Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 August, 2022 5:53 PM IST
Sids Farm founder Indukuri

যিকোনো কামেই প্রৱল একগ্রতা আৰু কঠোৰ পৰিশ্ৰম কৰিলে সফল হোৱাটো নিশ্চিত। তাকেই প্রমাণ কৰি দেখুৱালে কর্ণাতকৰ এইজন যুৱকে৷ এইজন উচ্চশিক্ষিত যুৱকৰ এক কাহিনীয়ে আপোনাক যোগাব পাৰে অনুপ্রেৰণা। বর্তমান সময়ত চলি থকা কৃষিৰ প্রতি যি ধাৰণা তাক সলনি কৰিব। IITৰ প্ৰাক্তন ছাত্ৰ তথা অভিযন্তা ইন্দুকুৰীয়ে জীৱনত সফল হ'বলৈ বাছি লৈছিল গাখীৰৰ ব্যৱসায়।

আমেৰিকা যুক্তৰাষ্ট্ৰত নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা যুৱকজনে ভাৰতলৈ উভতি আহি কিনি আনিছিল ২০টা গৰু ৷ সেই সময়ত আমেৰিকাত বহু লোভনীয় চাকৰি এৰি ব্যৱসায় কৰাৰ উদ্দেশ্য হাতত হল ভাৰত পাইছিলহি। প্রথম অৱস্থাত ২০ গৰুৰে আৰম্ভ কৰা যুৱকজনৰ গাখীৰৰ ব্যৱসায় সম্প্ৰতি ৰূপান্তৰিত হৈছে ৪৪ কোটি টকাৰ এক বৃহৎ কোম্পানীলৈ।

IIT খড়গপুৰৰ অভিযান্ত্ৰিক স্নাতক ইন্দুকুৰী হৈছে মূলতঃ কৰ্ণাটকৰ বাসিন্দা। যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে ডক্টৰেট ডিগ্ৰী। স্কুলীয়া জীৱন সম্পূৰ্ণ কৰাৰ পিছতে ইন্দুকুৰীয়ে আমেৰিকান টেক জায়াণ্ট ইণ্টেলত নিজৰ চাকৰি জীৱনৰ আৰম্ভণি কৰিছিল। কিন্তু উচ্চ দৰমহাৰ চাকৰি লাভ কৰিও নিজকে সন্তুষ্ট কৰিব নাছিল । হয়তো তেওঁ জানিছিল তেওঁৰ কৰিবলগীয়া আৰু বহুকামেই বাকী আছে। চাকৰিত সোমাই প্ৰায় ৬ বছৰ পিছতে চাকৰিৰ পৰা ইস্তফা দি জন্মস্থান কৰ্ণাটকলৈ উভতি আহিছিল ইন্দুকুৰী।

তাৰ পিছতে তেওঁ হায়দৰাবাদত এক সুৰক্ষিত আৰু হাইজেনিক গাখীৰৰ বাবে অতি সীমিত বিকল্প দেখি ২০১২ চনত মাত্ৰ ২০ টা গৰুৰে আৰম্ভ কৰে৷ প্ৰথম অৱস্থাত তেওঁ নিজেই আনৰ সহায় নোলোৱাকৈ গ্ৰাহকক গাখীৰ দিব গৈছিল। তাৰ বাবে তেওঁ ফ্ৰীজৰ লগতে সংৰক্ষণ ব্যৱস্থা কৰিছিল।

তাৰ পাছত তেঁও লাহে লাহে এই ব্যৱসায়খন সম্পসাৰণ কৰিব সক্ষম হয়৷ ইয়াত তেঁও সফলো হয়৷ ২০১৮ চনত ইন্দুকুৰীয়ে এই দুগ্ধ পামৰ তেওঁৰ পুত্ৰ সিদ্ধাৰ্থৰ নামেৰে "চিডছ ফাৰ্ম" নামেৰে এক নৱৰূপ দিয়ে। হায়দৰাবাদ চহৰকে আদি কৰি চুবুৰীয়া ৬,০০০ গ্ৰাহকক গাখীৰ প্ৰদান কৰিছিল তেওঁলোকে। আৰু বর্তমান শ্বাহবাদত অৱস্থিত এই চিডছ ফাৰ্মে ১২০ গৰাকী কৰ্মচাৰীক নিযুক্তি দিয়াৰ লগতে ৪০ কোটি টকালৈ Bussiness Turnover কৰিছে তেঁওৰ এই ব্যৱসায়ে। লগতে আপোনালোকক জনাই থওঁ যে আজিৰ দিনত প্ৰতিদিনে প্ৰায় ১০,০০০ গ্ৰাহকক গাখীৰ প্ৰদান কৰে ইন্দুকুৰীৰ এই ফাৰ্মে।

শেহতীয়া এক সাক্ষাৎকাৰত ইন্দুকুৰীয়ে এই সন্দৰ্ভত কয় যে, যদিও তেঁওৰ এই দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়িক সফলতা এক আচৰিত ধৰণৰ আছিল, কিন্তু প্ৰাৰম্ভিক দিনবোৰত ইয়াৰ বাবে ইন্দুকুৰী আৰু তেওঁৰ পৰিয়ালে কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেঁওলোকৰ কর্মোদ্যম আৰু বিচক্ষনতাত আজিৰ পর্যায় পাইছে। প্ৰথমতে ইন্দুকুৰীয়ে তেওঁৰ সকলো জমা ধন ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ বাবে তেওঁৰ পৰিয়ালৰ পৰা সহায়ো বিচাৰিছিল। প্ৰথমে ১ কোটি, তাৰ পিছত ২ কোটি টকা বিনিয়োগেৰে আৰম্ভ কৰা এই ব্যৱসায়ে লাহে লাহে সফলতাৰ মুখ দেখে।

কেৱল গৰু আৰু ম'হৰ গাখীৰেৰে আৰম্ভ কৰাৰ পিছত এতিয়া গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন, স্ক্ৰীম, গাখীৰ, গৰুৰ গাখীৰৰ ঘিউ, ম'হৰ গাখীৰৰ ঘিউ আৰু মাখন, গৰু আৰু ম'হৰ দৈ আৰু জৈৱিক পনীৰকে ধৰি বিভিন্ন দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰিছে।

সম্প্ৰতি কোভিড১৯য়ে গাখীৰ ব্যৱসায়ৰ কিছু ক্ষতি কৰিছে যদিও চিডছ ফাৰ্মে মহামাৰীৰ মাজতো গাখীৰ উৎপাদন বন্ধ কৰা নাই। লগতে ইয়াৰ সেৱাবোৰ হায়দৰাবাদৰ বাহিৰে আন অঞ্চলৰ লগতে বাংগালুৰুৰ দৰে চহৰলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

আৰু পঢ়ক- শৰীৰৰ অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ এই দহ বিধ খাদ্য গ্রহণ কৰক (Top 10 foods for increasing oxyzen level in human body)

English Summary: indukuri Sids farm success stories gained 40 crore bussiness turnover
Published on: 01 August 2022, 05:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now