Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 October, 2022 12:40 PM IST
এন্দ্ৰুজ নামৰ জন কৃষকে তেওঁৰ ফাৰ্মত ১,১৫৮ কিলোগ্ৰামৰ এটা ৰঙালাও উৎপাদন কৰে

পাচলি বা ফলৰ আকাৰ স্বাভাৱিক আকাৰতকৈ যথেষ্ট ডাঙৰ হোৱা বহু সময়ত দেখা যায়। সেইবোৰৰ বিষয়ে যথেষ্ট আলোচনা আৰু পৰীক্ষা-নিৰীক্ষা আছে। কিন্তু বহুসময়ত সেইবোৰ স্বাভাৱিকতে ইমান ডাঙৰ আকাৰত বৃদ্ধি হয় যে একো একোটা অভিলেখ গঢ়ি উঠে। শেহতীয়াকৈ পুনৰ এনে এটা ঘটনা পোহৰলৈ আহিছে য'ত এজন কৃষকে উৎপাদন কৰে এটা ১১৫৮ কিলোগ্ৰামৰ ৰঙালাও। এই ৰঙালাওটো বৰ্তমান প্ৰদৰ্শনীত ৰখা হৈছে।

উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰঙালাও হিচাপে এই ৰঙালাউটোক স্বীকৃতি দিয়া হৈছে। প্ৰকৃততে এই ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ৰঙালাউটো উৎপাদন কৰা কৃষকজনৰ নাম স্কট এণ্ড্ৰুজ। এই ৰঙালাওটোৰ জড়িয়তে কৃষকজনে সমগ্ৰ উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰঙালাও উৎপাদন কৰাৰ অভিলেখ ভংগ কৰে। ডাঙৰ ৰঙালাউ উৎপাদনৰ বাবে বিশেষ কৌশল অৱলম্বন কৰাৰ কথা কৃষকজনে নিজে উল্লেখ কৰে। কেৱল এয়াই নহয়, কৃষকজনৰ এই ৰঙালাওটো বিশ্বৰ সৰ্ববৃহৎ ৰঙালাওৰ অভিলেখ ভংগ কৰাৰপৰা অলপহে পিছ পৰি আছে। অন্যথা বিশ্ব ৰেকৰ্ড এই কৃষকজনৰ নামতে হ'লহেঁতেন।

জানিব পৰামতে কৃষকজনক এই উৎপাদিত সামগ্ৰীৰ বাবে সন্মানিত কৰা হৈছিল আৰু পুৰস্কাৰো দিয়া হৈছিল।

নিউয়ৰ্কত অনুষ্ঠিত 'দ্য গ্ৰেট পাম্পকিন ফাৰ্ম'ত অনুষ্ঠিত বাৰ্ষিক ৱৰ্ল্ড পাম্পকিন ওজন প্ৰতিযোগিতাত কৃষকসকলে উৎপাদন কৰা ৰঙালাওৰ ওজন জোখা হৈছিল। তাত এই ৰঙালাওটোৰ ওজন পোৱা গৈছিল প্ৰায় 1158 কিলোগ্ৰাম। এই ৰঙালাওটো উৎপাদন কৰাৰ বাবে কৃষকজনক এখন প্ৰমাণপত্ৰ আৰু 5500 আমেৰিকান ডলাৰৰ পুৰস্কাৰৰ ধন দিয়া হয়।

খেতিয়কজনে প্ৰকাশ কৰা মতে তেওঁ মাজে মাজে ৰঙালাও আৰু লাউৰ খেতি কৰে। তেওঁ এই ৰঙালাওৰ বীজটো ৰোৱাৰ আগতে সিদ্ধান্ত লৈছিল যে এইবাৰ এটা ডাঙৰ আকাৰৰ ৰঙালাওৰ বীজ লোৱা হ'ব। যত্ন লোৱাৰ পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰি কৃষকজনে কয় যে তেওঁ নিষ্ঠাৰে ইয়াৰ লতা আৰু অন্যান্য অপ্ৰয়োজনীয় বস্তু কাটিছিল। একে সময়তে তেওঁ পুলিটোত উৎকৃষ্ট সাৰ প্ৰদান কৰি আছিল।

কৃষকজনে লগতে কয় যে ৰঙালাওবোৰ পোক-পতংগ, ভেঁকুৰ আৰু মেকুৰী আৰু ৰেকুনৰ দৰে জন্তুৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে।

১৬ অক্টোবৰলৈকে নিউয়ৰ্কৰ ক্লেৰেঞ্চৰ গ্ৰেট পাম্পকিন ফাৰ্মত প্ৰদৰ্শিত হ'ব এই দৈত্যকায় ৰঙালাওটো। কৃষকজনৰ ৰঙালাওটো আটাইতকৈ গধুৰ ৰঙালাওৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰাৰ খুব ওচৰত আছিল। উল্লেখ্য যে বৰ্তমান আটাইতকৈ গধুৰ ৰঙালাওৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ইটালীৰ এজন কৃষকৰ হাতত আছে। তেওঁ উৎপাদন কৰা এই বিশেষ ৰঙালাওটোৰ ওজন 1225 কিলোগ্ৰাম।

লগতে পঢ়কঃ চেনী উৎপাদনত ব্ৰাজিলক পিছ পেলালে ভাৰতে

English Summary: Huge pumpkin record
Published on: 06 October 2022, 12:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now