1. News

৭২ বছৰত ২৫০ কোটি বৃদ্ধিৰে ১৫ নৱেম্বৰত পৃথিৱীৰ জনসংখ্যা হ'ব ৮০০ কোটি

KJ Staff
KJ Staff
world population
world population

দ্ৰুতগতিত বৃদ্ধি পাইছে পাইছে পৃথিবীৰ জনসংখ্যা। ৰাষ্ট্ৰসংঘৰ এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখন সমীক্ষা অনুসৰি খুব সোনকালেই বিশ্বৰ জনসংখ্যা ৮০০ কোটিলৈ বৃদ্ধি পাব। সমীক্ষা মতে, আগন্তুক ১৫ নৱেম্বৰত এই পৃথিৱীত জনসংখ্যাই ৮০০ কোটি অতিক্রম কৰিব। উল্লেখ্য যে ১৯৫০ চনত বিশ্বৰ জনসংখ্যা আছিল ২৫০ কোটি। এই ৭২ বছৰত পৃথিৱীৰ জনসংখ্যা তিনিগুণ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে বিভিন্ন দেশত জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে যদিও পৃথিৱীৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগে চলোৱা সমীক্ষা অনুসৰি ১৯৬০ৰ দশকৰ আৰম্ভণিতে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল। কিন্তু ইয়াৰ পিছত ক্ৰমান্বয়ে জন্মৰ হাৰ বৃদ্ধি পাবলৈ ধৰে বহু দেশত। লগে লগে পৃথিৱীৰ জনসংখ্যা প্রত্যাশিতভাৱে বৃদ্ধি পাবলৈ ধৰে। ১৯৬২ৰ পৰা ১৯৬৫লৈ বিশ্বত বাৰ্ষিক জনসংখ্যাৰ হাৰ ২.১ শতাংশ আছিল। ২০২০ চনত এয়া ১ শতাংশলৈ হ্ৰাস পায়।

লগতে পঢ়ক-

ধান ভাল নোহোৱা আৰু বানপ্ৰৱণ পথাৰবোৰত কি কৰিব!

২০৫০ চনত বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৫ শতাংশলৈ অৱনমিত হ'ব বুলি সমীক্ষাত উল্লেখ কৰা হৈছে। কিন্তু জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পালেও পৃথিৱীৰ মুঠ জনসংখ্যা প্রত্যাশিতভাৱে বৃদ্ধি পাব বুলি ৰাষ্ট্ৰসংঘৰ সমীক্ষাত পোৱা গৈছে৷ ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ মুঠ জনসংখ্যা হ'ব ৮৫০ কোটি। ২০৫০ চনত জনসংখ্যা বৃদ্ধি পাব ৯৭০ কোটিলৈ আৰু ২০৮০ চনত এই জনসংখ্যা ১০৪০ কোটিলৈ বৃদ্ধি পাব।

আমেৰিকাস্থিত ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিকছ এণ্ড ইভালুৱেচন (আইএইচএমই) সমীক্ষা অনুসৰি ২০৬৪ত পৃথিৱীত দ্রুতগতিত বৃদ্ধি পাব জনসংখ্যা। অৱশ্যে ৰাষ্ট্ৰসংঘৰ আৰু মাৰ্কিন সংস্থাটোৰ সমীক্ষাত ভিন্নতা দেখিবলৈ পাইছে গৱেষকসকলে। জনসংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ পৃথিৱীত বৰ্তমানৰ ব্যৱস্থা অব্যাহত থাকিলে অভাৱনীয়ভাৱে বৃদ্ধি পাব আর্থিক তথা সামাজিক বৈষম্যও।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

English Summary: world population goes to 800 milions

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.