1. এগ্ৰিপেডিয়া

Black rice : ধান খেতিৰে লাভান্বিত হ’বলৈ আমাৰ কৃষকেও কৰক এই খেতি

KJ Staff
KJ Staff
Black rice Health & Farming benefit
Black rice Health & Farming benefit

জানিবলৈ পোৱা মতে চীন দেশত ১০,০০০বছৰৰ আগৰ পৰা ক'লা ধানৰ খেতি কৰি অহা হৈছিল৷ প্ৰাচীন কালত এই ধানৰ খেতি মাত্ৰ ৰজাঘৰীয়া বা সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ বাবেহে কৰা হৈছিল৷ কাৰণ ইয়াৰ চাউল সেৱন কৰিলে 'সুস্বাস্থ্য আৰু দীৰ্ঘায়ু' পায় বুলি জনাজাত আছিল৷ লিভাৰ,কিডনি আৰু মস্তিষ্কৰ বাবে লাগতিয়াল তত্ব ক'লা চাউলত থাকে বুলি চীনা লোকসকলে বিশ্বাস কৰিছিল৷ সাধাৰণ জনতাৰ বাবে ইয়াৰ খেতি আৰু ভক্ষণ নিষিদ্ধ আছিল৷ নিষিদ্ধ চাউলৰ আন নাম আছিল ‘ৰাজকীয়’ চাউল৷ পিছে এতিয়া আৰু সেই চাউল নিষিদ্ধ হৈ থকা নাই৷ ইয়াৰ গুণাগুণৰ ওপৰত বিশ্বৰ বিজ্ঞানী সকলে নানান গবেষণামূলক অনুসন্ধান কৰিছে আৰু ফলত ইয়াৰ আদৰ ৰাইজৰ মাজত ক্ৰমে ক্ৰমে বাঢ়িবলৈ ধৰিছে ৷

আমাৰ অসমত ক'লা জহা ধানৰ খেতি বহুলোকে কৰে৷ জহা চাউলৰ দৰে এই ক'লা চাউলৰো সুগন্ধ আৰু নিজস্ব স্বাদ আছে৷ এই চাউলৰ বৰণ ক'লা বা বেঙুনীয়া৷ সিদ্ধ হবলৈ আন চাউলতকৈ বেচি সময় লয়৷ সেয়ে সিজোৱাৰ আগতে ৪০৷ ৫০মিনিট সময় পানীত তিয়াই থোৱা ভাল৷ ক'লা চাউলৰ গুণ আমি সাধাৰণতে খোৱা আন সকলো চাউলৰ তুলনাত বেচি৷ কিয়, কেনেকৈ বেচি সেই কথা এই প্ৰৱন্ধৰ আলোচনাত ওলাই পৰিব৷ এটা কথা বাৰম্বাৰ কম এই ক'লা ধানৰ চাউলৰ ৰং (আনকি চাউল ধোৱা পানীৰ বৰণো) ক'লা৷ এইবিধ চাউলৰ সেই বৰণটো এন্ঠোচায়ানিন নামৰ পদাৰ্থই কৰে৷ আন ধানৰ চাউলত এই তত্ব বিধ নাথাকে৷

এই ধানৰ ব'টানিকেল নাম হ'ল – Oryza sativa L. indica ৷ অসমত কৃষি বিজ্ঞানী ড০ উত্তম কুমাৰ বৰুৱাই এই ক'লা ধানৰ সঁচ গোৱালপাৰা জিলাৰ দুধনৈৰ আমগুৰিপাৰাৰ ডেকা উদ্যমী খেতিয়ক উপেন্দ্ৰ ৰাভাক ২০১১চনত দিয়ে৷ সেই এমুঠি সইচৰ পৰাই খেতি কৰি ক্ৰমবদ্ধমান বৃদ্ধি কৰি আজি কেইবাশ বিঘা মাটিত ইয়াৰ সফল উৎপাদন কৰিবলৈ আগবাঢ়ি আহিছে উপেন্দ্ৰ ৰাভা - যাৰ ফলত কৃষি বিভাগে এই চাউলৰ স্থানীয় নামাকৰণ কৰিছে 'উপেন্দ্ৰ চাউল' বুলি ৷ সুখৰ কথা আজি নগাওঁ জিলাতো 'বৰবাৰী মাল্টিপাৰপ'জ এগ্ৰিকলচাৰেল ফাৰ্ম'ত এই ক'লাধানৰ সফলতাপূৰ্বক খেতি কৰা আৰম্ভ হৈছে ৷

