1. News

শিৱসাগৰ জিলাৰপৰা প্ৰথমবাৰৰ বাবে লণ্ডনৰ বজাৰলৈ উৰহী ৰপ্তানিৰ আৰম্ভণি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Indian bean Export From Assam to London market
Indian bean Export From Assam to London market

সম্প্ৰতি বিদেশৰ বজাৰতো অসমৰ কৃষকে উৎপাদন কৰা শস্যই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ শিৱসাগৰ জিলাৰপৰা প্ৰথমবাৰৰ বাবে লণ্ডনৰ বজাৰলৈ উৰহীৰ ৰপ্তানি আৰম্ভণি হৈছে। বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে ৫০০ কিলোগ্ৰাম উৰহী লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে।

Indian bean Export From Assam to London market
Indian bean Export From Assam to London market

লগতে তিনিচুকীয়া জিলাৰ বিশেষ গুণবিশিষ্ট ৫,০০০ কাজিনেমুও লণ্ডনৰ বজাৰলৈ পঠাবলৈ সক্ষম হয় কৃষকসকল। লণ্ডনৰ বজাৰলৈ অসমৰ কৃষকে উতপাদন কৰা শস্যসমূহ ৰপ্তানি কৰাত সহযোগিতা আগবঢ়াই কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি বিকাশ প্ৰাধিকৰণৰ বিষয়াসকলে।

লগতে পঢ়ক- 

Future of Assam & Assamese : বৰ্তমানৰ প্ৰেক্ষাপটত অসম আৰু অসমীয়াৰ ভৱিষ্যৎ

Indian bean Export From Assam to London market
Indian bean Export From Assam to London market

এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয়- শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে উৎপাদন কৰা ৫০০ কিলোগ্ৰাম উৰহী আজি লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়। এই উপলক্ষে আয়োজিত ফ্লেগ্-অৱ অনুষ্ঠানটিত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত হ'লোঁ। এই অনুষ্ঠানটিতে তিনিচুকীয়া জিলাৰ বিশেষ গুণবিশিষ্ট ৫,০০০ কাজিনেমুও লণ্ডনৰ বজাৰলৈ ৰপ্তানি কৰা হয়। এয়া আমাৰ কৃষকসকলৰ বাবে অতি উৎসাহজনক আৰু আনন্দৰ বতৰা।

লগতে তেওঁ কয়- দিহিংপৰীয়া মাষ্টাৰ্ড কৃষক গোটটিক উৰহী উৎপাদনত বিশেষভাৱে সহযোগ কৰা অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ বিষয়া, শিৱসাগৰ জিলা কৃষি বিভাগৰ সংশ্লিষ্ট বিষয়াসকল আৰু কৃষক উৎপাদক গোটটিৰ অধ্যক্ষ শ্ৰী মণ্টু শইকীয়া তথা প্ৰতিগৰাকী কৃষকক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ উৰহী আৰু তিনিচুকীয়াৰ কাজিনেমুৰ আজিৰ এই ৰপ্তানি কাৰ্যত বিশেষ সহযোগিতা আগবঢ়োৱা উদ্যমী যুৱক শ্কৌশিক বৰুৱাকো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লগতে পঢ়ক- 

ইঞ্জিনিয়াৰ পাছ কৰি মীনপালনেৰে ১৩ জন লোকক স্থায়ী সংস্থাপন মৰিগাঁৱৰ ৰাজাকুল ইছলামৰ

English Summary: Indian bean Export From Assam to London market

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.