1. এগ্ৰিপেডিয়া

Paddy : ধানৰ লেচেৰিকটা পোকৰ সমস্যা কেনেকৈ নিৰাময় কৰিব কৃষকসকলে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Paddy disease & Solution
Paddy disease & Solution

ধানৰ লেচেৰিকটা পোকৰ সমস্যা এতিয়া বহু ঠাইলৈ সিঁচৰিত হৈছে, বহু কৃষক বিপাঙত পৰিছে এতিয়া কি কৰা উচিত, শ্ৰদ্ধাৰ কৃষকবন্ধু সকল আপোনালোকৰ কৃষি ডৰা এই পোকৰ দ্বাৰা আক্ৰান্ত নহবলৈ বা হলে কি কৰা উচিত তাৰ বিষয়ে অকৃবি- মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনী,নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা,বিজ্ঞানী,  ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিৰ কিছু দিহা পৰামৰ্শ আপোনালোকলৈ বুলি আগবঢ়ালোঁ।

মূলপথাৰত ধান ৰোপনৰ পাছত কেইবাদিনলৈ বৰষুণ নিদিয়াকৈ থাকিলে আৰু পথাৰৰ মাজত চিৰাল ফাট দেখা দিলে, এই ধৰণৰ পোকৰ উপদ্ৰৱ হোৱাটো খাটাং ৷ ধান ৰোৱাৰ পৰা মণিধৰালৈকে Spodoptera mauritia নামৰ শুঁৰপোকৰ আৰু মণিধৰাৰ পাছতো Mythimna separata নামৰ লেচেৰী কটা পোকে গুটেই পথাৰ তহিলং কৰাৰ লগতে ধানৰ থোকবোৰৰ গুৰিতে কাটি দিয়ে৷ পথাৰত পৰ্যাপ্ত মাত্ৰাত পানী থাকিলে এইপোকে আক্ৰমণ কৰিবলৈ সুবিধা নাপায়৷ কিন্তু বৰষুণৰ অভাৱত পথাৰখন চিৰালফটা দিলে এই নিশা সক্ৰিয় পোকৰ উপদ্ৰৱ বাঢ়ে। এই প্ৰজাতিৰ পোকৰ পৰা হাত সাৰিবলৈ, ধানৰ মণিধৰাৰ সময়ত, উপযুক্ত ৰাসায়নিক কীটনাশক ধানৰ গুছা তিতি যোৱাকৈ স্প্ৰেমেছিনৰ মুখাগ্ৰভাগ (নজল) সুমুৱাই বিয়লি বেলা প্ৰয়োগ কৰিব লাগে৷ ২০১৪ চনত এই পোকৰ প্ৰাদূৰ্ভাৱ উজনি অসমত দেখা গৈছিল৷ এইপোকৰ পলুবোৰ দিনৰ ভাগত মাটিৰ তলত থাকি কৃষকৰ অলক্ষিতে ৰাতি ৰাতি ধাননিডৰা আক্ৰমণ কৰে আৰু বৰষুণ দিয়াৰ পাছত ধানগছৰ তলত আশ্ৰয়ৰ জেগা নাপাই গছৰ ওপৰলৈ উঠি আহে৷ লমালমে এই পোকবোৰ ধাননিত আকষ্মিকভাৱে দেখিলে এনে লাগে যেন কোনোবাই ওপৰৰ পৰা এই পোকবোৰ চটিয়াইহে থৈছে৷ সেয়েহে এনে পৰিস্থিতিৰ মুকাবিলা কৰিবলৈ কৃষক সকলে, কঠীয়া ৰোপনৰ আগত শিপাশোধন কৰা জৰুৰী আৰু প্ৰয়োজন সাপেক্ষে, ধান ৰোপনৰ পাছতেই ৰাসায়নিক কীটনাশক দ্ৰব্য উচিত মাত্ৰাত চটিওৱাৰ প্ৰয়োজন৷

