Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 24 December, 2023 2:07 PM IST
'Jaymati' FPO Photo in World Bank 2024 calendar

শোণিতপুৰ জিলাৰ পুঠিমাৰীত ৪৩৫ গৰাকী মহিলা সদস্যৰে গঠিত জয়মতী কৃষক উৎপাদক কোম্পানীলৈ এটা ভাল খবৰ। মহিলা কৃষক উৎপাদক কোম্পানী (FPO) 'জয়মতী'ৰ ফটো ২০২৪ বৰ্ষৰ 'বিশ্ব বেংকৰ' কেলেণ্ডাৰত স্থান লাভ কৰিছে।

আপোনালোকক জনাও যে কৃষক উৎপাদক কোম্পানী (FPO) 'জয়মতী'য়ে শেহতীয়াকৈ ৰাজ্যৰ কৃষিখণ্ডত এক বিপ্লবৰ সূচনা কৰিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰে কৃষক উৎপাদক কোম্পানীটোৰ মহিলা কৃষকসকলে। সাধাৰণতে আমাৰ গাঁৱে-ভূঞে মহিলাসকল খেতিৰ লগত জড়িত যদিও এই কৃষক উৎপাদক কোম্পানীটোৱে উচ্চ শিক্ষিত মহিলাসকলকো কৃষিৰ প্ৰতি অনুপ্ৰাণিত কৰিছে। সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰে কৃষক উৎপাদক কোম্পানীটোৱে। ট্ৰেক্টৰ, ৰোটাভেটৰ, কম্বাইন হাৰ্ভেষ্টাৰ, আলু ৰোপণ কৰা যন্ত্ৰ, আলু খন্দা যন্ত্ৰ আৰু অন্যান্য আনুষংগিক অত্যাধনিক যন্ত্ৰ পাতি কৃষিকাৰ্যত ব্যৱহাৰ কৰি আহিছে কৃষক উৎপাদক কোম্পানীটোৱে। কৃষক উৎপাদক কোম্পানীটোৰ অন্তৰ্গত বহু মহিলায়ো এই যন্ত্ৰ-পাতিসমূহ ব্যৱহাৰ কৰিব জানে।

লগতে পঢ়ক- 

"আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২৩”ত শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ বিশ্বনাথৰ পুলিমাই কুটুম পেগুলৈ

চলিত বৰ্ষৰ আৰম্ভণিতে মহিলা কৃষক উৎপাদক কোম্পানীটোৱে ১০০০ বিঘা মাটিত খেতি কৰি ৫০ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। লগতে শোণিতপুৰ জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ সহযোগত পেপচিকো কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ ১০০ বিঘা মাটিত চিপছ তৈয়াৰ কৰা এফ চি ১১ আলুৰ খেতি কৰিছিল কৃষক উৎপাদক কোম্পানীটোৰ অন্তগৰ্ত মহিলা গোটটোৱে। আনফালে, চলিত আৰু বিগত বৰ্ষত ৰাজ্যখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্রীয়ে বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৃষি বিভাগ, এপাৰ্ট'ৰ উদ্যোগত আৰু ICCOA ৰ তত্বাৱধানত একমাত্র মহিলাৰ দ্বাৰা গঠিত কৃষক উৎপাদক কোম্পানীটোক কৃষিকাৰ্য কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা কৃষি বিভাগে প্ৰতি সময়তেই বিভিন্ন ধৰণে সহায় সহযোগীতা আগবঢ়াই আহিছে । চলিত বর্ষত ৰাজ্যৰ সন্মানীয় কৃষি মন্ত্ৰী অতুল বৰা আৰু অসম বিধানসভাৰ বিধায়কসকলৰ দ্বাৰা গঠিত প্ৰতিনিধি দলে 'জয়মতী কৃষক উৎপাদক কোম্পানী'ৰ (FpC) কৃষিকাৰ্য পৰিদৰ্শন কৰি ভূয়সী প্ৰশংসা কৰিছিল ।  কৃষক উৎপাদক কোম্পানীটোৰ এই সাফল্যৰ বাবে জিলা কৃষি বিষয়া পঙ্কজ কুমাৰ শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যত দিনত আৰু অধিক উদ্যমেৰে কৃষিকাৰ্য কৰি যাবলৈ পৰামৰ্শ আগবঢ়াইছে । আৰু কৃষি জাগৰণ অসমৰ তৰফৰ পৰাও জয়মতী কৃষক উৎপাদক কোম্পানীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ  আদৰ্শৰে অনুপ্ৰাণিত হৈ আগুৱাই যাওক ৰাজ্যৰ মহিলা কৃষকসকল।

লগতে পঢ়ক- 

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে! সৱিশেষ জানিবলৈ এতিয়াই ফোন কৰক

English Summary: 'Jaymati' FPO Photo in World Bank 2024 calendar
Published on: 24 December 2023, 02:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now