ইয়াৰ বিপৰীতে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বেচ কিছুকাল আগৰ পৰাই ক'লা ধানৰ কৃষি কৰ্ম চলি আছিল৷ মণিপুৰী ভাষাত ইয়াক বোলে -'চাখাও আমুবি' অৰ্থাৎ স্বাদিষ্ট ক'লা চাউল৷ মণিপুৰী মেইটিসকলে ইয়াৰ সঁচ দক্ষিণ পূৱ এচিয়াৰ পৰা আনিছিল বুলি জনা যায়৷ মণিপুৰত প্ৰতি হেক্টৰ মাটিত আঢ়ৈ টন ধান উৎপাদন হয়৷ অসমত বিক্ৰীৰ বাবে মণিপুৰৰ পৰা অহা চাউলক 'মণিপুৰী ক'লা চাউল' বুলি অসমৰ ৰাইজে জানে৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ১৯৯০-৯৫ চনৰ সময় চোৱাতহে আমেৰিকাত ক'লাধানৰ খেতিৰ প্ৰচলন আৰম্ভ হয়৷ চীনৰ পিছতেই এচিয়াৰ ইণ্ডোনেচিয়া আৰু থাইলেণ্ডত ক'লাধানৰ খেতি হোৱাৰ কথা জনা যায়৷ আজি বিশ্বৰ বজাৰত 'ইণ্ডোনেচিয়ান ব্লেক ৰাইচ' আৰু 'থাই জেচমিন ৰাইচ' দুটি প্ৰতিষ্ঠিত প্ৰচলিত ব্ৰেণ্ড৷ এচিয়াৰ ওপৰিও আফ্ৰিকাৰ কোনো কোনো অঞ্চলত ক'লাধানৰ খেতি হয়৷ জাপানৰ বিজ্ঞানীসকলে অনুসন্ধান কৰি পাইছেযে এই ক'লা ধানৰ সামান্য তাৰতম্য থকা কমেও ২১টা প্ৰজাতি আছে৷ চাহিদাৰ তুলনাত আজিও উৎপাদন কম হোৱা বাবেই বজাৰত ইয়াৰ মূল্য যথেষ্ট বেচি৷ প্ৰতি কিলোগ্ৰামত ১০০ টকাৰ পৰা ৭৫০ টকা পৰ্য্যন্ত৷

লগতে পঢ়ক- 

এইবাৰ কৃষকসকলে পৰীক্ষামূলকভাৱে ২-৩ বিঘামান মাটিত লাৱন্য ধানৰ খেতি কৰক

আজিকালি অসমৰ বিভিন্ন ঠাইত ইয়াৰ খেতি হয় বুলি জনা গৈছে৷ ইচ্ছুক লোকসকলে বীজ আৰু পৰামৰ্শৰ বাবে জিলা কৃষি বিষয়াক লগ ধৰিব পাৰে৷ অসমৰ আন ব্যক্তিগত প্ৰতিষ্ঠানেও বীজ আৰু কঠিয়াৰ যোগান ধৰে বুলি জনা গৈছে৷


ক'লা চাউল কেনেকৈ খাব ?

নিয়মীয়া ভাতৰ দৰে খোৱাৰ ওপৰিও পায়স, পোলাও, কাষ্টাৰ্ড, চুপ বনাই খাব পাৰি৷আঠাযুক্ত এই চাউলেৰে আমাৰ অসমীয়া মানুহে তিল পিঠা, নাৰিকল পিঠা, তেল পিঠা বনায় আৰু সিদ্ধ কৰি দৈ গুড় গাখীৰ মিহলাই জলপান কৰিও খায়৷ বহুতে ইয়াৰ কেক, নুডুলচ, ৰুটি বা পাওৰুটিও বনায়৷ কোনো কোনেৱে ক'লা চাউলৰ সাজপানীও তৈয়াৰ কৰে৷ বিশ্বৰ নানা দেশৰ চুপাৰাৰ্কেটত আৰু অনলাইনত ক'লা চাউল কিনিবৰ বাবে পোৱা যায়৷ একেদৰে সম্ভান্ত হোটেল-ৰেষ্ট্ৰোৰাৰ মেন্যুত ক'লা চাউলৰে বনোৱা খাদ্য সম্ভাৰ উপলব্ধ৷ কাটাৰ দেশৰ ডাঙৰ চুপাৰ মাৰ্কেটৰ পৰা 'থাই জেচমিন ৰাইচ' ময়ো ক্ৰয় কৰি পাইছোঁ ৷



