1. News

৮ বছৰত কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি- নৰেন্দ সিং টোমৰ

RAHUL ALI
RAHUL ALI
Farmers Income increase in last 8 years- Narendra Sing Tumor
Farmers Income increase in last 8 years- Narendra Sing Tumor

যোৱা আঠ বছৰত লাখ লাখ কৃষকৰ উপাৰ্জন দুগুণ হৈছে আৰু ইয়াৰ কৃতিত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে বিজ্ঞানী আৰু কৃষকসকলৰ প্ৰাপ্য- এই মন্তব্য কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ সিং টোমৰৰ।

শনিবাৰে দেশৰ কৃষিমন্ত্ৰী টোমৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ) ৰ ৯৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ভাষণ তেওঁ লগতে কয়, কৃষকসকলৰ উপাৰ্জনৰ সামগ্ৰিক বৃদ্ধি পূৰ্বৰ তুলনাত ১২৫.৪৪ শতাংশৰ পৰা ২৭১.৬৯ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে চৰকাৰে ২০১৬-২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আইচিএআৰৰ ৯৪ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্বোধন কৰাৰ লগতে আইচিএআৰ দ্বাৰা প্ৰস্তুত কৰা এখন ই-পুস্তিকাও মুকলি কৰে। য'ত বিগত ৮ টা বছৰত ৭৫,০০০ কৃষক কিদৰে সফল হৈছে আৰু চৰকাৰে বিগত ৮ টা বছৰত কৃষকৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু কামৰ খতিয়ান দাঙি ধৰিছে।

পুস্তিকাখন উন্মোচন কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয়, যোৱা ৮ বছৰত কৃষি খণ্ডৰ প্ৰচাৰ আৰু শক্তিশালীকৰণৰ বাবে সকলো ফালৰ পৰা প্ৰচেষ্টা কৰা হৈছে। লাখ লাখ কৃষকৰ উপাৰ্জন দুগুণ হৈছে, কিন্তু বহুতো কৃষকৰ উপাৰ্জন দুগুণতকৈও অধিক হৈছে।" তেওঁ লগতে কয় এই লাখ লাখ কৃষকৰ ভিতৰত আইচিএআৰে যোৱা বছৰ ৭৫,০০০ কৃষকক চিনাক্ত কৰিছে আৰু স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত তেওঁলোকৰ সফলতাৰ কাহিনী নথিভুক্ত কৰিছে।আইচিএআৰ বিবৃতি অনুসৰি,  ২০১৬-২০১৭বৰ্ষক মানদণ্ড বৰ্ষ আৰু ২০২১-২১ বৰ্ষক এই সফলতাৰ বছৰ হিচাপে গণ্য কৰা হব।

দেখা গৈছে চৰকাৰী প্ৰতিবেদনবোৰে বিগত বছৰৰবোৰ কৃষকৰ সোণালী দিন চিহ্নিত কৰিছে। কিন্তু এই বছৰবোৰতে হাজাৰ কৃষকে অৰ্থ সংকটত পৰি আত্মহত্যা কৰিলে লগতে কৃষি আইনৰ বিৰোধে আন্দোলন কৰি বহু কৃষকে প্ৰাণ হেৰুৱালে তাৰ হিচাপ কিন্তু নৰেন্দ সিং টোমৰে ভাষণত উল্লেখ নকৰিলে। উল্লেখ নকৰিলে আইচিএআৰৰ প্ৰতিবেদনতো।

লগতে পঢ়ক-সৌৰ পেনেলৰ ব্যৱসায় আৰম্ভ কৰক আৰু প্ৰতি মাহে উপাৰ্জন কৰক ২০ ৰ পৰা ২৫ হাজাৰ টকা

English Summary: Farmers Income Double in Last 8 Years- Narendra Sing Tumor

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.