1. News

Assam Millet Mission - শোণিতপুৰত মিলেট খেতিৰ সজাগতা সভা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
শোণিতপুৰত মিলেট খেতিৰ সজাগতা সভা
শোণিতপুৰত মিলেট খেতিৰ সজাগতা সভা

সমগ্ৰ দেশে পালন কৰি আছে আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ-২০২৩। অসমতো অসম চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাত কৃষকসকলে লাহে লাহে বুজিবলৈ চেষ্টা কৰিছে মিলেটৰ গুৰুত্ব আৰু প্ৰাসংগিকতা। জিলাই জিলাই কৃষি বিভাগৰ উদ্যোগত চলিছে মিলেটৰ সজাগতামূলক কাৰ্যসূচী।

এই সজাগতা সভাৰ অংশস্বৰূপে মিলেট খেতিৰ সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ লক্ষ্যৰে শোণিতপুৰৰ নাহৰবাৰীত এখন সজাগতা সভাৰ আয়োজন কৰে জিলাখনৰ কৃষি বিভাগে। মিলেট মিছনৰ জিলা ন’ডেল বিষয়া প্ৰণৱ বৰাই "অসম মিলেট মিছন"ৰ উদ্দেশ্য আৰু মিলেট খেতিৰ জৰিয়তে কৃষকসকল কিদৰে লাভান্বিত হ'ব পাৰে এই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

লগতে পঢ়ক- 

এই পদ্ধতিৰে ধান খেতি কৰিলে তিনিগুণ লাভ হ’ব কৃষকজনৰ

প্ৰশিক্ষণ কালতে মিলেট খেতিৰ বাবে কৃষি বিভাগৰ তৰফৰপৰা বিভিন্নধৰণে সহায়-সহযোগিতা আগবঢ়াব বুলি সদৰী কৰে মিলেট মিছনৰ জিলা ন’ডেল বিষয়া প্ৰণৱ বৰাই। লগতে সজাগতা সভাখনতে একাংশ কৃষকৰ মাজত মিলেট শস্যৰ বীজ বিতৰণ কৰে কৃষি বিভাগে।

সভাত উপস্থিত থাকে কৃষি সম্প্ৰসাৰণ সহায়ক ধ্ৰুৱ ডেকা, ধ্ৰুৱ দাস, Millet Extension Executive বিদিশা বৰা, BTM মেঘালী কলিতা, বেলশিৰি কৃষি উৎপাদক কোম্পানীৰ CEO নীলোৎপল গোহাঁই, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, APARTৰ বন্ধন চুব্বাৰ লগতে ২০০ৰো অধিক কৃষক৷

লগতে পঢ়ক- 

বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা

English Summary: Millet cultivation awareness meeting in Sonitpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.