Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 November, 2022 2:05 PM IST
Ethanol from Bamboo

বাঁহৰ খেতি কৰা খেতিয়কৰ বাবে ভাল খবৰ। কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত বাঁহে লব বিশেষ ভূমিকা। বৰ্তমান সময়ত তেলত ১০%  ইঠানল মিশ্ৰিত কৰা হৈছে। এই পৰিমাণ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰোলিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অলপতে শিৱসাগৰত অনুষ্ঠিত এক অনুষ্ঠানত এই ঘোষণা কৰে। মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে তেলত ২৫ শতাংশ পৰ্যন্ত ইঠানল মিশ্ৰিত কৰাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে। এই পৰিকল্পনা অনুসৰি ২০২৫ চন পর্যন্ত তেলত ২০ শতাংশ ইঠানলৰ মিশ্ৰণ কৰিব।ইয়াৰ পাছৰ পৰ্যায়ত এই পৰিমাণ ২৫ শতাংশ কৰা হব।

ইঠানল প্ৰস্তুত কৰাৰ বাবে চৰকাৰে বাঁহৰ ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছে। এই ঘোষণাই কৃষক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।এই ব্যৱস্থাৰ বাবে কৃষক সকল উপকৃত হব আৰু কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। এই পৰিকল্পনা বাস্তৱত ৰূপায়ন কৰাৰ বাবে কেন্দ্ৰীয়  চৰকাৰে অসমত ৭ টা ইঠানল প্ৰকল্প স্থাপন কৰিব। ইয়াৰে প্ৰথমটো প্ৰকল্প নুমলীগড় শোধনাগাৰত ২০২৩ বৰ্ষৰ মাৰ্চ অথবা এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব। স্থাপন কৰিব লগা ৭ প্ৰকল্পৰ সৰ্ববৃহৎ প্ৰকল্পটো মঙ্গলদৈত স্থাপন কৰা হব।এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কৌশল ফিনলেণ্ডৰ পৰা আহৰণ কৰা হৈছে বুলি মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰে। বিগত কিছু দিনত ৰাজ্য খনত দুটাকৈ কাগজ কল বন্ধ হৈ যোৱাৰ পাছত বহুতো বাঁহ খেতিয়ক আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল। ৰাজ্যত প্ৰতিষ্ঠা হব লগীয়া ইঠানল প্ৰকল্পই এই লোকচান হ্ৰাস কৰাৰ লগতে বাঁহ খেতি উৎসাহিত কৰিব। সমান্তৰাল ভাৱে কৃষকৰ আৰ্থিক অৱস্থাৰ সলনি কৰিব বুলি মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰে।উল্লেখযোগ্য যে পেট্ৰলিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে যোৱা ১৯ নৱেম্বৰত অনুষ্ঠিত শিৱসাগৰৰ অসম এনাৰ্জী ইনষ্টিটিউটৰ দ্বিতীয় সমাবৰ্তন সমাৰোহত  অংশগ্ৰহণ কৰি ইঠানল সম্পৰ্কীয় এই বিশেষ ঘোষণা কৰে।

উল্লেখযোগ্য যে বাঁহ  পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা ঘাঁহ সমূহৰ ভিতৰত অন্যতম। নিৰ্মান, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্‍স আদি বিভিন্ন প্ৰকাৰৰ কামত বাঁহ ব্যাপক ৰূপত ব্যৱহাৰ কৰা হয়। অসমত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায় আৰু এইবোৰ গ্ৰেমিনি বা পয়েছি গোত্ৰৰ অন্তৰ্গত। বাঁহ গছ ২৪ ঘণ্টাত ৪৭.৫ ইঞ্চিলৈকে বৃদ্ধি হয়।

অৰ্থনৈতিকভাৱে গুৰুত্ব সম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰবাঁহ, বজালবাঁহ আদি বাঁহ অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। বাঁহক"সেউজীয়া সোণ" বুলি অভিহিত কৰা হয়। কাৰণ বাঁহৰ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হয়। বাঁহৰ কাঠি-কামীৰে জেউৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে- জাকৈ, খালৈ, প'ল-জুলুকি আদি তৈয়াৰ কৰা হয়।শেহতীয়াকৈ বাঁহৰ পৰা প্লাই বৰ্ড,টাইলচ আদিও তৈয়াৰ কৰা হৈছে। অসমীয়াত এষাৰী প্ৰবাদ আছে যে যাৰ নাই বাঁহ তাৰ নাই সাহ।কম খৰছৰ  ঘৰ বনোৱা কামতো  বাঁহৰ বহুল ভাৱে ব্যৱহাৰ কৰা হয় বাবে বাঁহক দুখীয়াৰ কাঠ বুলিও কোৱা হয়। তাঁতশালৰ প্ৰায়বিলাক সামগ্ৰীয়েই বাঁহৰ পৰা তৈয়াৰ কৰা হয়। একেদৰে খাদ্য হিচাপেও

বাঁহৰ গাজৰ পৰা খৰিচা প্ৰস্তুত  কৰা হয়। ভৱিষ্যতৰ তেলত বাঁহৰ পৰা প্ৰস্তুত কৰা ইঠানিলৰ মিশ্ৰণ কৰাৰ যি পৰিকল্পনা কৰা হৈছে সেই পৰিকল্পনাই বাঁহৰ যে ভৱিষ্যত অতি উজ্বল সেই কথাকে প্ৰতিপন্ন কৰিছে।অসমৰ জলবায়ুত বাঁহ স্বাভাৱিক ভাবেই হয়।এই স্বাভাৱিক ভাবে হোৱা বাঁহক যদি অসমীয়া কৃষকে ব্যৱসায়িক ভিত্তিত কৰে তেন্তে অনাগত সময়ত বাঁহে খুলিব প্ৰাচুৰ্যৰ দুৱাৰ।প্রতি হেক্টৰ ভূমিত বাঁহৰ খেতি কৰিলে ১০০০ বাঁহৰ পুলি ৰোপণ কৰিব পাৰি।এই পুলিবোৰ ৩০ টকাৰ পৰা ৫০ টকাৰ ভিতৰত পোৱা যায়।এটা পুলিৰ পৰা ৪ ৰ পৰা ২০০  বিক্ৰী যোগ্য বাঁহ পোৱা যায়।এনে অৱস্থাত প্ৰতিটো পুলিৰ পৰা এক বুজন পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰি।

লগতে পঢ়ক-Soyabean Cultivation: অসমত চয়াবিন খেতিৰ সম্ভাৱনীয়তা

মুজাহিদ আলি, শিৱসাগৰ

৭০০২০-৫৫২৫২

English Summary: Ethanol from Bamboo
Published on: 21 November 2022, 02:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now