1. News

KVK Dibrugarh : ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত কবিতা, চিত্ৰাংকণ প্ৰতিযোগিতাৰে হিন্দী দিৱস উদযাপন

KJ Staff
KJ Staff

সমগ্ৰ দেশৰ লগতে ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰতো উলহ-মালহেৰে উদযাপন কৰা হ’ল হিন্দী দিৱস। অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে জ্যেষ্ঠ বিজ্ঞানী তথা কৃষি বিজ্ঞান কেন্দ্ৰটোৰ মূৰব্বী দিগন্ত শৰ্মাই। ভাষণত তেওঁ হিন্দী ভাষাৰ চৰ্চা আৰু হিন্দী ভাষাৰ চৰ্চাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ সম্প্ৰসাৰণ বিশেষজ্ঞ ড° ৰূপজ্যোতি বৰাই। ভাষণত তেওঁ কয়- ১৯৫৩ চনৰ পৰা প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰৰ দিনটোত হিন্দী দিৱস পালন কৰি আহিছে। তেওঁক কয়- হিন্দীক অন্যতম চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ আঁৰৰ কাৰণ আছিল বহুভাষিক জাতি এটাত প্ৰশাসন সৰল কৰা। হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও বহু সাহিত্যিক, কবি আৰু কৰ্মীয়ে প্ৰচেষ্টা চলাইছিল।

লগতে পঢ়ক- 

Agricultural Sector Challenges : কৃষি খণ্ডৰ প্ৰত্যাহ্বান: বিকল্পৰ সন্ধান

হিন্দী দিৱসৰ কাৰ্যসূচীৰ অংশ স্বৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা আয়োজন কৰে আয়োজকসকলে। হিন্দী মাধ্যমতে ছাত্ৰ-ছাত্ৰীসকলে বক্তৃতা প্ৰতিযোগিতা, ৰচনা প্ৰতিযগিতা, কবিতা আবৃত্তি আদিত অংশ লয়।

প্ৰতিযোগিতাৰ বিচাৰক হিচাপে থাকে নয়ন্তা গোহাঁই,  বন্দিতা কোঁৱৰ, হেমন্ত দত্ত, ড° হেমচন্দ্ৰ শইকীয়া আৰু চায়নিকা ঠাকুৰীয়াই। ২১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটোত প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকল অভিভাৱক, কৃষকৰ লগতে ডিব্ৰুগড়ৰ বহু গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক- 

Rural business : কৃষিভূমি একেবাৰে কম নেকি, তেন্তে এইকেইটা কাম কৰক

English Summary: Hindi Diwas organized at KVK Dibrugarh

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.