1. News

প্ৰধান শস্য ঘেঁহুৰ পৰিৱৰ্তে ইউক্ৰেইনে আৰম্ভ কৰিছে তৈলজাত উদ্ভিদৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How the Russian invasion is changing Ukrainian farmers’ crops
How the Russian invasion is changing Ukrainian farmers’ crops

চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহতে আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বৰ্তমানেও অব্যাহত। যুদ্ধত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ইউক্ৰেইন। ফলস্বৰূপে দেশখনৰ সামাজিক ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তন দেখা গৈছে। যুদ্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে সকলো ক্ষেত্ৰতে। যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশখনৰ কৃষকে পূৰ্বৰ কৃষি পদ্ধতি সলনি বিকল্প কৃষি পদ্ধতি গ্ৰহণ কৰিছে। ইতিমধ্যে যুদ্ধৰ বাবে ইউক্ৰেইনৰ কৃষকে উতপাদিত ঘেঁহু ৰপ্তানি কৰাতো কঠিন হৈ পৰিছে।

গতিকে দেশখনৰ কৃষকসকলে ঘেঁহুৰ পৰিৱৰ্তে তেল উৎপাদনকাৰী উদ্ভিদৰ খেতিৰ প্ৰতি মন মেলিছে। আৰু যুদ্ধৰ মাজতে ইউক্ৰেইন চৰকাৰে তেওঁলোকক সহায় কৰিবলৈ পোলেণ্ডলৈ এক অভিনৱ পাইপলাইন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ইউক্ৰেইনৰ সাতটা অঞ্চলত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কৃষি শ্ৰমিকসকলে মাত্ৰ শীতকালীন ঘেঁহু, ৰাই, বাৰ্লি আৰু ৰেপচিড বীজ সিঁচিবলৈ আৰম্ভ কৰিছে। অৱশ্যে কৃষি নীতি আৰু খাদ্য মন্ত্ৰালয়ে আশা কৰিছে যে এইবাৰ শস্যৰ খেতিৰ বাবে কৃষিভূমি পৰিমাণ ৩৫% পৰ্যন্ত হ্ৰাস পাব।

ইফালে ৰাছিয়াৰ যুদ্ধ জাহাজে ইউক্ৰেইনৰ বন্দৰসমূহ অৱৰোধ কৰাৰ ৰখাৰ বাবে জুলাই মাহত ৰাষ্ট্ৰসংঘ আৰু তুৰস্কই ছত্ৰছাঁয়াত ইয়াৰ সমাধান হৈছিল। ইউক্ৰেইনে চাৰি মিলিয়ন টন শস্য ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল আৰু ছেপ্টেম্বৰ মাহত আৰু পাঁচ মিলিয়ন টন শস্য ৰপ্তানি কৰাৰ সম্ভাৱনা আছে। কিন্তু ভবিষ্যতক লৈ এতিয়াও চিন্তিত হৈ আছে কৃষকসকল। এনে কাৰণতে ইউক্ৰেইনৰ কৃষকসকলে শস্যৰ বিকল্প হিচাপে তেল উৎপাদনকাৰী উদ্ভিদ বাছি লৈছে।

ভাইছ’টাইকিয়ে পৰ্যবেক্ষণ কৰিছে যে ৰেপচিড ক্ৰমান্বয়ে ৰোপণ কৰা হৈছে। ই এক প্ৰকাৰৰ তেল উৎপাদনকাৰী উদ্ভিদ আৰু ই কেন’লা তেল তৈয়াৰ কৰে। এই তেল উতপাদনকাৰী উদ্ভিদবিধ সূৰ্যমুখী আৰু সৰিয়হৰ দৰে বসন্ত কালত বীজ সিঁচা হয়। এই সন্দৰ্ভত ভাইছ’টাইকি নামৰ বিষয়াগৰাকীয়ে জনা যায়- “এই বছৰ এক মিলিয়ন হেক্টৰ ৰেপচিড বীজ সিঁচিব পৰা যাব। ইতিমধ্যে সত্তৰ শতাংশ ৰেপচিড বীজ সিঁচা হৈছে, যাৰ পৰা প্ৰমাণ হৈছে যে কৃষকসকলে তৈল উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি আছে।’

লগতে পঢ়ক- ১ কিঃগ্ৰাঃ ধানৰ দাম ১৩ টকা। ১ কেজি তিয়ঁহৰ দাম ৪০ টকা। অথচ আমি ধান খেতিয়েই কৰিম!

English Summary: How the Russian invasion is changing Ukrainian farmers’ crops

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.