1. News

আপোনাৰ পৰা ক্ৰয় কৰা ২ টকা মূল্যৰ নেমুটো বজাৰত হয়গৈ ১০ টকা। এনেদৰেই দীৰ্ঘদিনে কৃষকক লুটি আহিছে মধ্যভোগীয়ে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অনলাইন মাৰ্কেটিং
অনলাইন মাৰ্কেটিং

কৃষকসকলৰ আৰ্থিভাৱে স্বচ্চল, উপাৰ্জন বৃদ্ধি, আৰু উৎপাদিত সামগ্ৰীৰ সথিক মূল্য লাভৰ বাবে কৃষি মন্ত্ৰালয়ে প্ৰস্তুত কৰি উলিয়াই এখন অনলাইন বজাৰ। নাম ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি বজাৰ।  চমুকৈ  eNAM  কঢ়িয়াই আনিছে কৃষকৰ বাবে এই বিশেষ ভাল খবৰ।  ই কৃষিজাত সামগ্ৰীৰ বিক্ৰিৰ এক অনলাইন প্লেটফৰ্ম। ব্যৱসায়ীসকলে অনলাইন মাধ্যমেৰে সামগ্ৰীৰ ক্ৰয় কৰিব পাৰিব। আৰু কৃষকসসকলে eNAMৰ মাধ্যমেৰে  সহজে তেওঁলোকৰ শস্য বিক্ৰী কৰিব পাৰিব উচিত মূল্যৰ সৈতে। পূৰ্বে কৃষকসকলে তেওঁলোকৰ শস্যৰ বাবে ভাল মূল্য পাবলৈ স্থানীয় ব্যৱসায়ীসকলৰ ওপৰত নিৰ্ভৰ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে তেওঁলোকৰ শস্যৰ বাবে কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগিব, কিয়নো ৰাষ্ট্ৰীয় বজাৰৰ পৰা কৃষি উৎপাদন বজাৰ সমিতিসমূহক একত্ৰিত কৰিছে। ই কৃষক আৰু ব্যৱসায়ীসকলক পোনপটীয়াকৈ সম্পৰ্ক স্থাপনৰ এখন মঞ্চ দিছে।

উল্লেখ্য যে বহু কৃষকেই এই নতুন প্ৰযুক্তিৰ সথিক ব্যৱহাৰ নাজানে। কৃষকসকলক  চৰকাৰৰ ফালৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। যাতে কৃষকসকলে তেওঁলোকৰ শস্য অনলাইনত বিক্ৰী কৰাত কোনো সমস্যাৰ সৃষ্টি নহয়। এতিয়ালৈকে, কৃষকসকলৰ সুবিধাৰ বাবে ১৩ খন ৰাজ্যৰ ৪৫৫ টা মাৰ্কেটিং সন্থাই এই মঞ্চত যোগ দিছে। উল্লেখ্য যে ই-ৰাষ্ট্ৰীয় কৃষি বজাৰে কেৱল দেশৰ কৃষকসকলক লাভান্বিত কৰাই নহয়, ই বিদেশৰ ব্যৱসায়ীসকলকো লাভান্বিত কৰিব। এই পৰ্টেলটোৱে সকলো  ব্যৱসায়িক সন্থাক অনলাইনত একেলগে সংযোগ কৰিব। ইয়াৰ সহায়ত, কৃষক আৰু ব্যৱসায়ীসকলে একে ঠাইৰ পৰা বা আনকি তেওঁলোকৰ ঘৰৰ পৰাও শস্যৰ  উচিত মূল্য  লাভ কৰাৰ স্থল আছে।

eNAM পৰ্টেলৰ সুবিধাসমূহ-

  • ইয়াত, কৃষকসকলে তেওঁলোকৰ নিজৰ শস্যৰ বাবে নিবিদা দিব পাৰে।
  • ব্যৱসায়ীসকলে ঘৰত বহি তেওঁলোকৰ ব্যৱসায়ৰ পৰা লাভ উঠাব পাৰিব।
  • এখন অনুজ্ঞাপত্ৰৰ পৰা সকলো বজাৰ দখল কৰিব পাৰিব।
  • এই সকলো সুবিধাৰ উপৰিও কৃষকসকলে শস্যৰ মানদণ্ড আৰু আন বহুতো তথ্য লাভ কৰিব।

কেনেদৰে eNAM পৰ্টেলত অন্তৰ্ভুক্ত কৃষক-ব্যৱসায়ীসকলে-

  • যদি আপুনিও এই পৰ্টেলত যোগদান কৰিব বিচাৰে, তেন্তে আপুনি প্ৰথমে এই পৰ্টেলত আপোনাৰ ৰাজ্যৰ বজাৰ বাছনি কৰিব লাগিব আৰু তাৰ পিছত ই ৰাজ্যিক কৃষি বিপণন সংস্থাৰ ওচৰলৈ যাব লাগিব।
  • তাৰ পিছত আপুনি সেই ব্যৱসায়ৰ বাবে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব।
  • কৃষকজনেও এই পৰ্টেলত শস্য বিক্ৰী কৰিবলৈ নাম পঞ্জীয়ন কৰিব লাগিব।
  • এই বিষয়ত কৃষকজনক প্ৰয়োজনীয় তথ্যসমূহ সোধা হ'ব।
  • পৰৱৰ্তী সময়ত আপোনাৰ ওচৰত এটা পাছৱৰ্ড আহিব। এই পাছৱৰ্ডৰ দ্বাৰা আপুনি এই পৰ্টেলত ছাইন ইন কৰিবলৈ সক্ষম হ'ব।
  • তাৰ পিছত আপুনি আপুনি আপোনাৰ বিক্ৰিব বিচৰা শস্যৰ ফটো পৰ্টেলত আপলোড কৰিব লাগিব।
  • ইয়াৰ পিছত, ব্যৱসায়ীসকলে শস্যৰ বাবে নিবিদা দিয়ে। খেতিয়কসকলৰ অনুমোদনৰ পিছতহে শস্য বিক্ৰী কৰা হ'ব।
  • eNAM এটা এপ। ইয়াক গুগল প্লে ষ্টৰৰ পৰা কৃষকসকলে ডাউন কৰিব পাৰি।

উল্লেখ্য যে eNAM পৰ্টেলে কৃষকসকলক যথেষ্ট সহায় কৰিব। বিশেষকৈ সথিক মূল্য লাভ কৰাত। কিয়নো  আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ কৃষকৰ পৰা  ২ টকাত নিয়া নেমুটো বজাৰত ব্যৱসায়ীয়ে ১০ টকাত বিক্ৰি কৰে। ইয়াৰ ফলত  কৃষকে সথিক মূল্য লাভ নকৰে। কিন্তু  eNAM মঞ্চই এই মধ্যভোগীসকলৰ মুখত চুন দিব।

লগতে পঢ়ক- e-NAM, PoP কি? ই কেনদৰে সহায় কৰিব কৃষক!

English Summary: eNAM Plateforms Will Give The Real Price Of The Produce Of The Farmer

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.