
জিকা, ডাংবডি আদি লতাজাতীয় শাক-পাচলিৰ লগতে টেঙাজাতীয় ফলসমূহত বৰলীয়া মাখিয়ে বিন্ধি কৃষকসকলক প্ৰায়ে বিপদত পেলাই অহা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ আছে এটা একেবাৰে সহজ উপায়। আপোনাৰ শাকনিবাৰীখনতো এই পদ্ধতি প্ৰয়োগ কৰি বৰলীয়া মাখিৰ উপদ্ৰৱৰ পৰা ফচলসমূহক ৰক্ষা কৰিব পাৰিব। এই পদ্ধতিত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল-ফেৰ’মন ট্ৰিপ।
যিকোনো বীজ ভাণ্ডাৰতেই আপুনি দোকানীক ফেৰ’মন ট্ৰিপ লাগে বুলি ক’লেই আপোনাক দিব। পিছে এই ফেৰ’মিন ট্ৰিপ কি! কৃষকসকলে জানেনে! ফেৰ’মিন ট্ৰিপৰ সুগন্ধই বৰলীয়া মাখিক মন্ত্ৰমুগ্ধ কৰে। অৰ্থাত প্ৰলোভিত কৰে। পেঁপাৰ মাতে সাপক মন্ত্ৰমুগ্ধ কৰাৰ দৰে ফেৰলিনৰ সুগন্ধই বৰলীয়া মাখিক বলীয়া কৰে। এতিয়া কওঁ কিদৰে বৰলীয়া মাখিক নিয়ন্ত্ৰণ কৰিব পাৰিব ফেৰলিন ট্ৰিপ প্ৰয়োগ কৰি।
১। এই পদ্ধতিৰ বাবে প্ৰয়োজন হ’ব এক লিটাৰৰ এটা ব্ৰয়াম।
২। সৰু লোহা এডোখৰ গৰম কৰি ব্ৰয়ামটোৰ ওপৰফালে কেইবাটাও বাট ফুটোৱাব।
৩। যাতে বাট কেইটাৰে বৰলীয়া মাখিবোৰ ব্ৰয়ামটোৰ ভিতৰলৈ সোমাই যাব পাৰে।
লগতে পঢ়ক-
অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ
৪। তাৰ পাছতে এক ইঞ্চিমান পানী ৰাখিব ব্ৰয়ামটোত।
৫। এতিয়া তাঁৰ বা ৰচি এডালত ফেৰলিনৰ টুকুৰাটো বান্ধিব। বান্ধোতে ফেৰলিন টুকুৰা হাতে স্পৰ্শ কৰাতকৈ পলিথিন দুটা হাতত মেৰিয়াই ল’ব।
৬। এতিয়া ব্ৰয়ামৰ মুখনিখন সলকাই ফেৰলিনৰ টুকুৰাটো ভিতৰত ভৰাই ওলোমাই ৰখাৰ ব্যৱস্থা কৰি মুখনি মাৰি দিয়ক।
৭। এতিয়া ব্ৰয়ামটো নি টেঙা বা লতাজাতীয় গছজোপাৰ আশে-পাশে ক’ৰবাত ওলোমাই দিয়ক। বছ সিমানেই।
উল্লেখ্য যে এবিঘা মাটিত সমদূৰত্ব প্ৰতি লক্ষ্য ৰাখি তিনিটা মান এনেকুৱা ফেৰলিনৰ ট্ৰিপ পাতিব লাগিব। এই পদ্ধতিৰে কৃষকসকলে ৮০ শতাংশ বৰলীয়া মাখি নিয়ন্ত্ৰণ কৰিব পাৰে।


তদুপৰি ওপৰৰ ফটোত দেখাৰ দৰেও আঠাৰ ফান্দ পাতি পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰি। কৃষকসকলক জনাও মাখি নিয়ন্ত্ৰণ কৰিব পাৰিলেহে পোক নিয়ন্ত্ৰণ কৰিব পাৰিব। কাৰণ মাখিৰ কণীৰ পৰাহে পোকৰ বংশ বিস্তাৰ হয়। আৰু এই পদ্ধতিসমূহ সম্পূৰ্ণ জৈৱিক। এইবোৰে শস্যত কোনো ক্ৰিয়া নকৰে। লগতে ই কম খৰচী আৰু সহজ। প্ৰতিজন কৃষকেই পদ্ধতি অৱলম্বণ কৰি শস্যখিনি পোক-পতংগ, মাখিৰ পৰা ৰক্ষা কৰিব পাৰে।
লগতে পঢ়কে-
Share your comments