1. News

Mustard : যোৰহাটত ৭৫ হাজাৰ বিঘা মাটিত সৰিয়হৰ খেতিৰ শুভাৰম্ভ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mustard Farming In Jorhat
Mustard Farming In Jorhat

যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত 'মৰমৰ যোৰহাট' প্ৰকল্পৰ 'হালধীয়া যোৰহাট' পদক্ষেপৰ অধীনত জিলাখনত ৭৫ হাজাৰ বিঘা মাটিত সৰিয়হ খেতি কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে। শনিবাৰে ঢেকৰগঢ়া কৃষি চক্ৰৰ চাৰিঙীয়া গাঁৱত আনুষ্ঠানিকভাৱে সৰিয়হৰ বীজ সিঁচা হয়।

ইতিমধ্যে জিলাখনৰ আন আন কৃষি চক্ৰ সমূহৰ লগতে টীয়ক কৃষি চক্ৰৰ বৰমথাউৰিত ৪০০ বিঘা মাটিত, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প আৰু জাঁজীপৰীয়া এগ্ৰি হৰ্টি ফাৰমাছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত চেলেংহাট আৰু টীয়ক কৃষি চক্ৰৰ অন্তৰ্গত শগুনপৰা গাঁৱত ৩১০ বিঘা মাটিত আৰু বাহনা কৃষি চক্ৰৰ পুৰণি গোহাঁই গাঁৱৰ ১২ বিঘা মাটিত আনুষ্ঠানিকভাৱে সৰিয়হৰ বীজ সিঁচা হয়।

লগতে পঢ়ক- 

Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক

ইফালে, সৰিয়হৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কৃষকৰপৰা উৎপাদিত সকলো সৰিয়হ প্ৰতি কুইণ্টলত ৫৪৫০/- টকা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰিব আৰু সৰিয়হ খেতিৰ ক্ষেত্ৰত কৃষকক পাৰ্যমানে জিলা প্ৰশাসন আৰু কৃষি বিভাগে সহযোগিতা আগবঢ়াব।

উল্লেখ্য যে 'মৰমৰ যোৰহাট' প্ৰকল্পৰ 'হালধীয়া যোৰহাট' পদক্ষেপে ৰাজ্যৰ কৃষিখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক- 

Paddy : ধানৰ লেচেৰিকটা পোকৰ সমস্যা কেনেকৈ নিৰাময় কৰিব কৃষকসকলে!

English Summary: Huge Land Mustard Farming In Jorhat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.