1. News

দেশৰ "আজাদী কা অমৃত মহোৎসৱ"ৰ সামৰণি অনুষ্ঠানৰ অংশস্বৰূপে অসমৰ ৮০ হাজাৰ চৰকাৰী প্ৰতিষ্ঠানক "শ্যামলী চৌহদ" হিচাপে গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ।

Pranita Chutia
Pranita Chutia
৮০ হাজাৰ চৰকাৰী প্ৰতিষ্ঠানক "শ্যামলী চৌহদ" হিচাপে গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
৮০ হাজাৰ চৰকাৰী প্ৰতিষ্ঠানক "শ্যামলী চৌহদ" হিচাপে গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ "আজাদী কা অমৃত মহোৎসৱ"ৰ সামৰণি অনুষ্ঠানৰ অংশস্বৰূপে অসমৰ প্ৰায় ৮০ হাজাৰ চৰকাৰী প্ৰতিষ্ঠানৰ চৌহদক "শ্যামলী চৌহদ" হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে দেওবাৰে জনতা ভৱনত গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ১৭ জুলাইৰ পৰা ১৫ আগষ্ট ২০২২ সময়সীমাৰে এই পদক্ষেপ ৰূপায়ণ হাতত লৈছে। ই ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, স্বায়ত্তশাসিত পৰিষদ, পঞ্জীভুক্ত সংস্থা আৰু শিক্ষানুষ্ঠানৰ ৮০,০০০তকৈও অধিক প্ৰাতিষ্ঠানিক চৌহদক সামৰি ল'ব।

ইয়াৰ অংশ স্বৰূপে গুৰুত্বপূর্ণ থলুৱা প্ৰজাতিৰ গছপুলি প্ৰাতিষ্ঠানিক চৌহদত ৰোপণ কৰাৰ পাছত বিষয়া-কর্মচাৰী, শিক্ষার্থী আদিয়ে সঠিক যতন লোৱাৰ লগতে এক সমৰ্পিত ৱেব-প'ৰ্টেলৰ জৰিয়তে নির্ধাৰিত সময়ৰ মূৰে মূৰে তিনি বছৰলৈ উদ্ভিদবোৰৰ জিঅ'-টেগ যুক্ত আলোকচিত্ৰ আপলোড কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনৰ সময়ত জনতা ভৱনৰ চৌহদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণেৰে শুভাৰম্ভ কৰা "শ্যমলী চৌহদ" কাৰ্যসূচীত মধুৰিআমৰ পুলি ৰোপণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্ম, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ডা০ ৰণোজ পেগু, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব জিষ্ণু বৰুৱা প্ৰমুখ্যে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়কঃ ভাৰততো কৰা হয় মেলেৰিয়া বিৰোধী উদ্ভিদ 'আৰ্টেমিচিয়া'ৰ খেতি

English Summary: Green Assam

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.