Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 December, 2022 5:39 PM IST

আঘোণৰ পথাৰত এতিয়া হেঁপাহ সোণগুটি বোটলাৰ বতৰ । আঘোণৰ মাজতে লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। আঘোণৰ আছে এক গাম্ভীৰ্য্যতা, আছে তাৎপৰ্য্যতা আৰু বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন চহা জীৱন কটোৱা  অসমীয়া খেতিয়কেহে। ইয়াৰ মাজতে আছে এক সুকীয়া মাদকতাও। শাওন মহীয়া প্ৰখৰ ৰ’দ বৰষুণ একাকৰ কৰি  বোকা পানী গচকি বহু কষ্টৰে হাল কোৰ মাৰি হেপাঁহৰ খেতি দৰা ৰোপন কৰাৰ অন্তত হেপাহৰ ধাননি দৰা যেতিয়া সোনগুটিৰে উপচি পৰিব তেতিয়া কৃষকসকল স্বাভাৱিকতেই আনন্দত আত্মহাৰা হৈ পৰে ৷ সেই হেপাঁহৰ সোণগুটি  চপাই অনাৰ এতিয়া ভৰপক সময় ৷ কৃষকে এই আঘোণ মাহতে হেপাঁহৰ সোণগুটি আনি চোতালত মৰণা মাৰি ভৰাঁলত অতি যত্নেৰে বছৰটোৰ কাৰনেই সাঁচি ৰাখে ৷ অসমীয়া গাঁৱলীয়া জীৱনৰ বাবে এই আঘোণ মাহটোৱেই অতি ব্যস্ততাপূৰ্ন  মাহ ৷ 

আঘোণ মানেই মৰণা

তামুলপুৰৰ পথাৰতো দেখা গৈছে আঘোণৰ সেই মাদকতাপূৰ্নময় পৰিবেশ৷ ধাননি পথাৰত কৃষক-দাৱনিসকলে হাতত কাঁচি লৈ ধান চপো্ৱাত ব্যাস্ত ৷ আঘোণৰ মাহৰ সেই মাদকতাৰ মাজতে আধুনিক বিজ্ঞান প্ৰযুক্তিৰে ভৰা দিনত আজিৰ কৃষকসকলে কিছু পথাৰত আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি ধান চপোৱা কাম কৰিছে ৷ তথাপি আধুনিক বিজ্ঞান প্ৰযুক্তিয়ে সকলো কৃষকক ঢুকি পোৱা নাই ৷

আজিৰ সময়ত জলবায়ুৰ পৰিবৰ্তনে কৃষিকাৰ্যৰ ধৰনো সলনি কৰিবলৈ বাধ্য হৈ পৰিছে কৃষক সকল ৷ তথাপি জলবায়ুৰ পৰিবৰ্তনক প্ৰত্যাহ্বান হিচাপে লৈ আজিৰ সময়ত কৃষকসকলে কৰি আহিছে কৃষিকাৰ্য ৷ এইবেলি অতিবৃষ্টি আৰু অনাবৃষ্টিৰ আলিদোমোজাৰ মাজেৰে ধান খেতি কৰি পথাৰৰ উৎপাদিত ধান চপোৱাত কৃষক সকল ব্যাস্ত যদিও ধান উৎপাদনৰ লক্ষ্যত উপনীত হ’বলৈ অধিক সফল হ’ব পৰা নাই যেন অনুভৱ হয় ৷ কৃষকসকলৰ মতে, ধান উৎপাদনৰ লক্ষ্যত উপনীত নোহোৱাৰ কাৰণ বতৰৰ পৰিবৰ্তন ৷ ঠাই ভেদে কৃষকে বতৰৰ সামঞ্জস্য ৰাখি ধান খেতিৰ পৰা ফল আহৰণ কৰিবলৈহে সক্ষম হোৱা দেখা গৈছে ৷ কটাহবাৰীৰ  বৈকুণ্ঠ বসুমতাৰী এজন জ্যেষ্ঠ কৃষক ৷ ২৭ বিঘা মাটিৰ বেচিভাগতে ৰঞ্জিত ধান ৰোপন কৰি ইতিমধ্যেই ফচল সংগ্ৰহ কৰিছেই ৷ আনহাতে ছয়বিঘা মাটিত তেওঁ থলুৱা প্ৰজাতিৰ শুৱাগমণি ধান কৰিছে ৷ সোৱাদযুক্ত থলুৱা ধানৰ খেতি বহুদিন ধৰি কৰি আহিছে নিজৰ খোৱাৰ কাৰনে ৷ বিঘাই প্ৰতি শুৱাগমণি উৎপাদন হয় ৬ মোনকৈ ৷ 

