1. News

দাম বাঢ়িল আমূল গাখীৰৰঃ জানক প্ৰতি লিটাৰত কিমান টকা বেছিকৈ দিব লাগিব আপুনি

KJ Staff
KJ Staff
Amul milk
Amul milk

পুনৰ বৃদ্ধি পালে আমুল গাখীৰ মূল্য। ২০২৩ চনৰ বাজেট উপস্থাপনৰ পাছত সাধাৰণ মানুহে সকাহ পোৱাৰ সম্ভাৱনাৰ সময়তে এতিয়া আমূলে গাখীৰৰ মূল্য বৃদ্ধি কৰি সাধাৰণ মানুহৰ আশাত চেঁচাপানী পেলাইছে। আমুলে আমুল পাউচ মিল্কৰ (সকলো প্ৰকাৰ) মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি কৰিছে।

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আন কোম্পানীবোৰেও গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সম্ভাৱনাই দেখা দিছে। ২০২২ চনত আমুলৰ সৈতে, মাদাৰ ডেইৰীয়েও কেইবাবাৰো গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল। এতিয়া এইটো লক্ষণীয় হ’ব যে আন কোম্পানীবোৰেও মূল্য বৃদ্ধি কৰে নে নকৰে।

আমুলে প্ৰকাশ কৰা নতুন তালিকা অনুসৰি, আমুল ফ্ৰেছ ৫০০ মিলি লিটাৰৰ মূল্য ২৭ টকালৈ হ্ৰাস কৰা হৈছে। একে সময়তে, আমুল ফ্ৰেছ ১ লিটাৰৰ মূল্য ৫৪ টকালৈ বৃদ্ধি কৰা হৈছে আৰু একেদৰে আমুল ফ্ৰেছ ২ লিটাৰ আৰু আমুল ফ্ৰেছ ৬ লিটাৰৰ মূল্য ক্ৰমান্বয়ে ১০৮ টকা আৰু ৩২৪ টকা কৰা হৈছে।

ইয়াৰ উপৰি, আমুল গ’ল্ড ৫০০ মিলিলিটাৰ, আমুল গোল্ড ১ লিটাৰৰ মূল্য ক্ৰমে ৩৩ টকা আৰু ৬৬ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে, আমুল ১ লিটাৰ গৰুগাখীৰ আৰু ১ লিটাৰ ম'হৰ গাখীৰৰ মূল্য ক্ৰমান্বয়ে ৫৬ টকা আৰু ৭০ টকালৈ বৃদ্ধি কৰা হৈছে।

লগতে পঢ়কঃ SIMFED EXPO ASSAM: আৰম্ভ হ'ল এক্সপ' ওৱান অৰ্গেনিক নৰ্থইষ্ট ২০২৩

English Summary: Amul milk price hike

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.