ক'লা চাউলত কি কি লাগতিয়াল তত্ব থাকে -


এন্ঠোচায়ানিন (Anthocyanin ) হ'ল ক'লা চাউলত থকা আটাইতকৈ লাগতিয়াল এন্টিঅক্সিডেন্ট পদাৰ্থ৷ এই এন্ঠোচায়ানিনৰ বাবেই চাউলৰ ক'লা বৰণটো৷ ঘাইকৈ চাউলৰ ওপৰৰ অংশত এন্ঠোচায়ানিন থাকে৷ মিলত খুন্দাই অনা চাউলত এই তত্ব কমি যোৱাৰ ফলত ইয়াৰ খাদ্য মূল্য নিশ্চিতভাবে হ্ৰাস পায় ৷

ইয়াত থাকে ১৮বিধ লাগতিয়াল এমাইনো এচিড, খনিজ পদাৰ্থ, ভিটামিন, ৰঙীন কণিকা (পিগমেন্ট) কেৰটিন আৰু নানাবিধ এন্টিঅক্সিডেন্ট৷ খনিজ পদাৰ্থমূহ হ'ল- লৌহ পদাৰ্থ (আইৰণ), জিংক, চেলনিয়াম, প'টেচিয়াম. মেগনেচিয়াম, মেংগানিজ, ফচফৰাচ আৰু মলিব্ডেনাম৷ ভিটামিনসমূহ হ'ল - ভিটামিন -ই, ভিটামিন বি-১, বি-২ আৰু বি-৯ (ফলিক এচিড)৷ উল্লেখযোগ্যযে ৰঙীন ফল বা পাচলিৰ যেনে ব্লো'বেৰী, ষ্ট্ৰবেৰী, প্লাম, চেৰি, বীট আদিৰ তুলনাত ক'লা চাউলত বেচি পৰিমানত এন্টিঅক্সিডেন্ট মজুত থাকে৷ তদুপৰি ইয়াত কেলৰি কম আৰু ফাইবাৰ বেচি পৰিমানত থাকে৷

ক'লা চাউলৰ এটা বিশেষত্ব হ'ল ইয়াত গ্ল'টেন নামৰ প্ৰটিনবিধ নাথাকে৷ আন চাউল, ঘেহু আদিত গ্ল'টেন থাকে৷ খাদ্যত গ্ল'টেন থাকিলে গ্ল'টেন এলাৰ্জি আৰু চিলিয়াক ডিজিজ হোৱাৰ সম্ভাৱনা থাকে৷ সেই দিশৰ পৰা ক'লা চাউল খোৱাসকল চিন্তামুক্ত ৷এতিয়া ক'লা চাউলৰ আন চাউলৰ লগত তুলনামূলক বিশ্লেষণ চাওক –

১০০ গ্ৰাম সম পৰিমানৰ ক'লা চাউলৰ ভাতত প্ৰটিন থাকে ৮.৫গ্ৰাম , মূগা চাউলৰ ভাতত প্ৰটিন থাকে ৮গ্ৰাম, ৰঙা চাউলৰ ভাতত প্ৰটিন থাকে ৭গ্ৰাম, মিলত খুন্দোৱা চাউলৰ ভাতত প্ৰটিন থাকে ৬.৫গ্ৰাম ৷

ইয়াৰ উপকাৰিতাসমূহ জানো আহক -
১. ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী - ক'লা চাউলত থকা ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ বাবে তেজলৈ চুগাৰৰ শোষন (Absorption) কমকৈ হয়- সেয়ে টাইপ-২ ডায়েবেটিজত ই অতি উপকাৰী৷ অৱশ্যে ডায়েবেটিজ ৰোগীৰ বাবে ই ঔষধৰ বিকল্প বুলি ভাবিলে ভুল হব৷ এই চাউলৰ গ্লাইচেমিক ইনডেক্স কম৷ অৰ্থাৎ খাদ্য হিচাবে ইয়াৰ তেজত চুগাৰৰ ওপৰত অপকাৰী প্ৰভাৱ কমকৈ পৰে৷ তদুপৰি ক'লা চাউলত কাৰ্বোহাইড্ৰেট কম আৰু ফাইবাৰ বেচিকৈ থাকে৷ ক'লা চাউল হজম হবলৈ বেচি সময় লাগে৷ এইবিলাক কাৰণত ডায়েবেটিজৰ ৰোগীয়ে আন চাউলৰ সলনি এই চাউল বাচি লব লাগে৷

