1. News

Aadi Mahotsav: দিল্লীত অনুষ্ঠিত জনজাতি মহোৎসৱৰ আজি দ্বিতায়টো দিন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
2nd day of Aadi Mahotsav-2023
2nd day of Aadi Mahotsav-2023

দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জনজাতি মহোৎসৱ ২০২৩। ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে চলিব এই মহোত্সৱ। অনুষ্ঠানত জনজাতীয় সংস্কৃতি, শিল্পকৰ্ম, খাদ্য, বাণিজ্য আৰু পৰম্পৰাগত শিল্পকলা প্ৰদৰ্শন কৰা হৈছে। ২০০টা ষ্টলৰ জৰিয়তে সমগ্ৰ দেশৰ জনজাতীয়, জনগোষ্ঠীসমূহৰ চহকী শিল্পকলা আৰু বৈচিত্ৰময় ঐতিহ্য প্ৰদৰ্শন কৰা মেলাখনত। লগতে দেশৰ প্ৰায় এক হাজাৰ জনজাতীয় শিপিনীয়ে এই উৎসৱত অংশগ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে জনজাতি মহোৎসৱ ২০২৩ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁক সংগ দিয়ে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই। শুভাৰম্ভণি অনুষ্ঠানতে স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক- 

এই পদ্ধতিৰে ধান খেতি কৰিলে তিনিগুণ লাভ হ’ব কৃষকজনৰ

ভাষণতে প্ৰধানমন্ত্ৰী মোডীয়ে কয়- জনজাতি মহোৎসৱত বিভিন্ন ধৰণৰ ৰস, বিভিন্ন ৰং! সুন্দৰ সাজ-পোছাক, গৌৰৱময় পৰম্পৰা! বিভিন্ন কলা, বিভিন্ন শিল্পকৰ্ম! বিভিন্ন ৰুচি, বিচিত্ৰ কলা সংস্কৃতিয়ে কান্ধত কান্ধত থৈ ভৱিষ্যতৰ বাবে একেলগে থিয় দিছে।

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় পৰম্পৰা ভাৰতৰ ঐতিহ্য আৰু গৌৰৱ, বাঁহৰ সামগ্ৰীৰ জনপ্ৰিয়তা, পৰম্পৰাগত শিপিনীৰ বাবে গ্ৰহণ কৰা আঁচনিৰ, একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বিষয়েও উল্লেখ কৰে। এই আঁচনিসমূহে বিগত দিনত কেনেদৰে জনজাতীয় সমাজত প্ৰভাৱ পেলাব সেইবিষয়েও উল্লেখ কৰে।

লগতে পঢ়ক- 

বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা

English Summary: 2nd day of Aadi Mahotsav-2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.