1. News

IFAJ Program : কানাডাত আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক সন্মিলন-২০২৩

PANKAJ KHANIKAR
PANKAJ KHANIKAR
IFAJ Master Class and Young Leaders Preliminary Program 2023 in Canada
IFAJ Master Class and Young Leaders Preliminary Program 2023 in Canada

কানাডাত আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেচনৰ সন্মিলন।  ২৪ জুনৰ পৰা অনুষ্ঠিত হোৱা আই এফ এ জেৰ সন্মিলনত উপস্থিত হৈছে বিশ্বৰ ভিন্নপ্ৰান্তৰ কৃষি সাংবাদিকতাৰে জড়িত সংবাদকৰ্মীসকল। এই অনুষ্ঠানটোৰ আয়োজন কৰিছে কৰ্টেভা আৰু অলটেকে। ভাৰতবৰ্ষৰ পৰা এই সন্মিলনত উপস্থিত হৈছে গৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সঞ্চালক তথা মুখ্য সম্পাদক এম চি ডমিনিক।

কৰ্টেভা আৰু অলটেকে আয়োজন কৰা এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য কৃষি সাংবাদিকৰ নিৰাপত্তা, কৃষি সাংবাদিকতাক পেছাদাৰী বৃত্তি হিচাপে গ্ৰহণ কৰি কৃষি সাংবাদিকতাক আগুৱাই নিয়া আৰু আগন্তুক যুৱ প্ৰজন্মক কৃষিৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ কৃষি সাংবাদিকসকলক অনুপ্ৰেৰণা যোগোৱা।

লগতে পঢ়ক- 

Subsidies to farmers : বানপীড়িত আৰু খৰাং অঞ্চলৰ কৃষকলৈ ৰাজসাহাৰ্য

সন্মিলনত আই এফ এ জে মাষ্টাৰ ক্লাছ আৰু ইয়ং লিডাৰ্ছ ইন এগ্ৰিকালচাৰেল জাৰ্নেলিজম শীৰ্ষকেৰে কৃষি সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি অহা যুৱসকলক বঁটা প্ৰদানো কৰিব। বিগত দিনত এই বঁটাটোৱে আই এফ এজেৰ সৈতে জড়িত দেশসমূহৰ পৰা অহা যুৱকসকলৰ পেছাদাৰী বিশেষজ্ঞতা আৰু নেতৃত্বৰ সম্ভাৱনাক সন্মান জনোৱা এক সন্মানীয় কাৰ্যসূচী হিচাপে পৰিচয় লাভ কৰিছে।

উল্লেখ্য যে এই সন্মানীয় বঁটাৰ বিজয়ীসকলে আনুষ্ঠানিক শ্ৰেণীকোঠাৰ প্ৰশিক্ষণ, অধিবেশন আৰু ব্যৱহাৰিক ক্ষেত্ৰভিত্তিক কাম সামৰি এক একচেটিয়া বুট কেম্পত অংশগ্ৰহণ কৰিব। এই বিস্তৃত কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে নেতৃত্ব, নেটৱৰ্কিং, আৰু যুৱ কৃষকসকলৰ পাৰদৰ্শিতাক কৃষিৰ ক্ষেত্ৰত কৰা আদিৰ বিষয়ত কাম কৰিব।

লগতে পঢ়ক- 

কৃষকৰ পথাৰত কম্বাইন হাৰ্ভেষ্টাৰ চলাই ধান কাটিলে বিধায়ক পৃথ্বীৰাজ ৰাভাই

English Summary: IFAJ Master Class and Young Leaders Preliminary Program 2023 in Canada

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.