২. হৃদৰোগ পৰা সুৰক্ষা - ক'লা চাউলৰ নিয়মত সেৱনে ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এল ক'লেষ্টেৰল কমায় ৷ তেজৰ নলীত চৰ্বিৰ প্ৰলেপ (Atherosclerosis) হবলৈ নিদিয়ে৷ ক'লা চাউলত থকা প'টেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে ৷

৩. লিভাৰৰ অসুখত উপযোগী- এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা দিয়ে ফলত ফেটি লিভাৰৰ উপশম ঘটে৷

৪. মেদবহুলতা কমায়- যিসকল লোক মেদবহুলতাৰ চিকাৰ আৰু ওজন বঢ়াৰ ভয়ত ভাত নোখোৱাকৈ থাকে, তেনে লোকসকলে নিৰ্ভয়ে ক'লা চাউল খাব পাৰে৷ ফাইবাৰৰ উপস্থিতিয়ে ওজন কমায় আৰু সোনকালে ভোকো নলগায় ৷ক'লা চাউলৰ ১০০গ্ৰাম সিদ্ধ ভাতত কেলৰি থাকে মাত্ৰ ৩০০৷ তদুপৰি দিনটোত এবাৰ ভাত খালেই উদৰ পূৰ্ণহৈ থকা যেন লাগে৷ এনে কাৰণত তেজৰ অপকাৰী ক'লেষ্টৰলৰ লগতে শৰীৰৰ ওজনো কমে৷

৫. পাকস্থলীৰ অসুখ নিৰাময় কৰে- শৌচ নিয়মীয়া কৰে৷ ওকালি, বদহজমি, ডায়েৰিয়া, ইৰিটেবল বাৱেল চিনড্ৰম আদি পেটৰ অসুখ ভাল কৰে ৷

৬. কৰ্কট ৰোগৰ পৰা সুৰক্ষা- ক'লা চাউলৰ লাগতিয়াল তত্ব সমূহে শৰীৰৰ ইমিউনিটি বঢ়ায়৷ শৰীৰৰ পৰম অহিতকাৰী ফ্ৰি-ৰেডিকেলচ্ ৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

৭. তেজ বিশুদ্ধীকৰণ- এন্টিঅক্সিডেন্টে লিভাৰ আৰু কিডনিৰ কাম সুচলে হোৱাত সহায় কৰি
শৰীৰৰ তেজ বিশুদ্ধ থকাত সহায় কৰে ৷

৮. চকুৰ সুৰক্ষা- ক'লা চাউলে কেটেৰেক্ট, গ্ল'কমাৰ পৰা সুৰক্ষা দিয়ে আৰু দৃষ্টিশক্তি বঢ়ায় ৷

৯. ছাল আৰু চুলিৰ বাবে উপযোগী- ভিটামিন-ই হ'ল চুলি আৰু চৰ্মৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় তত্ব৷ ক'লা চাউলৰ ফেচ মাস্ক বনাই লগাব পাৰি ৷

১০. হাঁপানী ৰোগ প্ৰতিৰোধক- এন্ঠোচায়ানিনে শ্বাস প্ৰনালীক সুৰক্ষা দিয়ে৷ ফ্ৰি-ৰেডিকেলচ বিনষ্ট কৰে আৰু ফলত হাঁপানীৰ চিকিৎসাত সহায়ক হয়৷ অৱশ্যে ক'লা চাউল গ্ৰহণ কৰিলেই হাঁপানীৰ নিয়মীয়া দৰব চিকিৎসকক নজনোৱাকৈ একেবাৰে বন্ধ কৰি দিব নালাগে৷

১১. সংক্ৰমণ প্ৰতিৰোধক - ডেংগু, চিকেনগুনিয়া,আৰ্থাইটিচ,নানাবিধ সংক্ৰমণ আৰু এলাৰ্জিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে ৷

১২. মস্তিষ্কৰ সুৰক্ষা - স্মৃতিশক্তি বঢ়ায়৷ বাৰ্ধক্যজনিত এলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰে ৷

বি:দ্ৰ: North Eastern Regional Agricultural Marketing Corporation Ltd ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰা হৈছে।

লগতে পঢ়ক- 

এই পদ্ধতিৰে ধান খেতি কৰিলে তিনিগুণ লাভ হ’ব কৃষকজনৰ

English Summary: Black rice Health & Farming benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.