
দেওবাৰে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে শিলচৰত উত্তৰ-পূবৰ প্ৰথমটো সৰ্ববৃহৎ ইউনানী চিকিৎসালয় আৰু গবেষণা কেন্দ্র আঞ্চলিক ইউনানী চিকিৎসা গবেষণা প্রতিষ্ঠান উদ্বোধন। উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এনুষ্ঠানটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ১০ বিঘা মাটিত ৫০খন আসন থাকা এই চিকিৎসালয়খন নিৰ্মাণৰ বাবে ৪৭ কোটি ৮৮ লাখ টকা ব্যয় হৈছে ৷ সমগ্ৰ উত্তৰ-পূবত আৱিষ্কাৰ হোৱা প্রায় ৩০০ প্ৰকাৰৰ বনৌষধি আৰু উদ্ভিদ বিষয়ে ইয়াত অধ্যয়ন কৰা হ'ব।
লগতে চিকিৎসালয়খনৰ চিকিৎসকসকলে প্ৰাচীন ভাৰতীয় পৰম্পৰাগত ইউনানী চিকিৎসা আগবঢ়াব বুলি কয় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে। চিকিৎসালয়খনৰ কৰ্মচাৰীসকলৰ নিযুক্তি সন্দৰ্ভত তেওঁ কয়- যে এই গবেষণা কেন্দ্র আৰু চিকিৎসালয়ত কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় যোগ্য প্রার্থীক নিযুক্তি দিয়া হ'ব।
লগতে পঢ়ক-
পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

মুকলি সভাত মীন, আবকাৰী আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, শিলচৰ আৰু কৰিমগঞ্জৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, কৃপানাথ মান্না, বিধায়ক মিহিৰ কান্তি সোম, জিলাৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমল মাহাতো আৰু আয়ুষ মন্ত্ৰ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে।
ইফালে, দেওবাৰৰ পুৱাৰ ভাগত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে এটা ৰক্তদান শিবিৰ মুকলি কৰে। তদুপৰি শিলচৰ এন আই টিত অল ইণ্ডিয়া ইন্টাৰ এন আই টি টুর্নামেন্ট-২০২২ উপলক্ষে ছাত্র- ছাত্ৰীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে।
লগতে পঢ়ক-
Share your comments