লগতে পঢ়ক-

Hornbill Festival : বিহংগম দৃষ্টিৰে কিনেই লিচানো আৰু নাগালেণ্ডৰ মহিলা সমাজ

আঘোণৰ পথাৰত বহুত কাম

তাৰ তুলনাত ৰঞ্জিত উৎপাদন হৈছে ১৫/১৬ মোন প্ৰতিবিঘাত। তেওঁ কয় যে বতৰে কিছু ব্যাঘাত জন্মাইছে ৷ যদিহে বতৰৰ তাৰতম্য নহয় সঠিকভাৱে কৃষকে ধান উৎপাদন লাভ কৰিব পাৰে ৷ তথাপি মই যিহেতু কৃষিৰ ওপৰতে নিৰ্ভৰশীল গতিকে খেতি কৰিয়েই আছো ৷ বতৰৰ সৈতে মিলিযোৱাকৈ ধান খেতি কৰিব পাৰিলে আমাৰ ভাল হয় ৷ জলসিঞ্চন শূন্য আমাৰ পথাৰ ৷ যদি বতৰৰ পৰিবৰ্তন হৈ থাকে আমাৰ দৰেই কৃষক সকল সমস্যাত পৰিব ৷ ডুমুৰীয়াৰ ৰঞ্জিত বড়োক পথাৰতে দাৱনিৰ সৈতে ধান কাটি থাকোতে লগ পালো ৷ তেওঁ মুঠ দহবিঘা মাটিত ধান খেতি কৰিছে ৷ ৰঞ্জিত ধান কৰিয়েই আছে ৷ উৎপাদন ভাল হৈছে বুলি কোৱাৰ উপৰিও থলুৱা প্ৰজাতিতকৈ ৰঞ্জিত ধানৰ উৎপাদন বেছি হয় কাৰণেই এই ধান ৰোপন কৰি আহিছে বুলি কয় ৷ তেওঁৰ বছৰৰ কিছু মাহ বহিঃৰাজ্যত গৈ কামো কৰে ৷ ধান বিক্ৰী সন্দৰ্ভত কয় যে আমি ধানৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আছো ৷ কিয়নো চৰকাৰী নিয়মৰ মাজেৰে আমি চলাতো টান হয় ৷

যদি ঘৰতে আহি এজেন্সীবোৰে ধান কিনি নি পইচা খিনি ঘৰতে দিয়াৰ দিহা কৰে তেতিয়াহ’লে আমাৰ কৃষক সকল উপকৃত হ’ব ৷ আমি ধান বিক্ৰি কৰিহে ধান কটা, ধানৰ মৰণা মৰা টেক্টৰক পইচা দিব পাৰো ৷ ৰামেচুবুৰীৰ সুৰজিত ৰাভা ৷ এজন যুৱ কৃষক ৷ এইবেলি এশ বিঘা মাটিত ধানখেতি কৰিছিল ৷ আগতীয়াকৈ পথাৰৰ পৰা ধান কাটি ইতিমধ্যেই ধান বিক্ৰীও কৰিলে ৷ তেওঁ কয় যে আমাৰ ইয়াত ৰঞ্জিত ,বাহাদুৰ, মাইচুৰি আদিৰহে খেতি কৰো ৷ এইবাৰ আমাৰ ইয়াত শাওণ মাহত ১৮ দিনধৰি  বৰষুণ নাই ৷ খৰাং সদৃশ পৰিবেশ ৷ কৃষকৰ কিছু লোকচান হোৱাতো স্বাভাবিক ৷ জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই ৷ থকিলেও বেচিভাগ পথাৰত আইৰণৰ প্ৰভাৱত পৰি পথাৰত পানী দিলে হালধিয়া হৈ পৰে ৷ এইবাৰ আগতীয়াকৈ বৰষুণ দিয়াত কিছু ক্ষতিও হৈছে ৷ বতৰৰ পৰিৱৰ্তনে কৃষকৰ ধান উৎপাদনত ব্যাঘাত জন্মাইছে যদিও ঠাই বিশেষে ধানৰ উৎপাদন আশাকৰা ধৰনে ভাল নহ’লেওঁ ধান উৎপাদন বেয়াও হোৱা নাই ৷ সেয়ে বতৰৰ পৰিবৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি পথাৰত খেতি কৰাৰ মানসিকতা গঢ়ি তোলাৰ সময় সমাগত বুলি কয় ৷ লতিবাৰী অঞ্চলৰ এগৰাকী যুৱ কৃষক অমৰ শীল ৷ শীলে কয় যে এইবাৰ আগতীয়াকৈ বৰষুণ বেছি হ’ল ৷ বানপানী হ’ল ৷ আগতীয়াকৈ ধান খেতি লগাব নোৱাৰিলো ৷ তাৰ পাছতে খৰাংময় পৰিবেশ হ’ল প্ৰায় এমাহকাল ৷ গতিকে পথাৰত পানীযোগানৰ স্থায়ী ব্যৱস্থা কৰিব নোৱাৰিলে আমি খেতি কৰি ভাল ফল নাপাম ৷ সেয়ে ৰাজ্য চৰকাৰে কৃষি পথাৰত পানীযোগানৰ দিহা কৰক ৷ তেতিয়াহে আমি বিশেষকৈ ধান খেতি কৰি আশা কৰা ধৰণে ফচল উৎপাদন কৰিব পাৰিম ৷ বতৰৰ পৰিবৰ্তনৰ সৈতে মিলাকৈ আমি খেতি কৰিব পাৰিলে ভাল হ’ব ৷ সেয়ে কৃষক সকলক উপযুক্ত প্ৰশিক্ষণৰ দিহা কৰি বতৰ অনুযায়ী ধান ,মাহ সৰিয়হৰ আদি বিভিন্ন বতৰত হোৱা খেতি কৰাৰ উপৰিও ধান খেতিত মনোযোগ দি কৰিব পাৰিব কৃষক সকলে ৷ তেতিয়াহে নিশ্চয় খেতিয়কসকল সফল হ’ব ৷ চৰাকৰেও লক্ষ্যত উপনীত হৈ ৰাজ্যৰ কৃষিঅৰ্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হ’ব বুলি ভাৱো ৷ গান্ধীবাৰীৰ ছাত্ৰ নেতা তথা যুৱ কৃষক সন্তোষ পাটোৱাৰী ৷

