1. News

Today Weather Report : ৰাজ্যত আজি আৰু কাইলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Weather Report
Weather Report

আজি আৰু কাইলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা কথা প্ৰকাশ কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বৰ্তমান ৰাজ্যৰ চহৰে-নগৰে হোৱা ধূলিৰ বাবে এজাক বৰষুণ প্ৰয়োজন যদিও কৃষকৰ বাবে বৰষুণ বৰ এটা জৰুৰী নহয়।

কিয়নো কৃষক ৰাইজে এতিয়া ধান চপোৱাৰ লগতে শীতকালীন খেতিৰ বাবে প্ৰস্তুতি চলাই আছে। গতিকে বৰষুণৰ বাবে আজি আৰু কাইলৈ ৰ দিনটো কৃষকসকলে বতৰৰ প্ৰতি লক্ষ্য ৰাখি কামবোৰ আগবঢ়াই নিব।

বতৰ বিজ্ঞান কেন্দ্ৰটোৱে আজি আৰু কাইলৈ ৰাজ্যৰ বিভিন্ন স্থানত হালধীয়া ৰঙৰ এলাৰ্ট জাৰি কৰিছে। লগতে, এই দুদিন ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ উপৰিও দক্ষিণ অসমৰ জিলা সমূহৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনাৰ আগজাননী দিছে।

ৰাজ্যত বৰ্তমান শুকান বতৰ চলি থকা সময়ত বতৰ বিজ্ঞানীসকলে ৰাজ্যত বৰষুণৰ আগজননী জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰটোৱে জনোৱা মত, অৱশ্যে দুদিনৰ বাবেহে বৰষুণ হ’ব। তাৰ পাছতে পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব বতৰ।

লগতে পঢ়ক- 

কৃষকসকলৰ বাবে এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে- ৬, ৭ আৰু ৮ ডিচেম্বৰ

English Summary: Today Weather Report

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.