Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 February, 2023 6:29 PM IST
Child Marriage Assam

অসমত আৰম্ভ হ’ল বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজ্যৰ প্ৰতিখন জিলাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে বাল্য বিবাহৰ সৈতে জড়িত কেইবাশ লোক। আজি পুৱা ৮ বজালৈ ৰাজ্যৰ ১৮০০জন লোক আৰক্ষীৰ জালত পৰিছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটীত বাল্য বিবাহেৰে জড়িত ৫৩জনক আটক। দিছপুৰত ২জনক আটক কৰাৰ বিপৰীতে হাতীগাঁও আৰক্ষীয়ে আটক কৰে ১২জনক। বশিষ্ঠ আৰক্ষীয়ে আটক কৰে ৬জনক। সোণাপুৰ আৰক্ষীৰ জালত ৯জন আৰু ক্ষেত্ৰী আৰক্ষীয়ে আটক কৰে এজনক।

বিশ্বনাথত বাল্য বিবাহত জড়িত ১২৯জনক আটক। বিশ্বনাথ চাৰিআলী আৰক্ষী থানাত ২২জন, চতিয়াত ২২, জিনজিয়া আৰক্ষী থানাত ২০জন, বিহালীত ২৫, হেলেম আৰক্ষী থানাত ৪জন আৰু গহপুৰ আৰক্ষী থানাত আটক ৩২জনক।

ৰূপহীহাট আৰক্ষীয়ে জব্দ কৰিলে কেৰালা অভিমুখী এখন ট্ৰেভেলাৰ। সোধা–পোছাৰ বাবে আটক বাহনখনত থকা ৫৮জন লোকক। আটক হোৱাৰ ভয়ত এই লোকসকলে বহিঃৰাজ্যলৈ পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে।

আনহাতে, বাল্য বিবাহৰে সৈতে জড়িতৰ অভিযোগত ধুবুৰী জিলাৰ পৰা মুঠ ১২৮জন আটক কৰা হৈছে। ইয়াৰে ধুবুৰীৰ পৰা ২৪জন, ১৭জন গৌৰীপুৰৰ, ৩২জন বিলাসীপাৰাৰ, সাপটগ্ৰামৰ পৰা ৩জন, আগমনিৰ পৰা ৯জন, চাপৰৰ পৰা ৯জন, গোলকগঞ্জৰ পৰা ২৬জন, তামাৰহাটৰ পৰা ৮জনক আটক কৰা হৈছে।

দক্ষিণ শালমাৰা মানকাচৰৰ পৰা ৩৮জনক আটক কৰিছে আৰক্ষীয়ে। হাজো আৰক্ষীৰ অভিযানত জালত পৰিছে ১২জন। ইয়াৰে চাৰিজন বাল্য বিবাহ কৰা স্বামী, ৪জন পিতৃ, ২ শহুৰ, ২ ভাতৃ। হাজোৰ হিৰাজেনী, একাদী, দ-বৰ্ণি, মিলপাৰা আৰু খোপনিকুছিত অভিযান চলাই আটক কৰিছে এই লোকসকলক।

জাগীৰোডৰ পৰা বাল্য বিবাহ কৰা দুজনক আটক। মাজুলীৰ পৰা ২৩জন নাবালিকা বিয়া পতা লোকক আটক কৰে আৰক্ষীয়ে। মৰিগাঁৱৰ ৬০জনক আটক কৰাৰ বিপৰীতে নগাঁৱৰ পৰা মুঠ ১৩২জনক আটক কৰা হৈছে। 

ইফালে, ওদালগুৰিৰ পৰা ৩১জনক আটক কৰা হৈছে। শিৱসাগৰৰ পৰা বাল্য বিবাহৰ সৈতে জড়িতৰ অভিযোগত ১৩জনক আটক। বাল্য বিবাহ সংক্ৰান্তীয় গোচৰত হোজাইত ৯১জনক আটক। আনহাতে, কোকৰাঝাৰত ৮৫, বৰপেটাত ১১০জন, গোৱালপাৰাত ৩০জন, বঙাইগাঁৱত ৮৩জন, চিৰাঙত ৪০জন, গোলাঘাটত ৪জন, উত্তৰ গুৱাহাটীত এজন জালত পৰিছে। দৰঙত বাল্য বিবাহৰে জড়িতৰ অভিযোগত ৩১জনক আটক। ডিব্ৰুগড়ত ৭, কৰিমগঞ্জক ৭৯জনক আটক কৰিছে আৰক্ষীয়ে। (উৎসঃ নিউজ১৮ অসম নৰ্থইষ্ট)


লগতে পঢ়কঃ খোল খালে কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিঃ চিঠিত হোমেন বৰগোহাঞি, প্ৰদীপ আচাৰ্যকে ধৰি বহু বিশিষ্ট লোকৰ নাম

English Summary: Drive against child marriage in assam
Published on: 03 February 2023, 01:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now