1. News

নীতিশ কেবিনেটৰপৰা পদত্যাগ বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ

Mrigakshi Phukan
Mrigakshi Phukan
sudhakar singh
sudhakar singh

বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙে আজি নীতিশ চৰকাৰৰ কেবিনেটৰপৰা পদত্যাগ কৰিছে। এই তথ্য নিজেই ৰাজহুৱা কৰে মন্ত্ৰীজনে। সুধাকাৰ সিং ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙৰ পুত্ৰ তথা কৈমুৰ জিলাৰ ৰামগড় আসনৰ বিধায়ক। মন্ত্ৰী পদ গ্ৰহণ কৰাৰ পাছত তেওঁ নিজৰ বিভাগৰ বিষয়াসকলক চোৰ বুলি অভিহিত কৰি নিজকে চোৰৰ মুৰব্বী বুলি অভিহিত কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি কৃষি মন্ত্ৰী সুধাকৰ সিঙে মন্ত্ৰী পদৰপৰা পদত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়াই উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ পদত্যাগৰ সন্দৰ্ভত আৰজেডিৰ ৰাজ্যিক সভাপতিকো অৱগত কৰিছে।

সুধাকৰ সিঙে কয় যে তেওঁ চৰকাৰৰ বাবে সমস্যা হ’ব নিবিচাৰে। অৱশ্যে তেওঁৰ পদত্যাগ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। আৰজেডিৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে কয় যে সুধাকৰ সিঙে কৃষকৰ স্বাৰ্থত পদত্যাগ কৰিছে।

সুধাকাৰ সিঙে বহুবাৰ কৃষকৰ সমস্যা আৰু কৃষি বিভাগত বিয়পি পৰা দুৰ্নীতি সন্দৰ্ভত আৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতি লালু প্ৰসাদ যাদৱ আৰু উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অৱগত কৰিছিল। কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতেও সংঘৰ্ষ হৈছিল সুধাকৰ সিঙৰ। ইয়াৰ পূৰ্বে কৃষি মন্ত্ৰী সুধাকৰ সিঙে ৰামগড় আৰু কৈমুৰ জিলাত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত বিভাগটোৰ দুৰ্নীতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। বিষয়াসকলকো এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছিল। কৃষি সচিব এন সৰৱনক অপসাৰণ কৰিবলৈও দাবী উত্থাপন কৰা হৈছিল।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি সুধাকৰ সিঙৰ পদত্যাগ নিশ্চিত কৰিছে আৰজেডিৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে। উল্লেখ্য যে এতিয়ালৈকে সুধাকৰ সিঙক ব্যক্তিগত সম্পাদক (পি.এছ.)ও দিয়া হোৱা নাছিল। কৃষি সচিব এন সৰৱনক অপসাৰণ নকৰাত তেওঁ বিচলিত হৈ পৰে। তেওঁ নিজৰ বিভাগৰ বিষয়াসকলক সোধা-পোছা কৰাৰ বিষয়টো মুখ্যমন্ত্রী নীতিশ কুমাৰে সংবাদ মাধ্যমৰ সন্মুখত নাকচ কৰিছিল৷ নীতিশ কুমাৰে কৈছিল যে কৃষি বিভাগৰ বিষয়াসকল সকলো প্ৰকাৰে সক্ষম।

কোৱা হৈছে যে ১৯৯২ চনত জগদানন্দ সিঙেও লালু প্ৰসাদ যাদৱৰ মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰিছিল। লালু প্ৰসাদে পদত্যাগ পত্ৰ বহুদিন ধৰি ৰাখি থৈছিল। ৰাজ্যপাললৈ পঠোৱা নাছিল। পিছলৈ জগদানন্দ মন্ত্ৰী হৈ থাকিল। হয়তো সুধাকৰ সিঙৰ ক্ষেত্ৰতো একেই কথা হ’ব। কাৰণ কাৰিকৰীভাৱে এই পদত্যাগ শুদ্ধ নহয়। যেতিয়ালৈকে তেজস্বী যাদৱে মুখ্যমন্ত্রীক অৱগত নকৰে আৰু মুখ্যমন্ত্রী নীতিশ কুমাৰে মানি নলয় তেতিয়ালৈকে ইয়াক বৈধ বুলি গণ্য কৰা নহ’ব৷

লগতে পঢ়কঃ ফুটবল খেলত লংকাকাণ্ডঃ ইণ্ডোনেছিয়াত পদপিষ্ট হৈ ১৭৪ জন লোকৰ মৃত্যু

English Summary: Bihar agriculture minister resign

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.