1. News

‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানঃ ১৩ৰ পৰা ১৫ আগষ্টলৈ দেশৰ ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উৰিব ত্রিৰংগা, অসমতো ৮০ লাখ পতাকা উত্তোলনৰ পৰিকল্পনা

Pranita Chutia
Pranita Chutia
‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অধীনত দেশজুৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উত্তোলন কৰা হ’ব  ত্রিৰংগা
‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অধীনত দেশজুৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উত্তোলন কৰা হ’ব ত্রিৰংগা

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰ আজাদী কি অমৃত মহোত্সৱ। ইয়াৰ লগত সংগতি ৰাখি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অধীনত ১৩ৰ পৰা ১৫ আগষ্টলৈ তিনি দিনৰ বাবে দেশজুৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত ত্রিৰংগা উত্তোলন কৰা হ’ব (National Flag will be hoisted more than 20 crore houses)।

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত সম্পন্ন হ’বলগীয়া এই অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ, প্ৰশাসকৰ সৈতে।

 গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ২২ জুলাইৰ পৰা সকলো ৰাজ্য চৰকাৰৰ ৱেবছাইটৰ হোমপেজত ৰাষ্ট্ৰীয় পতাকা প্ৰকাশ কৰাৰ লগতে নাগৰিকসকলকো তেওঁলোকৰ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আৰু অন্যান্য ছ’চিয়েল মিডিয়া একাউণ্টত ত্ৰিৰংগা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা উচিত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ নতুন ধৰণে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে আৰু ‘হৰ ঘৰ ত্ৰিৰংগা' অভিযানে (Har Ghar Triranga Campaign) দেশপ্ৰেমৰ মনোভাৱক উচ্চতম পৰ্যায়লৈ লৈ যাব বুলি তেওঁ উল্লেখ কৰে। অসমতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ উপায়ুক্তসকলক নিৰ্দেশনা প্ৰদান কৰে। তেওঁ ফেচবুক পোষ্টযোগে উল্লেখ কৰে যে সমগ্ৰ ৰাজ্যতে আশী লাখ পতাকা উত্তোলন কৰা হব আৰু এইক্ষেত্ৰত ইতিমধ্যে জিলা উপায়ুক্তসকলক উপযুক্ত নিৰ্দেশনা জাৰি কৰা হৈছে।

প্ৰতিটো পৰিয়ালক পতাকা প্ৰদানৰ লগতে চৰকাৰে গ্ৰহণ কৰা ব্যাপক ব্যৱস্থাৰ উপৰি সজাগতা সৃষ্টিৰ বাবে শীৰ্ষ সংগীত, সংবাদ মাধ্যমত প্ৰচাৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হব৷

লগতে পঢ়কঃ দেশৰ "আজাদী কা অমৃত মহোৎসৱ"ৰ সামৰণি অনুষ্ঠানৰ অংশস্বৰূপে অসমৰ ৮০ হাজাৰ চৰকাৰী প্ৰতিষ্ঠানক "শ্যামলী চৌহদ" হিচাপে গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ।

English Summary: Har Ghar Triranga Campaign

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.