1. News

কৃষকৰ পথাৰত কম্বাইন হাৰ্ভেষ্টাৰ চলাই ধান কাটিলে বিধায়ক পৃথ্বীৰাজ ৰাভাই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Paddy Grand Harvest Programme  in Bhokhua chapa
Paddy Grand Harvest Programme in Bhokhua chapa

শনিবাৰে শোণিতপুৰ জিলা কৃষি বিভাগ, এপাৰ্ট'ৰ উদ্যোগত আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI) ৰ তত্বাৱধানত তেজপুৰৰ ভোজখোৱা চাপৰিত বৰো ধান চপোৱা উৎসৱ ( Paddy Grand Harvest Programme ) অনুষ্ঠিত কৰা হয় । আদৰ্শ কৃষক কামালুদ্দিন খানৰ কৃষি পথাৰত বৰো ধান চপোৱা এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই।

অনুষ্ঠানতে কৃষিকাৰ্যত আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ কৰি, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে কৃষি বিভাগে প্ৰদান কৰা বিভিন্ন আঁচনিৰ জৰিয়তে ব্যৱসায়িক দৃষ্টিভংগীৰে কৃষকসকলক কৃষিকাৰ্যত নিয়োজিত হ'বলৈ পৰামৰ্শ আগবঢ়াই বিধায়ক পৃথ্বীৰাজ ৰাভাই ।

অনুষ্ঠানতে জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে ।জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই জিলাখনত চলি থকা বিভিন্ন আঁচনি ক্ৰমে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান (NFSM), ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা (RKVY), প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, PM Kisan ইত্যাদি আচঁনিৰ বিষয়ে বিষদভাৱে বিবৰণ আগবঢ়োৱাৰ লগতে কামালুদ্দিন খানৰ কৃষি পথাৰত পৰিসংখ্যা বিভাগে চলোৱা মূল্যাংকন অনুসৰি উন্নত জাতৰ ধান VNR 2245 কেৱল ১২০ দিনতে প্ৰতি বিঘাত প্ৰায় ১১ কুইণ্টল ধান উৎপাদন হোৱা বুলি মন্তব্য কৰে । 

লগতে পঢ়ক- 

Subsidies to farmers : বানপীড়িত আৰু খৰাং অঞ্চলৰ কৃষকলৈ ৰাজসাহাৰ্য

ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI) ৰ বিশেষজ্ঞ বিবেক কুমাৰে কৃষকসকলক অত্যাধুনিক প্রযুক্তিৰ কৃষি যন্ত্ৰ পাতি ব্যৱহাৰ কৰি খেতি কৰি কিদৰে কম খৰচতে অধিক উৎপাদন কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াই । ইয়াৰ পাছতে কৃষকৰ পথাৰত নিজেই কম্বাইন হাৰ্ভেষ্টাৰ চলাই ধান কাটি কৃষকসকলক উৎসাহিত কৰিলে তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই, তেখেতক সংগ দিলে শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই ।

অনুষ্ঠানত উপস্থিত থাকে পৰিসংখ্যা বিভাগৰ বিষয়া ৰঞ্জিতা দাস, কৃষি উন্নয়ন বিষয়া দীপাংকৰ বাৰিক,APART শোণিতপুৰৰ গৱেষণা কাৰিকৰী পংকজ বৰুৱা, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, আচঁনি বিষয়া ৰঞ্জিতা গোস্বামী, কৃষি সম্প্ৰসাৰণ সহায়ক নৃপেন ৰাজবংশী, চমছেৰ আহমেদ, APART ৰ উদ্যান শস্য সমন্বয়ক স্যমন্ত বৰাকে ধৰি জিলা কৃষি বিভাগ আৰু APART ৰ অন্যান্য বিষয়ববীয়াসকল ।

লগতে পঢ়ক- 

ৰাজ্যত আৰম্ভ হ’ল ভ্ৰাম্যমাণ "Mobile Veterinary Clinic"ৰ বাহন

English Summary: Paddy Grand Harvest Programme in Bhokhua chapa

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.