1. News

Gautam Adani AGM Live: ভাৰতৰ গ্ৰীন এনাৰ্জিক আগুৱাই নিবলৈ আদানি গ্ৰুপৰ ৭০ বিলিয়ন ডলাৰ বিনিয়োগ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Gautam Adani
Gautam Adani

আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে মঙলবাৰে শ্বেয়াৰধাৰকসকল সৈতে হোৱা আলোচনাত কয় যে আদানি গ্ৰুপে কেতিয়াও ভাৰতত বিনিয়োগ কৰাৰ পৰা আঁতৰি যোৱা নাই আৰু ই কেতিয়াও ইয়াৰ বিনিয়োগ হ্ৰাস কৰা নাই। তেওঁ লগতে কয় যে আদানি গ্ৰুপৰ সফলতাৰ সৈতে সমগ্ৰ ভাৰতৰ বিকাশৰ ধাৰণাটো জড়িত হৈ আছে আৰু এনেদৰেই আদানী গ্ৰুপৰ নীতি প্ৰস্তুত কৰা হৈছে।

এই বিশ্বাস জন্মাবলৈ ইতিমধ্যে আদানি গ্ৰুপে ভাৰতৰ সেউজ পৰিৱৰ্তনক আগুৱাই নিবলৈ ৭০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। ইতিমধ্যে সৌৰ শক্তি আৰু সেউজীয়া হাইড্ৰজেনক ভৱিষ্যতে ইন্ধন হিচাপে গঢ়ি তুলিবলৈ শক্তিশালী কৰিব।

আদানী গ্ৰুপৰ অধ্যক্ষজনে লগতে কয় যে আদানি গ্ৰুপে তেলৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল ভাৰতক এনে এখন দেশলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছে যি সেউজ শক্তিৰ ৰপ্তানি কৰিব পাৰে। তেওঁ লগতে কয় যে ২০১৫ চনৰ পৰা নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ষমতা প্ৰায় ৩০০% বৃদ্ধি পাইছে। নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আদানি গোটৰ দক্ষতাই আমাক সেউজ শক্তিক ভৱিষ্যতৰ ইন্ধন হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত যথেষ্ট সহায় কৰিব।

বৰ্তমান দেশৰ সৰ্ববৃহত বিমানবন্দৰ অপাৰেটৰ হৈ পৰিছে আদানি গ্ৰুপ। এই সন্দৰ্ভত শ্বেয়াৰধৰসকলৰ বক্তব্য ৰাখি আদানি গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে কয়-"আমি ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰ অপাৰেটৰ হৈ পৰিছো আৰু ভাৰতৰ আন্তঃগাঁথনিৰ বিকাশ নিৰ্মাতা হিচাপে কাম অব্যাহত ৰাখিছো। তেওঁ কয় এইক্ষেত্ৰত তেওঁ  অত্যন্ত আশাবাদী ।  

লগতে পঢ়ক- ছোৱাইন ফ্লুত মৃত্যু হোৱা আপোনাৰ গাহৰিটোৰ বিনিময়ত কিমান টকা পাব? !

English Summary: Gautam Adani AGM Live:

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.