Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 December, 2022 6:13 PM IST
ডিমিলাৰ পাৰৰ শস্য সম্ভৱা পথাৰত ভৱিষ্যতৰ সপোন

তামুলপুৰ জিলা সদৰৰ পৰা ৭/৮ কিলোমিটাৰ দূৰত অৱস্থিত ডিমিলা নদীৰ পাৰত ডুমুৰীয়া গাঁও৷গাঁওখনৰ এশ ঘৰ পৰিয়ালৰ ৯০% লোকেই কৃষিৰ সৈতে জড়িত ৷ ডিমৰীয়া নদীৰ পানীয়ে জীপাল কৰে ৰখা গাঁওখনৰ কৃষকে বছৰ বছৰ ধৰি ধান খেতিৰ লগতে খিৰিফ শস্য ৰবি শস্যৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ এডৰা মাটিত দুবাৰ তিনিবাৰ শস্য চপাবলৈ সক্ষম ৷ কৰ্মমুখৰ মানুহ খিনিয়ে একেডৰা মাটিত আগতীয়াকৈ ধানৰ খেতি লগাই ধান চপাই মাটি বহাই নথৈ তাত পুনৰ ৰবিশস্য আৰু পাছত খাৰিফ শস্যৰ খেতি কৰিয়ে কৃষি অৰ্থনীতি টনকিয়াল কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে ৷

গাঁওখনৰ ডেকা বুঢ়া মহিলা সকলো সদস্যই কাৰোবাৰ একঠাৰ কিৰোবাৰ এক দুই বিঘা তাতোকৈ অধিক পৰিমাণৰ খেতি কৰি খেতিপথাৰত কৰ্মব্যস্ত জীৱন কটাই আহিছে ৷ তাৰোপৰি গাঁওখনৰ প্ৰতিঘৰৰ গোহালিত হালোৱা গৰুৰ পৰা গাইগৰুলৈকে ঘৰৰ পদূলিৰ কাষত দুই তিনিটা পুখুৰী প্ৰায় ভাগ মানুহৰে আছে ৷ ধানে-চাউলে উভৈনদী এই কষ্টকৰ জীৱনৰ মাজেৰে জীৱনক যেন সঠিকভাৱে উদযাপন কৰিবলৈ সক্ষম হৈছে হঁওক এই শ্ৰমজীৱি মানুহখিনি৷ গাঁওখনৰ আনাৰ খান, নিজাম খান, ইনচান খান, হামজা আলী, জুলহাছ আলী, ৰমেজ আলী, চুকুৰ আলী, হামেদ আলী হঁতে কৃষিৰে জীৱন নিৰ্বাহ কৰি আহিছে ৷ আহাৰ শাওন মাহতে ইৰি-ৰঞ্জিত জাতীয় ধানৰ খেতি চপায়৷ পাছত মাটি চহ কৰি আগতীয়াকৈ ৰবি শস্যৰ খেতি কৰে ৷ বতৰৰ চৰিত্ৰ সলনি হোৱাৰ লগে লগে কৃষকেও ন ন কৌশল অৱলম্বন কৰি খেতি কৰি আহিছে ৷ একেদৰা মাটি ধানৰ পাছত ৰবি আৰু পাছত খাৰিফ শস্যৰ খেতি লগাই এনেদৰে একেদৰা মাটিত দুটা নহয় তিনিটা খেতি কৰি আহিছে আইনাল হক নামৰ খেতিয়কজনে ৷