আঘোণৰ পথাৰত টেঙাৰ জুতি দাৱনীৰ

গান্ধীবাৰীৰ কৃষক ৰাইজে ধানোখেতিৰ সমান্তৰালভাৱে শাক-পাচলি, মাহজাতীয় খেতি কৰি জীৱন নিৰ্বাহ কৰে আহিছে ৷ কৃষি প্ৰধান অঞ্চলটো আগতীয়াকৈ ধান কাটি উঠিছে । পথাৰত এতিয়া সৰিয়হ খেতি লগাইছে ৷ এইবিলি অঞ্চলটোত বৰণদী ( পুঠিমাৰী ) নদীৰ বাঢ়নী পানীয়ে বাৰুকৈয়ে দিকদাৰ দিছে ৷ খেতিপথাৰ বানৰ কৱলত পৰাত ধানৰ উৎপাদন ভাল হোৱা নাই ৷ সন্তোষ পাবোৱাৰীয়ে কয় যে বানৰ পাছতে খৰাং সদৃশ পৰিবেশ ৷ আমাৰ ইয়াত দুখনমান  জলসিঞ্চন আঁচনি আছে তাকো ভালুক সাঙীত পৰিণত হৈছে ৷ সেয়ে কৃষকে পানীৰ অভাৱত পৰিছে ৷ ফলত আগতীয়াকৈ ৰোপন কৰা ধাননী পথাৰত বানে ক্ষতি কৰাত আৰু পাছত খৰাঙৰ কৱলত পৰাত কৃষকে সমস্যাৰ সন্মুখীন হৈছে ৷তথাপি কৃষকসকলৰ নিজা প্ৰচেষ্টাৰে বৰষুণ আৰু খৰাঙৰ মোকাবিলা কৰি ধান উৎপাদন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে যদিও যি হাৰত ধান উৎপাদন হ’ব লাগিছিল সেয়া সম্ভৱ হৈ নুঠিল একমাত্ৰ বতৰৰ কাৰনেই ৷ সেয়ে আজিকালি একাংশ কৃষকে খেতি কৰিবলৈ এৰি বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈছে ৷ তেওঁ কয় যে এমাহত একো একোজন যুবকে হেনো মাহিলী দহ -৫০/৬০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ পাটোৱাৰীয়ে কয় যে তাতে আকৌ পথাৰ ধান পকাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱে ভুতৰ ওপৰত দানৱ পৰাদি পৰি কৃষকৰ হাড় ভঙা পৰিশ্ৰমৰ ফচল খেতি নষ্ট কৰি পেলায় ৷ খৈৰানী কাউলী আদি ভাৰত - ভুটান এলেকাত হাতীৰ মানুহৰ সংঘাতৰ ফলত পাহাৰৰ দাতিকাষৰীয়া ঠাইবোৰত ধানখেতিবোৰ হাতীৰ অতিশয্যাৰ কাৰণেও সমস্যাই দেখা দিছে ৷ কৃষকসকল এই ক্ষেত্ৰত বছৰি বহু লোকচানৰ সন্মুখীন হয় ৷

