
অৱশেষত ভাৰতীয় কৃষি সাংবাদিক সংস্থা AJAI য়েও লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেচন চমুকৈ IFAJ ৰ সদস্য ৰাষ্ট্ৰৰ স্বীকৃতি। বিশ্বৰ ৬১ সংখ্যক দেশ হিচাপে IFAJ ৰ শেহতীয়াকৈ AJAI লাভ কৰিলে এই সন্মান। ভাৰতীয় কৃষি সাংবাদিক সংস্থাৰ সভাপতি তথা কৃষি জাগৰণৰ মুখ্য সম্পাদক এম চি ডমিনিকৰ তত্ত্বাৱধানত কানাডাত অনুষ্ঠিত মাষ্টাৰ ক্লাছ আৰু গ্ল’বেল কংগ্ৰেছত এই স্বীকৃতি লাভ কৰে AJAI য়ে।
উল্লেখ্য যে বিশ্ব স্বীকৃত আইএফএজত যোগদান কৰাটো ভাৰতৰ কৃষি সাংবাদিক আৰু কৃষিখণ্ডৰ বাবে সঁচাকৈয়ে গৌৰৱৰ মুহূৰ্ত। আজাইৰ সভাপতি এম চি ডমিনিকে কয় যে, " আমি সফল হ’লো। আমি আই এফ এজৰ ৬১ সংখ্যক সদস্য স্বীকৃতি লাভ কৰিছো।" তেওঁ কয়, “মই নিশ্চিত যে আমাৰ কৃষি খণ্ড আৰু কৃষি অৰ্থনীতি বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ কৃষি সাংবাদিকতাও অতি সোনকালে বিশ্বজুৰি এক প্ৰেৰণা হিচাপে পৰিগণিত হ’ব।”
লগতে পঢ়ক-
IFAJ Program : কানাডাত আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক সন্মিলন-২০২৩

উল্লেখ্য যে ২৪ৰ পৰা ২৬ জুনলৈ কানাডাৰ আলবাৰ্টাত অনুষ্ঠিত হৈ থকা মাষ্টাৰ ক্লাছ আৰু গ্ল’বেল কংগ্ৰেছ বিশ্বৰ কৃষি সাংবাদিকসকলে একত্ৰিত হয়। ভাৰতবৰ্ষৰ পৰা AJAI ৰ সভাপতি হিচাপে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কৃষি কোম্পানী Corteva Agriscience আৰু Alltech ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই সন্মানীয় সমাৱেশত সমগ্ৰ বিশ্বৰ ১৭ জন ব্যতিক্ৰমী সাংবাদিকক একত্ৰিত কৰা হয় যিসকলে কৃষিৰ বাতৰি প্ৰকাশৰ বাবে উৎসৰ্গিত। অনুষ্ঠানতে কেইবাজনো কৃষি সাংবাদিকক কৃষি খণ্ড বাতৰি প্ৰচাৰৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি অহাৰ বাবে সন্মানো প্ৰদান কৰে।
লগতে পঢ়ক-
Share your comments