লগতে পঢ়ক- 

Rural business : কৃষিভূমি একেবাৰে কম নেকি, তেন্তে এইকেইটা কাম কৰক

পতংগ প্ৰতিৰোধৰ পূৰ্বপ্ৰস্তুতি কিবা আছেনে

(১) শস্য চপোৱাৰ পাছত চ’ত-বহাগ মাহত মাটিডৰা দ-কৈ চহাই মাটিৰ তলত আশ্ৰয় লৈ থকা বিভিন্ন কীট পতংগৰ লেটাকে ধৰি অন্যান্য নিষ্ক্ৰিয়স্তৰ বোৰক পৰভোজী চৰাইৰ দ্বাৰা ভক্ষণৰ বাবে উন্মুক্ত কৰি দিব লাগে৷ এইধৰণৰ গ্ৰীষ্মকালীন কৰ্ষণৰ দ্বাৰা মাটিত থিতাপি লৈ থকা বিভিন্ন কীটপতংগৰ ওপৰিও শস্যৰোগ সৃষ্টিকাৰী বিজানুৰ আক্ৰমণৰ পৰা পথাৰখন কিছু পৰিমানে মুক্ত কৰিব পাৰি৷

(২) শস্যৰ পথাৰত গজা বন-বাতবোৰ নিৰাই চাফা কৰিব লাগে৷ শস্যৰ পথাৰৰ মাজৰ আলিবোৰ যথা সম্ভৱ সৰু কৰি বোকাৰে লেপি দিব লাগে আৰু ইয়াত গজা অপতৃনত আশ্ৰয় লোৱা কীট-পতংগৰ বিৰুদ্ধে কীটনাশক প্ৰয়োগ কৰা উচিত৷

(৩) কঠীয়াৰ আগ কাটি দিব লাগে, ইয়াত পাৰি থোৱা পতংগৰ ডিম্ব নাশ কৰাৰ ই উত্তম কৌশল৷ ধানৰোৱাৰ পাছত কৃষকসকলে অন্ততঃ এসপ্তাহৰ অন্তৰালত খেতিডৰা ওপৰৰ পৰা তললৈ নিৰীক্ষণ কৰা উচিত৷ ইয়াৰ দ্বাৰা পোক পতংগৰ আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি খেতিৰ প্ৰকৃত-লাভ বৃদ্ধি কৰিব পাৰি৷

(৪) নিশা জুই জ্বলাই বা আকাশ বাতি জ্বলাই নিশাচৰ চকৰীবোৰক আকৰ্ষণ কৰিব পাৰি৷ ফেৰমন ফান্দ ব্যৱহাৰ কৰিও এইপোকৰ অৱস্থিতিৰ বিষয়ে আগতিয়াকৈ অবগত হ’ব পাৰি৷ ফান্দত পৰা চকৰীৰ ওপৰত ভিত্তি কৰি নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সহজ হয়৷ অৰ্থনৈতিকভাৱে ক্ষতিকাৰী সীমা অতিক্ৰম কৰাৰ পাছত পতংগ-নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিলেও কৃষকজন আৰ্থিকভাৱে লাভান্বিত নহ’ব৷

পোক দেখাৰ পাছত লব লগা ব্যৱস্থাপনা

জৈৱিক কৃষিৰ কৃষকৰ বাবে নিদান কি?

