Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 February, 2023 7:26 PM IST
High-level delegation of Assam Agriculture Commission inspects agricultural land

অসম কৃষি আয়োগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে ১৭ ফেব্রুৰাৰীত মৰিগাওঁ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষি ভূমি পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে জিলা খনৰ ৰজামায়ং কৃষি চক্ৰৰ অধীনৰ হাতীমুৰীয়াত বিভাগৰ দ্বাৰা ৰূপায়ন কৰা বিভিন্ন প্ৰদৰ্শনীমুলক খেতি পৰিদৰ্শন কৰে। ইয়াৰ পাছত সোনতলী মাকৈ উতপাদন কোম্পানীৰ কাৰ্যালয়ত গোটৰ সদস্য আৰু একাংশ প্ৰগতিশীল কৃষকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহন কৰে।

উক্ত অনুষ্ঠানত অসম কৃষি আয়োগে কৃষক সকলৰ সৈতে কৃষকৰ উৎপাদিত ফচল আৰু বজাৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। ইয়াৰ পাছত আয়োগৰ দলটোৱে ঝাৰগাওঁস্থিত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত  বিভাগীয় বিশেষজ্ঞ, বিষয়া কৰ্মচাৰী, একাংশ কৃষক আৰু FPCৰ সদস্য সকলৰ সৈতে এখন গুৰত্বপূৰ্ণ সভাত মিলিত হয়। উক্ত সভাত জিলাখনৰ কৃষি ভূমিত  চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, কৃষি যান্ত্ৰীকৰণ, খেতিয়কৰ উৎপাদন বৃদ্ধি,কৃষকৰ আয় বৃদ্ধি আদি বিষয়ৰ লগতে খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ ওপৰতো মত বিনিময় কৰে।

অসম চৰকাৰৰ এই উচ্চস্তৰীয় আয়োগৰ দলটোৱে ইয়াৰ পাছত মনহাত মৰিগাঁও জিলাৰ মীন বিভাগৰ সহযোগত  আৰু সাৰথী কৃষক উতপাদক গোটৰ উদ্যোগত ৰূপায়ন কৰা মাছৰ পোনা উতপাদন কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে দিমৰুগুৰিত কপিলী কৃষক উতপাদক গোটৰ সদস্য সকলৰে এক আলোচনা মিলিত হৈ মিলেটৰ লগতে সংযুক্ত প্ৰনালীৰে ৰোপন কৰা বিভিন্ন প্ৰজাতিৰ খেতি ভুমি পৰিদৰ্শন কৰি কৃষক সকলক দিহা পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰিও মানিপুৰৰ ইয়াংলী FPCৰ কাৰ্যালয়ত কৃষিত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি পৰিদৰ্শন কৰে আয়োগৰ দলটোৱে।

আগন্তুক সময়ত অসমৰ কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৰ্বাংগীণ বিকাশৰ জৰিয়তে ৰাজ্যখনক কৃষি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ মূল লক্ষ্যৰে অসম কৃষি আয়োগ গঠন কৰা হৈছে। বৈঠকত অসম কৃষি আয়োগৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল ড° নলীন মহন, প্ৰাঞ্জল প্ৰকাশ শৰ্মা, ড° অতুল চন্দ্ৰ শৰ্মা, ড০ নুৰুল হুছেইন, মানবেন্দ্ৰ শৰ্মা, ড০ প্ৰদীপ মেধী, ড০ হলধৰ দেৱ শৰ্মা। পৰিদৰ্শনৰ সময়চোৱাত আয়োগৰ প্ৰতিনিধি সকলক জিলা কৃষি বিষয়া ইন্দ্ৰমোহন তালুকদাৰৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী সকলে সংগ দিয়ে।

লগতে পঢ়ক-Assam Millet Mission - শোণিতপুৰত মিলেট খেতিৰ সজাগতা সভা

English Summary: High-level delegation of Assam Agriculture Commission inspects agricultural land
Published on: 17 February 2023, 07:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now