1. Government Schemes

PMAY: ৫০০ টকাৰ বিনিময়ত চহৰৰ কেঁচা ঘৰ হ’ব পকী

KJ Staff
KJ Staff
Kaccha Ghar
Kaccha Ghar

বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ সিদ্ধান্ত সমূহৰ ভিতৰত অন্যতম হৈছে-সুশৃংখলিত ভূমি নিষ্পত্তি প্রক্রিয়া। এতিয়াৰেপৰা পৌৰসভা অঞ্চলত ভূমি বন্দৱস্তিৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ উপায়ুক্তসকলক চহৰত কেঁচাঘৰত থকা পি এম এ ৱাইৰ ঘৰ পোৱাত সুবিধা কৰি দিব পৰাকৈ কৰ্তৃত্ব দিয়া হৈছে৷

চহৰৰ হিতাধিকাৰীৰ সপক্ষে ভূমি নিষ্পত্তি, বসতিৰ বাবে ভূমিৰ পৰিমাণ নির্ধাৰণ আৰু প্রিমিয়ামৰ হাৰ যুক্তিসংগতকৰণৰ ক্ষমতা অর্পণ কৰিছে কেবিনেটে৷ ৫০০টকাৰ বিনিময়ত চহৰত কেঁচা ঘৰত থকা লোকে PMAY ঘৰ নিৰ্মাণ কৰিব পাৰিব এতিয়াৰে পৰা৷ ইয়াৰ দ্বাৰা ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী, অর্থনৈতিকভাবে দুর্বল/ নিম্ন আৰু মধ্যম আয় শ্ৰেণীৰ অন্তৰ্গত ভূমিহীন খিলঞ্জীয়া লোকক প্রিমিয়ামৰ ৰেহাই হাৰত নিষ্পত্তিৰ জৰিয়তে মাটিৰ মালিকীস্বত্ব প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে৷

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২৫ জুনত উক্ত আঁচনিখন মুকলি কৰিছিল। ২০২২ চন পৰ্যন্ত দেশৰ চহৰাঞ্চলত বসবাস কৰা দুখীয়া পৰিয়ালৰ বাবে ২ কোটি সহজসাধ্য বাসগৃহ নিৰ্মাণ কৰাই উক্ত আঁচনিৰ মূল লক্ষ্য আছিল। অসমতো উক্ত আঁচনিখনৰ অধীনত চাৰিখনকৈ গৃহ নিৰ্মাণ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বে গৃহ নিৰ্মাণৰ পুঁজি আছিল ৭৫ হাজাৰ টকা। মোদী চৰকাৰে এই পুঁজি বৃদ্ধি কৰে ১.৫০ লাখ টকালৈ। এতিয়ালৈকে ১৯ লাখ গৃহ আৱণ্টন দিয়া হৈছে। ইয়াৰে ৭ লাখ ৬৬ হাজাৰ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত নিৰ্মাণ হৈছে ৩ লাখ ৬১ হাজাৰ গৃহ।

এই আঁচনিৰ অধীনত আবন্টিত গৃহ লাভ কৰিবলৈ পৰিয়ালৰ মাহিলি গড় আয় ২৫,০০০ টকাতকৈ কম হোৱাটো বাধ্যতামূলক। নগৰ অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আৰু যিসমূহ পৰিয়ালৰ নিজা মাটি অথবা নিজা ঘৰ নাই, তেনে পৰিয়ালসমূহৰ বাবে গৃহ ক্ৰয় কৰাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ দ্বাৰা প্ৰতিটো গৃহ ক্ৰয় কৰাৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১,৫০,০০০ টকা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০,০০০ টকা সাহায্য প্ৰদান কৰা হয়। বাকী খৰচ হিতাধিকাৰীয়ে নিজে বহন কৰিব লাগিব। গৃহৰ মালিকীস্বত্ব পৰিয়ালৰ যিকোনো মহিলা সদস্যৰ নামত হোৱাটো আৱশ্যক।

লগতে পঢ়কঃ PM-KISAN আঁচনিৰ ধন পাবলৈ নতুন হিতাধিকাৰীসকলে কৰক এইকেইটা কাম

English Summary: Kaccha houses of Assam to get a makeover at 500 rupees

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.