(১) কেৰছিন তেল আৰু পানীৰ মিশ্ৰনত নাৰিকলৰ ৰছি ডুবাই আক্ৰান্ত ধাননিৰ ওপৰেদি চোচৰাই নিব লাগে৷ (দ্ৰষ্টব্যঃ কেৰছিনৰ পৰিবৰ্তে, নিম্নোক্ত ৰাসায়নিক কীটনাশকত ডুবাইও এই পদ্ধতি ব্যবহাৰ কৰিব পাৰি৷)

(২) যদি নিমতেল উপলব্ধ হয়, তেন্তে এইপোকে আক্ৰমন নকৰা পথাৰত প্ৰয়োগ কৰিলে, পোক বিকৰ্ষিত হ’ব৷ তাৰোপৰি, পতংগনাশক ভেঁকুৰ (বিউভেৰিয়া বেচিয়ানা আৰু নিমুৰিয়া ৰিলাই) আৰু পতংগনাশক ভাইৰাচ (এন. পি. ভি.) যদি সহজলভ্য হয় তেন্তে প্ৰয়োগ কৰি সুফল পাব৷ জৈৱিক কৃষিৰ কৃষকে এইবোৰ ব্যৱহাৰ কৰিব পাৰিব৷

ধানডৰা যেনেতেনে ৰক্ষা কৰিবলৈ কি কৃত্ৰিম কীটনাশক ব্যৱহাৰ কৰিম?

এই পোকে মহামাৰীৰ ৰূপ লোৱা অৱস্থাত কৃত্ৰিম ৰাসায়নিকৰ গত্যন্তৰ নাই৷ অৱশ্যে, এটা কথা ঠিক যে, ধান চপোৱাৰ পাছত মিলত বানি চাউল উৎপাদনৰ এই সুদীৰ্ঘসময়চোৱাত পথাৰত প্ৰয়োগ হোৱা কৃত্ৰিম ৰাসায়নিকৰ মানৱস্বাস্থ্যবিৰোধী গুণ বহু পৰিমানে হ্ৰাস পাই৷

(১)পতংগনাশক প্ৰয়োগ কৰিলে এই পোক জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে৷ সেয়েহে পথাৰৰ মাজত কীটনাশক চটিওৱাৰ আগতে, পথাৰৰ চৌপাশে পাউডাৰ জাতীয় কীটনাশক (কুইনলফচ ১.৫%) ৩- ৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে৷

(২) পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পাছত, কুইনলফচ ২৫ ই. চি. এইকেইটা কীটনাশকৰ যিকোনো এটা , ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত৷ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত৷

উপসংহাৰঃ

ধানৰোৱাৰ পাছত কৃষকসকলে পথাৰখন মাজে মাজে গৈ পৰিদৰ্শন কৰিব লাগে ৷ যিহেতু এইপোকবোৰ দিনৰভাগত ধাননিৰ গুৰিত লুকাই থাকে, সেয়েহে বৰষুণ কেইবাদিনলৈ নাহিলেই কৃষকে ধাননিৰ গুছাবোৰৰ তলত এইপোকৰ পলু বা লেটা আছে নেকি, সেয়া পৰীক্ষা কৰা উচিত৷ এইপোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ লগে লগে কৃষক সকলে সমুহিয়াকৈ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ ইয়াৰ আক্ৰমণ অকলে প্ৰতিৰোধ কৰা অসম্ভৱ৷ তদুপৰি, আনৰ পথাৰত এইপোকে আক্ৰমণ কৰিছে কিন্তু মোৰ পথাৰত নাই বুলি হাত সাবটি বহি থাকিলে নিজৰেই লোকচান হ’ব৷

[বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যৰ দ্বাৰা কীটনাশকৰ নাম সমূহ সন্নিবিষ্ট কৰা হৈছে। কৃষকৰ কামত আহিব পৰা দৰৱ সমূহৰ নাম উল্লেখ কৰিব যাওতে, কোনো কোম্পানী বা আন কাৰোবাৰ বিজ্ঞাপন দিব বিচৰা নাই আৰু লেখক দায়বদ্ধ নহ’ব]

লেখক : ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতি

বিজ্ঞানী, পতংগতত্ব বিভাগ

লগতে পঢ়ক- 

Coconut-Battle : কেৰ্কেটুৱাৰ পৰা তামোল-নাৰিকল ৰক্ষা কৰাৰ সহজ উপায়

English Summary: Banana Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.