1. News

Subsidies to farmers : বানপীড়িত আৰু খৰাং অঞ্চলৰ কৃষকলৈ ৰাজসাহাৰ্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বানপীড়িত কৃষকক চৰকাৰে দিব ৰাজসাহাৰ্য
বানপীড়িত কৃষকক চৰকাৰে দিব ৰাজসাহাৰ্য

খৰাং, বানপীড়িত কৃষকলৈ আশাৰ বতৰা। বানপানী, খৰাং বা অন্য প্ৰাকৃতিক কাৰণত শস্য নষ্ট হ’লেই কৃষকসকলে লাভ কৰিব ক্ষতিপূৰণ। গতিকে বানপীড়িত অঞ্চলৰ কৃষকসকলে এই সুবিধা লওঁক। অন্যথা লোকচানৰ সন্মুখীন হ’লেও নাপাব ক্ষতিপূৰণ।

কৃষকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ২০২৩-২৪ৰ অধীনত ৰাজ্যজুৰি পূৰ্ণগতিত চলি আছে বীমা কৰণ প্ৰক্ৰিয়া। কৃষক সকলে যি কোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সকাহ পোৱাৰ উদ্দেশ্য আজিয়েই নিজৰ শালি ধান আৰু মাটি মাহৰ খেতি দৰা বীমা কৰণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৰাজ্য কৃষি বিভাগে।

লগতে পঢ়ক-

Pineapple : তামুলপুৰত অনাৰসৰ খেতিৰে স্বাৱলম্বণৰ পথ বাচি লৈছে কৃষকে

কৃষিবিভাগে জানিবলৈ দিয়া মতে, শালি ধানৰ বীমা কৰাৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২৩। মাটি মাহৰ বীমা কৰাৰ অন্তিম তাৰিখ ১০ ছেপ্তেম্বৰ, ২০২৩। গতিকে কৃষকসকলে শালি ধানৰ বাবে ৩১ জুলাই আৰু মাটি মাহৰ বাবে ১০ ছেপ্তেম্বৰৰ পূৰ্বে শস্যডৰা বীমা কৰাই প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰক।

মাত্ৰ কেইটকা মান পইচা দি শস্যডৰা বীমা কৰাই ল’লেই যিকোনো প্ৰাকৃতিক দূৰ্যোগৰ পৰা ক্ষতি হোৱা খেতি ডৰাৰ ক্ষতিপূৰণ পাব আপুনি। আমাৰ বহু কৃষকৰ শস্যডৰা বীমা নকৰাৰ ফলত বান, খৰাং আদিত ক্ষতি হ’লেও লোকচানৰ সন্মুখীন হয়। কিন্ত ক্ষতিপূৰণ নাপায়। গতিকে বানপীড়িত, নৈপৰীয়া আৰু খৰাং অঞ্চলৰ কৃষকসকলে সামান্য মূল্য এটা দি শস্যডৰা বীমা কৰি লওঁক।

লগতে পঢ়ক- 

ৰাজ্যত আৰম্ভ হ’ল ভ্ৰাম্যমাণ "Mobile Veterinary Clinic"ৰ বাহন

English Summary: Subsidies to farmers in flood affected and drought areas

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.