1. News

ওড়িষ্যাৰ বীজ উৎপাদন সম্পৰ্কীয় কৰ্মশালাত অসমৰ ৯ প্ৰতিনিধিৰ অংশগ্ৰহণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ওড়িষ্যাত অনুষ্ঠিত বীজ উৎপাদন সম্পৰ্কীয় কৰ্মশালাত উপস্থিত থকা  অসমৰ প্ৰতিনিধ দলটো
ওড়িষ্যাত অনুষ্ঠিত বীজ উৎপাদন সম্পৰ্কীয় কৰ্মশালাত উপস্থিত থকা অসমৰ প্ৰতিনিধ দলটো

ওড়িষ্যাত অনুষ্ঠিত বীজ উৎপাদন সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত অসম চৰকাৰৰ অসম চৰকাৰৰ এটা ৯ জনীয়া প্ৰতিনিধি দল উপস্থিত থাকে। ৰেধুৱাত লাল ফাৰ্মত অনুষ্ঠিত কৰ্মশালাখনত উপস্থিত থকা প্ৰতিনিধি দলটোত আছে অসম চৰকাৰৰ ৰাজ্যিক বীজ নিগমৰ ৬ জন কৰ্মচাৰী আৰু কৃষক উৎপাদক সংগঠনৰ ৩ জন কাৰ্যবাহী সদস্য।

তিনিদিনীয়া কাৰ্যসূচীৰে ৰেধুৱাৰ ১৮ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হয় কৰ্মশালাখন। ৰেধুৱাৰ লাল ফাৰ্মত অনুষ্ঠিত এই কৰ্মশালাখনত ধানৰ বীজ উৎপাদন, প্ৰক্ৰিয়াকৰণ আৰু বিপণনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৰ্মশালাল প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি, প্ৰশিক্ষাৰ্থীসকলক সমল ব্যক্তি হিচাপে ড০ সত্য ৰঞ্জন দাস, OUT ৰ বীজ বিভাগৰ মুৰব্বী সীমান্ত মহন্ত আৰু ওড়িশা চৰকাৰৰ প্ৰাক্তন অপতৃণ বিষয়া সুকান্ত কুমাৰ জেনে পিপিটিৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আগবঢ়ায়। আৰু দ্বিতীয় কাৰ্যসূচী অনুসৰি, কদাম্বিনী বেহেৰা, অভনী বেহেৰা আৰু সুধিৰঞ্জন বাৰিকে লাল ফাৰ্মৰ পথাৰত ভাৰত চৰকাৰৰ পৰা লাভ কৰা সাতটা উন্নত ধানৰ জাত পৰিদৰ্শন কৰায়।

লগতে পঢ়ক- 

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

একেদৰে ১৯ নৱেম্বৰৰ দিনটোত গুৰু চৰণ ত্ৰিপাঠীয়ে প্ৰশিক্ষাৰ্থীসকলক ৰোগ আৰু কীট-পতংগৰ ওপৰত পি পি টিৰ জৰিয়তে, সিদ্ধানন্দ ডাঙৰীয়াই পাণ্ডা বীজ প্ৰমাণীকৰণ আৰু পৰেশ চন্দ্ৰই পাণ্ডা বীজ উৎপাদন বিষয়ত প্ৰশিক্ষণ আগবঢ়ায়। বিয়লিলৈ গৱেষক কৃষ্ণচন্দ্ৰই ধানৰ বীজ প্ৰক্ৰিয়াকৰণৰ প্ৰদৰ্শন কৰায়।

লাল ফাৰ্মত অনুষ্ঠিত কৰ্মশালা কিছু দৃশ্যাংশ
লাল ফাৰ্মত অনুষ্ঠিত কৰ্মশালা কিছু দৃশ্যাংশ

আনফালে, তৃতীয় দিনটোত ওড়িষ্যাৰ প্ৰাক্তন ৰাজ্যিক বীজ প্ৰমাণীকৰণ বিষয়া  ইলান্দি নন্দীয়ে ধানৰ বীজৰ বজাৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰে আৰু সোয়া বিশ্ববিদ্যালয় বিদ্যালয়ৰ ডীন বিজয় কুমাৰ ছাহুয়ে ধানৰ উৎপাদন আৰু বিপণনৰ প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে বিগত ২২ বছৰ ধৰি লাল ফাৰ্মে ২২ বছৰ ধৰি কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে বীজ উৎপাদন, প্ৰক্ৰিয়াকৰণ, বিপণন আৰু নতুন ধানৰ বীজ উৎপাদনৰ কাম কৰি আহিছে।

লগতে পঢ়ক- 

Mustard : যোৰহাটত ৭৫ হাজাৰ বিঘা মাটিত সৰিয়হৰ খেতিৰ শুভাৰম্ভ

English Summary: Seed Production Workshop in Odisha Participation of 9 representatives from Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.