লগতে পঢ়ক- 

জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি

ডুমৰীয়া গাঁৱৰ এশটা পৰিয়ালৰ ৯০ টা পৰিয়ালে আজি কৃষি সৰ্বস্ব জীৱন কটাইছে ৷ গাঁওখনত চাকৰি নাই ৷ অত্যাধিক শ্ৰমৰ বিনিময়ত কৃষিৰে জীৱন যৌৱনৰ বাট কাটি মানুহ হিচাপে জীয়াই আছে লোক সকল ৷ পুখুৰীত মাছ গোহালিত গৰু বাৰীত  বতৰৰ শাক পাচলিৰ বিধে বিধে খেতি কৰিছে কৃষকসকলে ৷ কোনোবাই পথাৰত কোনোবাই আকৌ বজাৰত শাক পাচলি বিক্ৰী কৰিছে৷ মুঠৰ ওপৰত শ্ৰমভৰা জীৱন এওঁলোকৰ ৷ কৃষকগৰাকীয়ে ৰবিশস্যৰ বতৰত ৫ বিঘা মাটিত জলকীয়া, বেঙেনা, বন্ধাকবি, ফুলকবি আদি লগাইছে । গৰুৰ গোবৰ হালৰ গৰুৰে খেতি কৰি সময় নহ’লে টেক্টৰ লগাই পথাৰ চহাইছে ৷ খেতি কৰিছে এওঁলোকে ৷ ডুমৰীয়া ৰবিশস্য কাৰণে খ্যাতি থকা ঠাই ৷ ইয়াৰ শাক-পাচলি পূৰ্বতে ভূটানলৈও আমদানি কৰা হৈছিল ৷ কভি’ডকালীন পৰিবেশৰ পাছত শাক-পাচলি ব্যৱসায় বন্ধ হোৱাত সম্প্ৰতি কিছু কিনা-বেচা কৰিছে বুলি গম পাইছো ৷ তথাপি এই ডুমৰীয়াৰ কৃষকসকলৰ আছে সুকীয়া পৰিচয়৷ শ্ৰমজীৱি মানুহখিনিয়ে ডিমিলা নদীৰ পাৰত থকা মাটিক লৈয়ে কৃষিৰে চলাই আহিছে সংগ্ৰাম ৷ নদীৰ পানীৰে জলসিঞ্চনৰ দিহা কৰি এশ বিঘা মাটিত বতৰ অনুযায়ী খেতি কৰে যদিওঁ কিছু দূৰৰ কৃষকসকলে কিছুমানে নিজাকৈ,  একাংশই চৰকাৰী ৰাজসাহায্যৰে স্থাপন কৰি লৈছে জলসিঞ্চনৰ ব্যৱস্থা ৷ তথাপি একাংশই নিজৰ ঘৰৰ নলীনাদ ব্যৱহাৰ কৰিয়ে কৃষিকাৰ্য চলাই আছে ৷ খৰালি পানীৰ নাটনি হ’লেই সমস্যাৰ সৃষ্টি কৰে ৷

গাঁওখনৰ কৃষক হামেদ আলীয়ে পথাৰলৈ নি দেখুৱালে তেওঁৰ পুখুৰী ৷ খৰালি পানীৰ অভাৱ হয় বুলি ক’লে হামেদ আলীয়ে ৷ মীন বিভাগে সহায় কৰিলে তেওঁ কৃষি পথাৰত সহায়ক হোৱাকৈ পুখুৰীটো ডাঙৰকৈ খান্দিবৰ মন ৷ পথাৰত ফুলকবি, বন্ধা কবি, বেঙেনা, বীন এডৰা ফুলি আছে ৷ পথাৰত ইতিমধ্যেই কৃষকসকলে ফুলকবি বন্ধাকবি, ব্ৰকলী, বেঙেনা, বীন আদি বিক্ৰী আৰম্ভ কৰিছেই ৷ ইতিমধ্যেই স্কোৱাচৰ পুলি ৰোপন কৰি বাহৰ চাং আদি দিছে ৷ বাঁহৰ চাঙৰ তলত নানা তৰহৰ খেতি লগাইছে ৷ খাৰিফৰ বতৰত তিয়হ, জিকা, ভেণ্ডি ভোল আদি লগাব৷ এওঁলোকৰ সকলো খেতিয়ে আগতীয়াকৈ বজাৰত উলিয়াই দিয়াত কেঁচা খাদ্য সামগ্ৰীৰ উচিত দাম পাবলৈ সক্ষম হয়। এনেদৰেই ডিমৰীয়াৰ পাৰত ডুমৰীয়াৰ কৃষকে কৃষিকৰ্মৰে জীৱনবোৰ সাৰ্থক ৰূপ দিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক- 

ভাৰতীয় সেনাবাহিনীৰ জোৱান হ’বলৈ গৈ ১৪ বছৰ দিন হুইল চেয়াৰত নলবাৰীৰ চম্পক !

English Summary: Farmers' dreams on the banks of the Dimila River
Published on: 24 December 2022, 04:32 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now