Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 September, 2022 3:18 PM IST
How to Start Aloe Vera Farming

এলোভেৰা (Aloe barbadensis) এবিধ জনপ্ৰিয় ঔষধি উদ্ভিদ। ইয়াৰ পাতবোৰ দীঘল আৰু ডাঠ, ৰসাল। পাতৰ ভিতৰৰ পদাৰ্থ জেলীৰ দৰে দুৰ্গন্ধ থকা আৰু সোৱাদত তিতা। পাতৰ দৈৰ্ঘ্য ২৫-৩০ চেন্টিমিটাৰ আৰু প্ৰস্থ ৩-৫ চেন্টিমিটাৰ। সাধাৰণতে ই অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ফুলে আৰু দীঘল ফুলপাহৰ চাৰিওফালে বৃহৎ সংখ্যক সৰু সৰু গোলাপী ৰঙৰ ফুল থাকে। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ফলৰ বিকাশ হয়। শেহতীয়াকৈ এলোপেথিক ঔষধ ব্যৱহাৰ আৰু আকাশলংঘী মূল্যৰ বাবে জনপ্ৰিয় হৈ পৰিছে এলোভেৰা খেতি। যদিও প্ৰসাধন সামগ্ৰী নিৰ্মাণত এলোবেৰা ব্যৱহাৰ কৰা হয় যথেষ্ট বেছি। এলোবেৰাৰ বজাৰখন সম্প্ৰতি আমেৰিকাই আধিপত্য বিস্তাৰ কৰি আছে। বিপৰীতে ভাৰত আৰু চীনে ১০ শতাংশমান এলোবেৰা বছৰি উৎপাদন কৰে। কিন্তু এলোবেৰাৰ খেতিৰ দ্বাৰা ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ভাৰতে।

প্ৰাকৃতিকভাৱে  ফুল আৰু বীজৰ  পৰাই ইহঁতৰ বংশবিস্তাৰ হয় যদিও পৰম্পৰাগত কৃষি পদ্ধতিত এইবোৰৰ ব্যৱহাৰ নহয়। সাধাৰণতে অংগজ প্ৰজনন (Vegetative Propagation) দ্বাৰা ইহঁতৰ খেতি কৰা হয়। উষ্ণ জলবায়ু (Hot Climate) আৰু  বৰষুণ অধিক (Heavy Rain) হোৱা অঞ্চল এলভেৰা খেতিৰ বাবে উপযুক্ত। সকলো মাটিতে কম বেছি পৰিমানে ইয়াৰ খেতি ভাল হয় যদিও পানী অহা যোৱা কৰিব পৰা (Well drained)  সু ব্যৱস্থা থকা মাটিত ইয়াৰ উৎপাদন অধিক পৰিমানে হয়| মূল গছজোপাৰ পৰা  শিপাৰ অংশ উভালি আনি আন ঠাইত ৰোপণ কৰিব লাগে|

লগতে পঢ়ক- জিলা দিৱসত মহিলা কৃষকক উৎসাহিত কৰিব লখিমপুৰ জিলা কৃষি বিভাগে

এলোবেৰা খেতি

মাটিডৰা ২-৩ বাৰ ভালদৰে চহাব লাগে আৰু শিপা সমুহ ৰোবৰ বাবে বিচনা (Soil Layer/bed ) তৈয়াৰ কৰা হয়| এক হেক্টৰ মাটিত পায় দহ হেজাৰ এলভেৰাৰ শিপা (Seedling) ৰুব পাৰি| ৯০*৯০ ছেমি ব্যৱধানত এলভেৰা ৰুব লাগে। এলভেৰা বছৰত দুটা সময় (Two season) ত – জুন-জুলাই (June-july) তথা ছেপ্তেম্বৰ-অক্টোবৰ (September-october) মাহত কৰিব লাগে| সাধাৰণতে কীট-পতংগ তথা বেমাৰৰ দ্বাৰা এলভেৰাৰ ইমান ক্ষতি সাধন নহয় গতিকে কীট-পতংগ নিয়ন্ত্ৰণৰ (Pest Management ) ব্যৱস্থা ইমান উপলব্ধ নহয়| তথাপি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰতি হেক্টৰত ৩০ কেজি নাইট্ৰজেন ব্যৱহাৰ কৰিব পাৰি| প্ৰতি হেক্টৰত প্ৰায় ১৫ টন এলভেৰা পাত পোৱা যায়।

বৰ্তমান সময়ত যিদৰে এলভেৰাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা বাঢ়িছে তাৰ জলন্ত উদাহৰণ হিচাপে বজাৰত পোৱা বিভিন্ন ঔষধ তথা সৌন্দৰ্য্যমূলক বস্তুতে এলভেৰাৰ গুৰুত্ব পূৰ্ণ উল্লেখ পোৱা যায়। সেয়েহে এলভেৰাৰ খেতি তথা ইয়াৰ আনুসংগিক সামগ্ৰী প্ৰস্তুতকৰণ নিবনুৱা সমস্যাৰ সমাধানৰ এক পথ হিচাপে গন্য হব পাৰে।

লগতে পঢ়ক- জিলা দিৱসত মহিলা কৃষকক উৎসাহিত কৰিব লখিমপুৰ জিলা কৃষি বিভাগে

English Summary: How to Start Aloe Vera Farming
Published on: 27 September 2022, 03:13 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now