1. News

ফুটবল খেলত লংকাকাণ্ডঃ ইণ্ডোনেছিয়াত পদপিষ্ট হৈ ১৭৪ জন লোকৰ মৃত্যু

Mrigakshi Phukan
Mrigakshi Phukan
Indonesia football tragedy
Indonesia football tragedy

ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন ঘৰুৱা ফুটবল খেলৰ মাজতে সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় ১৭৪ জন লোকৰ মৃত্যু হয়।

ইণ্ডোনেছিয়াৰ লীগৰ এখন ফুটবল খেলৰ পাছতে ঘৰুৱা দলটোৰ সমৰ্থকসকলে অসনতুষ্ট হৈ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। ঘটনাটোৱে শীঘ্ৰে হিংসাত্মক ৰূপ লয় আৰু নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ  ফলত পদপিষ্ট হৈ ১৭৪ জনতকৈ অধিক ফুটবল অনুৰাগীৰ মৃত্যু হয়।

উল্লেখ্য যে পূব জাভাৰ মালাং ৰিজেন্সীত অনুষ্ঠিত এখন মেচত আৰেমাক ৩-২ গ’লত পৰাস্ত কৰাৰ পাছত জাভানীজ ক্লাব আৰেমা আৰু পাৰ্চেবায়া চুৰাবায়াৰ সমৰ্থকৰ মাজত সংঘৰ্ষ হৈছিল।

মালাং ৰিজেন্সীৰ স্বাস্থ্য কৰতৃপক্ষই জনোৱা মতে, দুটা দশকৰ পাছত পাৰ্চেবায়াৰ হাতত আৰেমা পৰাস্ত হোৱাত আৰেমাৰ সমৰ্থকসকলে হিংসাত্মক হৈ পৰে আৰু দুয়ো পক্ষৰ সমৰ্থকৰ মাজত হতাহতি হয়। এই ঘটনাত আন ১৮০ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

পূব জাভাৰ আৰক্ষী প্ৰধান নিকো আফিণ্টাই কয় যে, হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰপৰা পৰিত্ৰাণ পাবলৈ শ-শ দৰ্শকে ষ্টেডিয়ামৰ প্ৰস্থান দ্বাৰেৰে বাহিৰলৈ ওলাবলৈ হেতা ওপৰা লগোৱাৰ বাবেই কিছুসংখ্যক লোকৰ উশাহ বন্ধ হৈ মৃত্যু হয় আৰু আন একাংশ পদপিষ্ট হৈ মৃত্যুমুখত পৰে।

ৰাষ্ট্ৰপতি জোকো উইডোডোৱে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু দেশৰ ফুটবল সংস্থাক “নিৰাপত্তা উন্নয়ন” সম্পূৰ্ণ নোহোৱালৈকে সকলো খেল স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। উইডোডোৱে কয়, ‘এই শোকাৱহ ঘটনাৰ বাবে মই গভীৰভাৱে দুখ প্ৰকাশ কৰিছো আৰু আশা কৰিছো এনে ফুটবল ট্ৰেজেডী আমাৰ দেশত পুনৰ নহওক।

চিকিৎসালয়ৰ এগৰাকী পৰিচালকে জনোৱা মতে, নিহতসকলৰ এজনৰ বয়স ৫ বছৰ।

লগতে পঢ়কঃ পূজাৰ বতৰত উৎকট গৰমে দহিছে অসমক

English Summary: Indonesia football tragedy

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.