1. News

অসমৰ ৰেছম শিল্পৰ ক্ষেত্ৰখনত চৰকাৰী ৰেছম ফাৰ্মসমূহৰ ভূমিকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

মুগা আৰু এৰী বহুভক্ষী ৰেচম হোৱাৰ কাৰণে বহুত ধৰণৰ খাদ্য বৃক্ষ‌ আমাৰ অঞ্চলত উপলব্ধ। ইয়াৰ ভিতৰত ,চোম,  সোৱালু, দীঘলতী, মেজাংকৰি, কঠলুৱা, পাতিহোন্দা, বজ্ৰমণি, গন্ধসৰৈ, চম্পা আদি গছ মুগা ৰেচমৰ ক্ষেত্ৰত প্ৰণিধানযোগ্য। অৱশ্যে ইয়াৰ ভিতৰত চোম, সোৱালু ব্যৱসায়িক ৰূপত ৰোপন কৰা হয়। ঠিক সেইদৰে এৰী ৰেচমৰ ক্ষেত্ৰত এৰা, কেচেৰু, বৰপাত, বৰকেচেৰু, শিমলুআলু, কঢ়া, বঙালীএৰা, গমাৰী আদি নানা খাদ্য বৃক্ষ‌ জড়িত হৈ আছে। এই বিবিধ ধৰণৰ খাদ্য বৃক্ষ বিলাকে পলু পালনৰ ওপৰিও কাৰ্বন নিষ্কাষণৰ যোগেদি আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত যথেষ্ট ভূমিকা পালন কৰিছে। 

চৰকাৰী তথ্য অনুসৰি অসমত মুঠ ২৩৬৫.০২৪ হেক্টৰ মাটিত এৰী আৰু মুগা খাদ্য বৃক্ষৰ বিভিন্ন চৰকাৰী পাম আছে । ইয়াৰ ওপৰিও প্ৰায় ১১,৭০০ হেক্টৰ মাটিত ব্যক্তিগত খণ্ডৰ বাগিচা আছে । এই বিশাল গছ-গছনিৰ পৰা পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ সহজেই অনুমেয় । আনহাতে, ভাৰতবৰ্ষত বছৰি ১৩০ হেক্টৰতকৈও অধিক বনাঞ্চল বিলুপ্ত হৈ আছে। বৰ্তমান ভাৰতৰ মুঠ স্থলভাগৰ প্ৰায় ১৩ শতাংশহে বনাঞ্চল।এই পৰিপ্ৰেক্ষিতত ৰেচম খাদ্য বৃক্ষ‌ সমূহে বায়ুমণ্ডল পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি বায়ুমণ্ডল শোধন কৰাৰ লগতে জৈৱ বৈচিত্ৰতা উজ্জিৱিত কৰাত অৰিহনা যোগাই আহিছে। 

লগতে পঢ়ক- 

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

 

কেছেৰু ফাৰ্ম
কেছেৰু ফাৰ্ম

ৰেচম উৎপাদনত ৰেচম পামৰ ভূমিকা:

অসম চৰকাৰৰ ৰেচম বিভাগৰ বহুত ডাঙৰ ডাঙৰ ফাৰ্ম আছে । এইটো গৌৰৱৰ কথা যে ৰেচমৰ পিতৃস্বৰুপ সত্যেন্দ্র নাৰায়ন চৌধুৰীকে আদি কৰি কিছু স্বনামধন্য সঞ্চালকৰ দূৰদৰ্শীতা আৰু সুদুৰপ্রসাৰী নেতৃত্বৰ বাবে অসমৰ ৰেচম বিভাগ এটা সুশৃঙ্খল বিভাগ হিচাবে পৰিগনিত হৈছিল । কিন্তু পৰবৰ্তী সময়ত কিছুমান কাৰণত বিভাগটোৰ অৱনতি ঘটে ।  বহুত ফাৰ্মৰ তথা চৰনীয়া পথাৰৰ বিশাল ভুমিখণ্ড কিছুমান লোকে দখল কৰে আৰু খাদ্য বৃক্ষৰ অৱক্ষয় হয় । তথাপিও সঁচৰ ফাৰ্ম, সমাহাৰ কেন্দ্র আদি সুন্দৰ ব্যৱস্থা অক্ষুন্ন আছে । যদি সকলো ফাৰ্ম প্রকৃত ক্ষমতা অনুযায়ী ব্যৱহাৰ কৰে অসমে মুগা সূতা উৎপাদনত অভিলেখ সৃষ্টি কৰিব পাৰিলহেঁতেন  (সোণালী সূতাৰ সপোন: মৃদুল চন্দ্ৰ শৰ্মা)।

এৰীপলু -মুগাৰ বিভিন্ন খাদ্যবৃক্ষসমূহ
এৰীপলু -মুগাৰ বিভিন্ন খাদ্যবৃক্ষসমূহ

গতিকে এই চৰকাৰী পাম বিলাকৰ উন্নতি কৰি অসমৰ মুগা, এৰী উৎপাদন বৃদ্ধি কৰিব পাৰি। এটা কথা লক্ষনীয় যে, চৰকাৰ আৰু ৰাইজৰ সহযোগীতা অবিহনে কোনো ক্ষেত্ৰত উন্নতি সাধন কৰিব নোৱাৰি। অসমৰ ৰেচম প্ৰতিষ্ঠানৰ পৰা প্ৰতি বছৰে বহুতো যুৱক যুৱতী উৰ্ত্তীণ হৈ আহে । কিন্তু পৰিতাপৰ কথা এই সকলে চাকৰিৰ পৰা বঞ্চিত হৈ আছে । অতি কম সংখ্যকেহে  নিযুক্তি লাভ কৰিবলৈ সমৰ্থ হৈছে । এই প্ৰশিক্ষণ প্ৰাপ্ত নিবনুৱা আৰু‌ অভিজ্ঞ পালক  সকলক লৈ চৰকাৰী ফাৰ্ম বিলাকত চৰকাৰ- ৰাইজৰ সহযোগীতাত  (PPP mode) মুগা উৎপাদন আৰম্ভ কৰিলে দেশৰ অৰ্থনৈতিক উন্নয়নৰ লগতে নিবনুৱা সমস্যা সমাধান কৰিব পৰা যাব ।  কোটি কোটি টকাৰ আঁচনি বিলাকে দৰাচলতে মুগা শিল্পৰ উন্নয়নৰ সলনি  হিতাধিকাৰী সৃষ্টিতহে গুৰুত্ব দিয়া পৰিলক্ষিত হয়। এই অৰ্থৰাজি  সম্পদ সৃষ্টিত ব্যৱহাৰ কৰিলে ৰেচম ক্ষেত্ৰৰ যোগেদি দেশৰ অৰ্থনৈতিক বুনিয়াদ  সবল‌ কৰিব পৰা যাব ।

লেখক- ড০ মৃদুল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানী, কেন্দ্ৰীয় ৰেছম ব'ৰ্ড

লগতে পঢ়ক- 

ৰাষ্ট্ৰসংঘৰ বহনক্ষম জীৱিকা উন্নয়নৰ লক্ষ্যত মুগা আৰু এৰী ৰেচম শিল্পৰ ভূমিকা

English Summary: Government Farms of Velvet and Erie Food Trees : An Overview

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.