
নগাভূমিত এতিয়া উৎসৱৰ বতৰ। ১ ডিচেম্বৰৰ পৰা চলি আছে আৰু ১০ ডিচেম্বৰলৈ চলিব নগাসকল আৱেগ, স্বাভিমান হৰ্ণবিল মেলা। নগাসকলৰ এই আনন্দ উৎসৱৰ ভাগ-বতৰা লবলৈ নগাভূমিত ভৰি পৰিছে দেশী-বিদেশী পৰ্যটক। পৰ্যটকৰ আগমনেও নগাসকলৰ আনন্দ-উৎসৱত সোণত সুৱগা চৰায়।
প্ৰতিবছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ক’হিমা চহৰৰ পৰা ১২ কিমি দূৰত্বত অৱস্থিত নগা হেৰিটেজ গাওঁ কিছামাত এই উৎসৱ উদযাপন কৰে নগাসকলে। সকলো নগা ৰাইজে এই উৎসৱত অংশগ্ৰহণ কৰে। যাৰবাবে হৰ্ণবিল মেলাক নগাসকলে 'Festival of Festivals' আখ্যা দিয়া হয়। হৰ্ণবিল মেলা নগাসংস্কৃতিৰ এখন খোলা কিতাপ। কাৰণ এই উৎসৱৰ দৰ্শকসকলে নগা খাদ্য, সংগীত-নৃত্য আৰু ৰীতি-নীতিকে ধৰি নগা সংস্কৃতিক ওচৰৰ পৰা জনাৰ আৰু অভিজ্ঞতা লোৱাৰ এক সুযোগ লাভ কৰে৷ হৰ্ণবিল মেলাত জাকজমকাতৰে বিভিন্ন নৃত্য পৰিবেশন, নগা পাৰম্পৰিক খেল ধেমালি, নগা খাদ্যৰ পৰিবেশন ইত্যাদি হয়৷ তাৰোপৰি পৰম্পৰাগত নগা কলা যেনে- বিভিন্ন চিত্ৰ, কাঠৰ কাৰুকাৰ্য ইত্যাদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়৷

পূৰ্বৰ দৰে এইবাৰো নগালেণ্ডৰ ৰাজধানী কহিমাত উৎসৱৰ মধু আলোড়ন। ২৩ সংখ্যক হৰ্ণবিল উৎসৱক কেন্দ্ৰ কৰি কহিমা হৈ পৰিছে পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। ৰাজধানী কহিমাত এই উৎসৱ উপলক্ষে অনুষ্ঠিত হৈছে নাইট কৰ্নিভেল, ফুলৰ প্ৰদৰ্শনী, নৃত্য ফেশ্বন শ্ব’, মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগীতা, পৰম্পৰাগত আৰ্চাৰী (traditional archery), নগা মল্লযুঁজ, পৰম্পৰাগত খেল-ধেমালি আৰু সংগীত অনুষ্ঠানসমূহ।


উল্লেখ্য যে হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে৷ এই উৎসৱে নাগালেণ্ড ৰাজ্যৰ পৰ্য্যটনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু পৰ্য্যটকসকলক নগা কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে জনাৰ আৰু অভিজ্ঞতা লোৱাৰ সুবিধা দি আহিছে৷
Share your comments