আনহাতে তামুলপুৰৰ উত্তৰে এতিয়া একাংশ কৃষকে ধান খেতিৰ পৰিবৰ্তে তামোল খেতি কৰাত গুৰুত্ব দিছে ৷ এডাল তামোলত বছৰি এক হাজাৰ টকা দিব পাৰে ৷ গতিকে এবিঘা দুবিঘা তামোল কৰিলে ছয় সাতবছৰ পাছত তামোলে ফল দিবলৈ সক্ষম হয় ৷ তেতিয়া ধান খেতিত কৈ বেচি লাভান্বিত হোৱা আশা দেখি ধান খেতি পৰিবৰ্তে তামোলৰ ড়েতি কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ কিন্ত তাৰ মাজতো কৃষক পৰিয়াল বোৰে নিজৰ পৰিয়ালৰ খোৱাৰ বাবে ধানমুঠি সংগ্ৰহ কৰিবলৈকে একাংশ কৃষকে নিয়মাফিক ধান খেতি কৰাও দেখা গৈছে ৷ ধান খেতি কৰা কউৃষক সকলে এতিয়া শ্ৰমিকৰ সমস্যাতো পৰিছে ৷ পথাৰত ধান কাটিবলৈ হ’লে  অধিক মূল্য ভৰিব লগা হৈছে ৷ অৱশ্যে একাংশ মহিলা দাৱনি ধান কাটিবলৈ ওলাই আহিছে সেয়া সমাজৰ কাৰণেই সুখবৰ ৷ গাড়োঘুটু গাঁৱৰ পথাৰত মহিলাসকলে দল বান্ধি আঘোণৰ পথাৰত এক সুকীয়া মাদকতাৰে ধান দাৱনি কৰি থকা দৃশ্য আছিল মনোৰম ৷ ওচৰলৈ গৈ সোধাত এইবেলি খেতি ভাল হোৱা নাই বুলি কয় লক্ষ্মী টুডুৱে ৷ বৰষুণৰ অভাৱতে ধানৰ উৎপাদন কম হোৱা বুলি কৈ তেওঁ কয় যে, আমাৰ পৰিয়ালটো কিবাকৈ বছৰটো খাব পাৰিম ৷ জানিব পৰা মতে তামুলপুৰ জিলাখনৰ ৩৯,১২১ কৃষকে  ১৩,৯৭৯.৫ হেক্টৰ ভূমিত ধান খেতিত জৰিত হৈ আছে ৷ এইবেলি তামুলপুৰ জিলাত চৰকাৰী অনুমোদীত মূল্যত কৃষকৰ ধান কিনিবলৈ  দুটাকৈ কেন্দ্ৰ স্থাপন কৰিছে ৷ তাৰে তামুলপুৰ ৰাজহ চক্ৰত ৫০০০ মেট্ৰিকটন আৰু গোৰেশ্বৰ চক্ৰত ২০০০ মেট্ৰিকটন মুঠ ৭০০০ মেট্ৰিকটন  উৎপাদিত হোৱা ধান খেতিয়ক সকলৰ পৰা কিনিবলৈ লক্ষ্য স্থিৰ কৰিছে ৷ ইতিমধ্যেই বিগত বছৰত বিভাগটোৱে ধান কিনিবলৈ নিৰ্ধাৰণ কৰা লক্ষ্য অতিক্ৰম কৰিছে মাত্ৰ এটা চৰাকৰী অনুমোদীত  ধান বিক্ৰি কেন্দ্ৰৰ জৰিয়তেই ৷

লগতে পঢ়ক- 

পাগলাদিয়া পাৰত কৃষি বিপ্লৱ আলায়াৰন আবাদাৰী কৃষিপাম সমবায় সমিতিৰ

প্ৰেৰক- উৎপল ডেকা, তামুলপুৰ

ফোন- ৯৯৫৪৬৪০৯৯৫

English Summary: Harvesting by Assamese Farmer! Aghon
Published on: 11 December 2022, 05:01 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now