1. News

দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে ৬০ হাজাৰ দৰমহাৰ চাকৰি, আবেদনৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
দশম শ্ৰেণী উত্তীৰ্ণৰ ৬০ হাজাৰ দৰমহাৰ চাকৰি
দশম শ্ৰেণী উত্তীৰ্ণৰ ৬০ হাজাৰ দৰমহাৰ চাকৰি

কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ অধীনত অচিৰেই Mandolৰ ৩০ পদত প্ৰাৰ্থী নিয়োগ কৰা হ'ব। ইতিমধ্যে কামৰূপ জিলা উপায়ুক্তই অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে।

প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Mandolৰ মুঠ পদ ৩০টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, আ'বিচি/এমবিচিৰ ১১টা, এছচিৰ ২টা, দিব্যাংগ শ্ৰেণীৰ ১টা আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৩টা পদ সংৰক্ষিত থাকিব। আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে RCCC Training (Assam Surveys & Settlement Training Centre, Dakhingaon, Guwahati)ৰ ৬ মহীয়া পাঠ্যক্ৰম আৰু Computer Applications ৬ মহীয়া পাঠ্যক্ৰমৰ ডিপ্লামা/ প্ৰমাণ-পত্ৰধাৰী হোৱা হ'ব লাগিব।

লগতে পঢ়ক- 

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

বয়স ১ জানুৱাৰী ২০২২লৈ ১৮-৪০ বছৰ। বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০- ৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্ৰেড পে' লাভ কৰিব। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্থতা, বয়স, শ্রেণী ইত্যাদিকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ 0/0 Deputy Commissioner, Kamrup ৱেবছাইট https://niyukti.assam.gov.in/Imkamrup লগ-ইন কৰিব পাৰে।

আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ, ২০২২।

লগতে পঢ়ক-

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

English Summary: 10 passed get 60,000 salary Job

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.