ১০ নৱেম্বৰলৈকে কার্যকাল থাকিব।

লগতে পঢ়ক- 

৭২ বছৰত ২৫০ কোটি বৃদ্ধিৰে ১৫ নৱেম্বৰত পৃথিৱীৰ জনসংখ্যা হ'ব ৮০০ কোটি

English Summary: Justice DY Chandrachud takes oath as 50th CJI
Published on: 09 November 2022, 01:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now